ETV Bharat / state

কৰ’ণাৰ বিভীষিকাত স্তব্ধ ৰাজ্যৰ পৰ্যটন উদ্যোগ

author img

By

Published : Nov 19, 2020, 2:30 PM IST

পৰ্যটনৰ বাবে বিখ্য়াত উত্তৰ-পূৰ্বাঞ্চলৰ দুৱাৰডলি অসমত এইবাৰ পৰ্যটকৰ সংখ্যা পূৰ্বতকৈ হ্ৰাস পাইছে ৷ তথাপিও দেশীয় তথা থলুৱা পৰ্যটকে ক’ভিডকো নেওচি সঁহাৰি আগবঢ়োৱা বুলি অসম পৰ্যটন বিভাগৰ সঞ্চালক দেৱ কুমাৰ মিশ্ৰই এই কথা সদৰি কৰে ৷

কৰ’ণাৰ বিভীষিকাত স্তব্ধ ৰাজ্যৰ পৰ্যটন উদ্যোগ
কৰ’ণাৰ বিভীষিকাত স্তব্ধ ৰাজ্যৰ পৰ্যটন উদ্যোগ

গুৱাহাটী,19 নৱেম্বৰ : প্ৰকৃতিৰ অপূৰ্ব নান্দনিক ৰূপ, জনগোষ্ঠীয় বৈশিষ্ট্য আৰু জীৱ-জন্তু,পশু-পক্ষীৰ ক্ষেত্ৰত বিশ্বৰ যিকোনো ঠাইৰ পৰ্যটনৰ কেন্দ্ৰবিন্দু হৈছে উত্তৰ-পূৰ্বাঞ্চলৰ দুৱাৰডলি অসম । প্ৰকৃতিৰ অনুপম সৌন্দৰ্যৰে ভৰপূৰ অসমৰ সেউজী বিনন্দীয়া পাহাৰ-ভৈয়াম, নদ-নদী, খাল-বিল, পথাৰ সকলোতে এতিয়া হেমন্তৰ হিমচেঁচা কুঁৱলীৰ আচ্ছাদন । এই নান্দনিক শোভাই যেন আকৰ্ষণ কৰে আলহী পক্ষীক । সমান্তৰালভাৱে আকৰ্ষণ কৰে দেশী-বিদেশী পৰ্যটকক ।

নৱেম্বৰ মাহ সোমোৱাৰ পাচতেই অসমৰ বিভিন্ন পৰ্যটনস্থলীত ভিৰ কৰেহি দেশী-বিদেশী পৰ্যটকে । কাজিৰঙা মাজুলী আদি পৰ্যটনস্থলীত পৰ্যটকেৰে বিৰ দি বাট নোপোৱা হয় অৱস্থা পৰিলক্ষিত হয় । কিন্তু এইবেলি কালৰূপী কৰ’ণাই যেন সকলো নষ্ট কৰিলে । পূৰ্বৰ দৰে এইবাৰ বিশ্বৰ একমাত্ৰ এশিঙীয়া গঁড় চাবলৈ কাজিৰঙাত দেখা পোৱা নগ’ল বিদেশী আলহীৰ ভিৰ । আনফালে উৰুঙা হৈ ৰৈছে মাজুলীৰ সত্ৰসমূহো । বিশ্ববিখ্যাত মাজুলীৰ ৰাসতো দেখা পোৱা নাযাবা আশানুৰূপ দৰ্শনাৰ্থী ।

অৱশ্যে অসম পৰ্যটন বিভাগৰ সঞ্চালক দেৱ কুমাৰ মিশ্ৰই জনোৱা মতে,যদিও এইবাৰ বিদেশী পৰ্যটকৰ সংখ্যা তেনেই নগণ্য তথাপিও দেশীয় তথা থলুৱা পৰ্যটকে ক’ভিডকো নেওচি সঁহাৰি আগবঢ়াইছে । পৰ্যটকসকলৰ বাবে সকলো ক’ভিড নিৰাপত্তাৰ ক্ষেত্ৰত প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিছে পৰ্যটন বিভাগে ।

আনহাতে, 1989 চনৰ পৰাই পৰ্যটন সেৱা আগবঢ়াই থকা জংঘল ট্ৰেভেল ইণ্ডিয়াৰ কাৰ্যনিৰ্বাহক সঞ্চালক নিৰ্মাল্য চৌধুৰীয়ে জানিবলৈ দিয়া অনুসৰি বিগত তিনিটা দশকৰ ভিতৰত এইবাৰেই অসমলৈ আটাইতকৈ নিম্ন সংখ্যক পৰ্যটকৰ আগমণ ঘটিছে । ইয়াৰ বাবে মহামাৰী কৰ’ণাকে জগৰীয়া কৰে জংঘল ট্ৰেভেল ইণ্ডিয়াৰ কাৰ্যনিৰ্বাহক সঞ্চালক চৌধুৰীয়ে ৷

লগতে পঢ়ক : হাহিমত অব্যাহত আছে বনৰীয়া হাতীৰ তাণ্ডৱ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.