ETV Bharat / state

Rongatapu 1982: শীঘ্ৰেই আহি আছে সত্য ঘটনাৰ আলমত নিৰ্মিত অসমীয়া ছবি ৰঙাটাপু 1982

author img

By ETV Bharat Assamese Team

Published : Oct 30, 2023, 10:46 AM IST

Updated : Oct 30, 2023, 11:26 AM IST

লালেটাপুত সংঘটিত সংঘৰ্ষক সামৰি আহি আছে অসমীয়া ছবি "ৰঙাটাপু 1982" । অহা 24 নৱেম্বৰত ছবিগৃহত মুক্তি দিয়া হ’ব "ৰঙাটাপু 1982" ছবিখন ।

Assamese film Rongatapu 1982 based on a true story will be released on November
অহা ২৪ নৱেম্বৰত ছবিগৃহলৈ আহি আছে অসমীয়া ছবি ৰঙাটাপু 1982

গুৱাহাটী, 30 অক্টোবৰ: পুনৰ অসমীয়া ছবি প্ৰেমীসকলৰ বাবে ভাল খবৰ । অহা 24 নৱেম্বৰত ছবিগৃহলৈ আহি আছে অসমীয়া ছবি "ৰঙাটাপু 1982"। ৰাজ্যৰ প্ৰায় কেইটা ছবিগৃহতেই মুক্তি দিয়া হ’ব ছবিখন । অসমৰ লালেটাপুত সংঘটিত সংঘৰ্ষক সামৰি নিৰ্মাণ কৰা হৈছে "ৰঙাটাপু 1982" ছবিখন ।

শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ লালেটাপু অঞ্চলত 80 দশকত বহিৰাগত লোকসকলৰ সৈতে হোৱা থলুৱাৰ সংগ্ৰামক সামৰি এটা সঁচা কাহিনীৰ ওপৰত আধাৰ কৰি নিৰ্মাণ কৰা হৈছে ছবিখন । 80 ৰ দশকত ৰাজ্যৰ বিভিন্ন অঞ্চললৈ প্ৰব্ৰজন কৰা সন্দেহযুক্ত লোক আৰু স্থানীয় লোকৰ মাজত সঘনাই সংঘৰ্ষৰ সৃষ্টি হৈছিল । এনে বহু সন্দেহযুক্ত লোকে বিভিন্ন সময়ত লালেটাপু অঞ্চলত আহি বসতি স্থাপন কৰিছিল ।

উল্লেখ্য যে, 1982 চনৰ 20 মাৰ্চত বহিৰাগত লোকৰ সৈতে হোৱা সংঘৰ্ষত লালেটাপুত 8 গৰাকীকৈ ব্যক্তি শ্বহীদ হৈছিল । ইয়াৰে ভিতৰত আছিল ভূপেন ডেকা, বলীন নাথ, প্ৰসন্ন বৰুৱা, বীৰেণ মিশ্ৰ, শ্যাম কুণ্ডু, জয়ৰাম বৰুৱা, পলাশ ৰাজবংশী তথা বল্লভ নাথ । তেওঁলোকৰ জীৱন সংগ্ৰামৰ কাহিনীক লৈয়ে নিৰ্মাণ কৰা হৈছে এই ছবিখন ।

ছবিখনৰ ট্ৰেইলাৰ, পোষ্টাৰ ইত্যাদিয়ে দৰ্শকক যথেষ্ট আকৰ্ষিত কৰা দেখা গৈছে । বিআৰচি চিনে প্ৰডাকচনৰ বেনাৰত নিৰ্মাণ কৰা অসমীয়া ছবি "ৰঙাটাপু 1982" পৰিচালনা আদিত্যম শইকীয়াৰ । আনহাতে ছবিখন প্ৰযোজনা কৰিছে অৰুণ কুমাৰ ৰয় আৰু অজয় কুমাৰ ৰয়ে । ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে জনপ্ৰিয় অভিনেত্ৰী আইমী বৰুৱা, ৰিম্পী দাস আৰু অভিনেতা গুঞ্জন ভৰদ্বাজে । আনহাতে আন গুৰুত্বপূৰ্ণ চৰিত্ৰসমূহত অভিনয় কৰিছে ক্ৰমে বিবেক বৰা, কল্পনা কলিতা, ভাগীৰথী, অলিষ্মিতাকে আদি কৰি বহুতো ন-পুৰণি অভিনেতা-অভিনেত্ৰীয়ে । ছবিখনক লৈ এতিয়া আশাবাদী ছবিখনৰ পৰিচালক তথা কলা-কুশলীসকল ।

লগতে পঢ়ক: Tejas Collection : 4 খন ফ্লপ ছবি দিয়াৰ পিচত ভাঙি পৰিব নেকি কংগনা ? এতিয়া আন এখন ফ্লপ হোৱাৰ পথত

Last Updated : Oct 30, 2023, 11:26 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.