ETV Bharat / state

অন্তৰ্ধান হ’ব হিতাধিকাৰী সৃষ্টি কৰা আঁচনি - Beneficiary Scheme of Assam Govt

শীৰ্ঘেই ৰাজ্যত অন্তৰ্ধান হ’ব হিতাধিকাৰী ৷ ইতিমধ্যে হিতাধিকাৰীয়ে কঁকাল বেঁকা কৰিছে ৰাজ্য চৰকাৰৰ ৷ সেয়েহে আগন্তুক বাজেট অধিৱেশনত (Assam Budget 2022)লোৱা নহ’ব কোনো হিতাধিকাৰী সৃষ্টিৰ আঁচনি ৷

Beneficiary Scheme of Assam Govt
অন্তৰ্ধান হ’ব হিতাধিকাৰী সৃষ্টি কৰা আঁচনি
author img

By

Published : Feb 4, 2022, 6:32 PM IST

গুৱাহাটী, ৪ ফেব্ৰুৱাৰী: যদিওবা এই পৰ্যন্ত আনুষ্ঠানিকভাৱে বিধানসভাৰ আগন্তুক বাজেট অধিবেশনৰ দিন ঘোষণা কৰা হোৱা নাই তথাপি ১৪ মাৰ্চৰ পৰা বাজেট অধিৱেশন অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে (Assam Budget 2022) । ইতিমধ্যে ৰাজ্যিক কেবিনেটেও ১৪ মাৰ্চৰ পৰা বাজেট অধিৱেশন অনুষ্ঠিত কৰিবলৈ ৰাজ্যপালক অনুৰোধ জনাইছে ।

বিত্তমন্ত্ৰী হিচাপে অজন্তা নেওগে এইবাৰ দ্বিতীয়খন বাজেট দাখিল কৰিব । ইতিমধ্যে ৰাজ্যৰ বিত্ত বিভাগেও পূৰ্ণ প্ৰস্তুতি চলাইছে নতুন বাজেটৰ । বিত্ত বিভাগৰে এক সুত্ৰৰ পৰা প্ৰাপ্ত খবৰ অনুসৰি এইবাৰ দাখিল হ’বলগীয়া আগন্তুক বাজেটত কোনোধৰণৰ হিতাধিকাৰী সৃষ্টি কৰিবলগীয়া আঁচনিৰ ঘোষণা নাথাকিব । কিয়নো বিগত বৰ্ষৰ বাজেটত এনে বহু হিতাধিকাৰী সৃষ্টিৰ আঁচনি ঘোষণা কৰি সেইবিলাক কাৰ্যকৰী কৰোতে সম্প্ৰতি ৰাজকোষৰ অবস্থা তথৈবচ । হিতাধিকাৰীক সন্তুষ্ট কৰোতে কৰোতে ৰাজভঁৰালৰ তলি ইতিমধ্যে উদং হৈছে ।

অৰুন্ধতী, স্বয়ম, অৰুণোদয় আদিকে ধৰি অনেক হিতাধীকাৰী সৃষ্টিৰ আঁচনি বিগত বৰ্ষৰ বাজেটৰ মতে এতিয়াও চলি আছে যাৰ বাবে চৰকাৰে ব্যয় কৰিবলগীয়া হৈছে কেইবাহাজাৰো কোটি টকা । ইয়াৰোপৰি মাইক্ৰ'ফাইনেঞ্চৰ ঋণ ৰেহাইৰ নামতো চৰকাৰখনৰ কঁকাল বেকা হৈছে । যাৰ বাবে এতিয়ালৈকে ১৮ হাজাৰ কোটি টকাতকৈও অধিক ধন ৰাজ্য চৰকাৰে বিভিন্ন উৎসৰ পৰা ঋণ লবলগীয়া হৈছে । সেয়েহে আগন্তুক বাজেটত হিতাধীকাৰীৰ বাবে আৰু কোনো আঁচনিৰ(Beneficiary scheme Assam) ঘোষণা নথকাৰ সম্ভাৱনাই অধিক ।

লগতে পঢ়ক: PSO Withdrawal: মুখ্যমন্ত্রীৰ আহ্বানৰ পাছতে প্ৰত্যাহাৰ হ'ল ৭২৬ জন নিৰাপত্তাৰক্ষী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.