গুৱাহাটী, ২২ ছেপ্টেম্বৰ : অসম উন্নতি সভাই ৰাজ্যত চলাব অৰ্থনৈতিক স্বাৱলম্বিতাৰ সংগ্ৰাম ৷ হাতত লোৱা হ'ব কেইবাটাও অৰ্থনৈতিক প্ৰকল্প ৷ অসমৰ প্ৰতিজন নিবনুৱাৰ বাবে এই পৰিকল্পিত অৰ্থনৈতিক সংগ্ৰাম ৷ ৰাজ্যজুৰি অৰ্থনৈতিক জৰীপ চলাব অসম উন্নতি সভাই ৷ এই কথা শুকুৰবাৰে সংবাদমেলত সদৰী কৰিছে অসম উন্নতি সভাই ৷
সভাৰ সভাপতি ড° সমুজ্জ্বল ভট্টাচাৰ্যই সংবাদমেল সম্বোধন কৰি কয়, আছুৱে অসমত পৰিকল্পিত অৰ্থনৈতিক সংগ্ৰাম আগুৱাই নিয়াৰ লক্ষ্যৰে অসম উন্নতি সভা গঠন কৰিছিল ৷ ৰাজ্যজুৰি অৰ্থনৈতিক জৰীপ চলাবলৈ সিদ্ধান্ত গ্ৰহণ কৰাৰ লগতে কেইবাটাও অৰ্থনৈতিক প্ৰকল্প কাৰ্যকৰী কৰিবলৈ সিদ্ধান্ত লোৱা হৈছে ৷ ৰাজ্যজুৰি জিলাই জিলাই হ’ব অর্থনৈতিক জৰীপ ৷ সমগ্ৰ অসমৰ প্ৰতিখন জিলাত অসম উন্নতি সভাই অৰ্থনৈতিক জৰীপ চলাব ৷ প্ৰতিখন জিলা ছাত্ৰ সন্থা আৰু জিলা উন্নতি সভাই যৌথভাৱে জিলাই জিলাই এই অর্থনৈতিক জৰীপ চলাব ৷
তেওঁ কয় যে, নিবনুৱা যুৱক-যুৱতীৰ সংস্থাপনৰ বিভিন্ন উপায়, কৃষক ৰাইজৰ উৎপাদন বৃদ্ধিৰ উপায়, মহিলাৰ অৰ্থনৈতিক সৱলীকৰণৰ উপায়, অর্থনৈতিক প্রকল্প হাতত ল'ব পৰাকৈ সম্ভাৱনাৰ ক্ষেত্ৰ নিৰ্বাচন, বজাৰ সৃষ্টি আৰু নিয়ন্ত্ৰণৰ বিষয়ে এই অর্থনৈতিক জৰীপ কৰা হ'ব ৷ জিলাৰ এই জৰীপৰ আধাৰত উন্নতি সভাই প্রয়োজনীয় পদক্ষেপ গ্রহণ কৰিব ৷ এই বিষয়ত বিভিন্ন ক্ষেত্ৰৰ বিশেষজ্ঞৰপৰা উন্নতি সভাই পৰামৰ্শ গ্ৰহণ কৰিব ৷ ৰাজ্যজুৰি উন্নতি সভাৰ কেইবাটাও অর্থনৈতিক প্রকল্প কাৰ্যকৰী কৰাৰ সিদ্ধান্ত ৷ ৰাজ্যজুৰি চলাব বিচৰা অৰ্থনৈতিক জৰীপৰ সমান্তৰালভাৱে অসম উন্নতি সভাই অসমৰ বিভিন্ন ঠাইত কেইবাটাও অর্থনৈতিক প্রকল্প হাতত লৈছে ৷
ডিব্ৰুগড় জিলাৰ মাইজানত ১০০ বিঘা মাটিত সৰিয়হ খেতি আৰু ৪০ বিঘা মাটিত ৰঙালাও খেতি কৰা হ’ব ৷ অসম উন্নতি সভাই ডিব্ৰুগড় জিলা উন্নতি সভা আৰু সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ যৌথ উদ্যোগত ডিব্ৰুগড় জিলাৰ মাইজানত ১০০ বিঘা মাটিত সৰিয়হ খেতি আৰু ৪০ বিঘা মাটিত ৰঙালাওৰ খেতি আৰম্ভ কৰিব ৷ ৬ অক্টোবৰত এই কৃষিকৰ্মৰ শুভাৰম্ভ কৰা হ'ব ৷ ইফালে চাচনিত মাছ উৎপাদনৰ পদক্ষেপ লোৱা হ'ব ৷ শিৱসাগৰ জিলাত সন্মিলিত সেৱা, শিৱসাগৰ আৰু অসম উন্নতি সভাৰ যৌথ উদ্যোগত বয়ন শিল্প কেন্দ্র স্থাপন কৰা হ’ব ৷ সন্মিলিত সেৱা, শিৱসাগৰ আৰু শিৱসাগৰ জিলা উন্নতি সভাৰ যৌথ উদ্যোগত শিৱসাগৰত এটা বয়ন শিল্পৰ কেন্দ্ৰ গঢ়ি তোলা হ'ব ৷ এই বয়ন কেন্দ্ৰত শিপিনীসকলক জড়িত কৰি গামোচা উৎপাদন কৰা হ'ব ৷
গোৱালপাৰা জিলাত ৩০ খন শালেৰে ১০০ গৰাকী শিপিনীৰে গামোচা উৎপাদন কৰা হ’ব ৷ অসম উন্নতি সভাই গোৱালপাৰা জিলা উন্নতি সভা আৰু গোৱালপাৰা জিলা ছাত্ৰ সন্থাৰ উদ্যোগত ৩০ খন শালেৰে ১০০ গৰাকী শিপিনীক জড়িত কৰি গামোচা উৎপাদনৰ প্ৰকল্প আৰম্ভ কৰিব ৷ গোলাঘাট জিলাত কল, অমিতা, সৰিয়হ, মাটিমাহ, কুঁহিয়াৰ, নেমু, মৌ উৎপাদনৰ পৰিকল্পনা হাতত লৈছে সভাই । অসম উন্নতি সভাই গোলাঘাট জিলা উন্নতি সভা আৰু গোলাঘাট জিলা ছাত্ৰ সন্থাৰ যৌথ উদ্যোগত ইতিমধ্যে ৫০ বিঘা মাটিত অমৃত সাগৰ প্ৰজাতি কলৰ খেতি আৰম্ভ কৰিছে ৷ ইতিমধ্যে অমিতা খেতিও আৰম্ভ কৰা হৈছে ব্ৰহ্মপুত্ৰৰ চাপৰিত ৷ ৫০০ বিঘা মাটিত সৰিয়হ, মাটিমাহ, কুঁহিয়াৰ, নেমু, মৌ উৎপাদনৰ পৰিকল্পনা কৰা হৈছে ৷
নলবাৰীত ১০০ বিঘা মাটিত সৰিয়হ, ৫০ বিঘা মাটিত ধনিয়া খেতি কৰা হ’ব ৷ অসম উন্নতি সভাই নলবাৰী জিলা উন্নতি সভা আৰু নলবাৰী জিলা ছাত্ৰ সন্থাৰ যৌথ উদ্যোগত ১০০ বিঘা মাটিত সৰিয়হ আৰু ৫০ বিঘা মাটিত ধনিয়া খেতি আৰম্ভ কৰিব ৷ অসম উন্নতি সভাই নগাঁও জিলা উন্নতি সভা আৰু নগাঁও জিলা ছাত্ৰ সন্থাৰ যৌথ উদ্যোগত- কলিয়াবৰৰ চিলাবন্ধাক শিপিনী গাঁও হিচাপে গঢ়ি তুলিছে ৷ ৫০ গৰাকী শিপিনীৰে গামোচা উৎপাদন আৰম্ভ কৰিছে ৷ অসম উন্নতি সভাই বাক্সা জিলা উন্নতি সভা আৰু বাক্সা জিলা ছাত্ৰ সন্থাৰ যৌথভাৱে ইতিমধ্যে হৈ থকা ৩০ বিঘা মাটিৰ নেমু খেতিক সম্প্ৰসাৰণ কৰিব ৷ লগতে বজাৰ সৃষ্টিৰো ব্যৱস্থা কৰিব ৷ অসম উন্নতি সভাই তামুলপুৰ জিলা উন্নতি সভা আৰু তামুলপুৰ জিলা ছাত্ৰ সন্থাই যৌথভাৱে ৪০ বিঘা মাটিত মালভোগ কলৰ খেতি আৰম্ভ কৰিব ৷