ETV Bharat / state

লক্ ডাউন : বৃহৎ ক্ষতি পূৰাবলৈ অসম পৰ্যটনে কৰিছে নতুন পৰিকল্পনা ! - assam tea garden

"কা" বিৰোধী আন্দোলন আৰু লক ডাউনত ৩ হাজাৰ কোটিৰ ক্ষতি পৰ্যটন বিভাগৰ ৷ কেনেকৈ পূৰণ কৰা হব এই বৃহৎ ক্ষতি ? পৰ্যটন বিভাগে যুগুতাইছে নতুন পৰিকল্পনা

ASSAM TOURISM INDUSTRY
ASSAM TOURISM INDUSTRY
author img

By

Published : May 4, 2020, 8:44 PM IST

গুৱাহাটী, 4 মে' : যিসময়ত অসমলৈ দলে দলে দেশী-বিদেশী পৰ্যটকৰ আগমন ঘটে , সেই সময়খিনিতে এইবাৰ বৃহৎ লোকচানৰ সন্মুখীন হ'বলগীয়া হ'ল ৰাজ্যৰ পৰ্যটন বিভাগ । প্ৰথমে আৰম্ভ হ'ল "কা" বিৰোধী আন্দোলন । তাৰ পিছত চলিল ধাৰাবাহিক লক্ ডাউন । এই দুয়োটাই প্ৰায় তিনি হাজাৰ কোটি টকাৰ লোকচানৰ মুখলৈ লৈ গল অসমৰ পৰ্যটন উদ্যোগক । এতিয়া কিদৰে এই বৃহৎ ক্ষতিৰ কিছু অংশ হ'লেও কম কৰিব পাৰি তাৰেই ৰূপৰেখা প্ৰস্তুত কৰাত ৰাজ্যৰ পৰ্যটন বিভাগ ব্যস্ত হৈ পৰিছে ।

ASSAM TOURISM INDUSTRY
অসমৰ ঐতিহ্য ৰংঘৰ

অসম পৰ্যটনে অনাগত দিনত সৰ্বাধিক গুৰুত্ব দিব ঘৰুৱা পৰ্যটনত ৷ ইটিভি ভাৰতক জনালে পৰ্যটন সঞ্চালক দেৱ কুমাৰ মিশ্ৰই ৷ অসমৰ বিভিন্ন পৰ্যটনস্থলীৰ প্ৰতি অসম-উত্তৰ পূৱৰ লোকক আকৰ্ষিত কৰিবলৈ ল'ব বিশেষ পদক্ষেপ ৷ ইতিমধ্যে বিভাগীয় বিষয়া-ট্যুৰ অপাৰেটৰৰ বৈঠকো সম্পন্ন হৈছে ৷ বিভাগীয় সঞ্চালক গৰাকীয়ে আৰু জনোৱা মতে বিদেশী পৰ্যটকৰ আশা এতিয়া অসমে অন্ততঃ কিছু দীঘলীয়া সময়ৰ বাবে বাদ দিব লাগিব ।

ASSAM TOURISM INDUSTRY
এছিয়াৰ দ্বিতীয় বৃহৎ মোনাবাৰী চাহ বাগিছা

দেশী পৰ্যটকৰ ক্ষেত্ৰতো মহাৰাষ্ট্ৰ, দিল্লী, গুজৰাটৰ পৰাই অধিক পৰ্যটকৰ আগমন ঘটে অসমলৈ । কিন্তু ক'ৰণাই বাৰুকৈয়ে জোঁকাৰি গৈছে এই কেইখন ৰাজ্যক । তুলনামূলকভাৱে অসম বা উত্তৰ-পূৱেই এই সময়ত কিছু পৰিমাণে নিৰাপদ হৈ আছে । সেয়েহে ঘৰুৱা পৰ্যটনৰ ওপৰতে সৰ্বাধিক গুৰুত্ব দিবলৈ সাজু হৈছে পৰ্যটন বিভাগ ।

ASSAM TOURISM INDUSTRY
ডিব্ৰুগড়ৰ জগন্নাথ মন্দিৰ

ঘৰুৱা পৰ্যটনে সামৰি ল'ব অসমৰ ঐতিহাসিক স্থান, কীৰ্তি চিহ্ন, ধৰ্মীয় স্থানসমূহ ৷ জ্যেষ্ঠ নাগৰিকৰ বাবে চৰকাৰৰ "পূণ্যধাম যাত্ৰা" ৰ গন্তব্য স্থান হ'ব পাৰে অসমৰে ঠাই ৷ কাশী, মথুৰা, বৃন্দাবনৰ সলনি গন্তব্য স্থান হ'ব পাৰে বৰদোৱা, মাজুলী, মধুপুৰ সত্ৰ, পৰশুৰাম কুণ্ড ৷ জাতিংগা, ৰংঘৰ, তলাতল ঘৰ, সেউজ চাহ বাগিচাও হব পাৰে লক্ষ্যস্থান ৷ অসমৰ সকলো পৰ্যটনথলী সামৰি পৰ্যটন বিভাগে আৰম্ভ কৰিব বিশেষ পেকেজ ৷

অসম পৰ্যটনে অনাগত দিনত সৰ্বাধিক গুৰুত্ব দিব ঘৰুৱা পৰ্যটনত

মুঠতে তিনি হাজাৰ কোটিৰ লোকচান সম্পূৰ্ণ পূৰাব নোৱাৰিলেও কিছু এটা অংশ এনেদৰে ঘৰুৱা পৰ্যটকৰ বাবে বিশেষ পেকেজ আৰম্ভ কৰিয়েই পূৰণ কৰাৰ চিন্তা চৰ্চা কৰিছে ৰাজ্যৰ পৰ্যটন বিভাগে । কিয়নো অসমৰ পৰ্যটন উদ্যোগটোৰ সৈতে প্ৰত্যক্ষ বা পৰোক্ষভাৱে জড়িত হৈ আছে প্ৰায় পাঁচ লাখ লোক । জড়িত হৈ আছে অসমৰ অৰ্থনীতিৰ এক বৃহৎ অংশও ।

লগতে পঢ়ক : লক্ ডাউনৰ মাজতে গাঁৱত চাংঘৰ সাজি কৃষ্টি চৰ্চা যোৰহাটৰ যুৱকৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.