ETV Bharat / state

পৰ্যটন বিভাগে ঘোষণা কৰিলে তিনিখন নতুন আঁচনি

author img

By

Published : Sep 26, 2020, 8:05 PM IST

পঞ্জীয়নভুক্ত পৰ্যটন ক্ষেত্ৰৰ লগত জড়িত ব্যক্তিৰ বাবে 'সঞ্জীৱনী আঁচনি' নামৰ এখন আঁচনি মুকলি কৰাৰ কথা ঘোষণা কৰে জয়ন্ত মল্ল বৰুৱাই ৷ এই আঁচনিৰ জৰিয়তে 1 লাখ পৰা 20 লাখ পৰ্যন্ত ঋণ লোৱাৰ সুবিধা কৰা হৈছে বুলি উল্লেখ কৰে বৰুৱাই ৷

Assam Tourism Development Corporation Ltd new plan  declarations  at  guwahati
পৰ্যটন বিভাগে ঘোষণা কৰিলে তিনিখন নতুন আঁচনি

গুৱাহাটী,26 ছেপ্তেম্বৰঃ ক’ৰণাৰ বাবে অসমৰ পৰ্যটন ক্ষেত্ৰৰ বহু ক্ষতি হৈছে ৷ সেই ক্ষতি পূৰণৰ বাবে পৰ্যটন বিভাগে বিভিন্ন আঁচনি প্ৰস্তুত কৰিব লগা হৈছে। লক ডাউনৰ সময়ত পৰ্যটন ক্ষেত্ৰৰ লগত জড়িত লোকসকলৰ যথেষ্ট ক্ষতিৰ সন্মুখীন হৈছিল ৷ সেয়েহে পর্যটন ক্ষেত্ৰত জড়িত লোকসকলক কিছু পৰিমাণে সকাহ দিবলৈ চৰকাৰে কেতবোৰ নতুন আঁচনি ঘোষণা কৰিছে ৷ এই মন্তব্য অসম পৰ্যটন বিভাগৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱাৰ ৷

শনিবাৰে অসম পৰ্যটন বিভাগত আয়োজন কৰা সংবাদমেলত পৰ্যটন বিভাগৰ তিনিখন গুৰুত্বপূৰ্ণ আঁচনিৰ বিষয়ে ঘোষণা কৰে পৰ্যটন বিভাগৰ অধ্যক্ষ গৰাকীয়ে ৷ পঞ্জীয়ন ভুক্ত পৰ্যটন ক্ষেত্ৰৰ লগত জড়িত ব্যক্তিৰ বাবে 'সঞ্জীৱনী আঁচনি' নামৰ এখন আঁচনি মুকলি কৰাৰ কথা ঘোষণা কৰে জয়ন্ত মল্ল বৰুৱাই ৷ এই আঁচনিৰ জৰিয়তে 1 লাখ পৰা 20 লাখ পৰ্যন্ত ঋণ লোৱাৰ সুবিধা কৰা হৈছে বুলি উল্লেখ কৰে বৰুৱাই ৷ উক্ত আঁচনিৰ যোগেদি ঋণ লাভ কৰা সকলে ঋণ লোৱাৰ পৰা এক বছৰলৈ কোনো ধৰণৰ সুত দিব নালাগে। তাৰ পৰিৱৰ্তে ১ বছৰলৈ সুত চৰকাৰে বহন কৰিব বুলিও উল্লেখ কৰে অধ্যক্ষ গৰাকীয়ে ৷ আঁচনিত মুঠ বাজেট ধাৰ্য কৰা হৈছে ৫০ কোটি টকা ৷ ৮ ৰ পৰা ১০ শতাংশ সুদৰ হাৰত হিতাধিকাৰী সকলে লাভ কৰিব পাৰিব ঋণ ৷ পৰ্যটন বিভাগৰ আন এখন আঁচনি হ’ল "পর্যটন সাৰথি" ৷ এই আঁচনিৰ জড়িয়তে পৰ্যটন স্থানটোৰ বিষয়ে সবিশেষ জানিব পাৰিব পৰ্যটকসকলে ৷ এই ক্ষেত্ৰত ইলেক্টনিক গেজেট যোগে পর্যটন বিভাগৰ লগত যোগাযোগত থাকিব পৰ্যটকসকল ৷ পৰ্যটন সাৰথিৰ বাবে ১ নৱেম্বৰৰ পৰা ৩০ নৱেম্বৰৰ লৈ আবেদন কৰিব পাৰিব ৷ অনলাইন যোগে কৰিব পাৰিব এই আবেদন ৷

আনহাতে শনিবাৰে সংবাদ মাধ্যমৰ আগত জনোৱা মতে এইবাৰ পূণ্যধাম আঁচনি অসমতে সীমাবদ্ধ থাকিব ৷ পৰ্যটকসকলে অসমৰ তীর্থস্থানসমূহ ভ্ৰমণ কৰিব পাৰিব এই আঁচনিৰ জৰিয়তে ৷ অৱশ্যে ভ্ৰমণ কৰিব খোজা লোকসকলৰ বয়স ৫০ৰ পৰা ৬৫ বছৰৰ ভিতৰত হ’ব লাগিব ৷ ৫০ বছৰৰ পৰা ৬৫ বছৰৰ ভিতৰৰ লোকেহে তীর্থস্থান ভ্ৰমণ কৰিব পাৰিব ৷ এই ক্ষেত্ৰতো আৱেদন প্ৰক্ৰিয়া অনলাইন হ’ব ৷ সকলো স্বাভাৱিক হ’লে ডিচেম্বৰ মাহত আৰম্ভ হব এই যাত্ৰা ৷ যাত্ৰী সকলে ১৫ নবেম্বৰৰ ভিতৰত আবেদন কৰিব লাগিব ৷ অসম পৰিবহন বিভাগৰ চুপাৰ ডিলাক্স বাছ সেৱাৰ যোগেদি ভ্ৰমণ কৰোৱা হ’ব পৰ্যটকক ৷ বাঘজান কাণ্ড সন্দৰ্ভতো মন্তব্য প্ৰকাশ কৰে জয়ন্ত মল্ল বৰুৱাই ৷ বাঘজানৰ অগ্নিকাণ্ডৰ ফলত পর্যটনস্থলী বিধ্বস্ত হৈ গৈছে ৷ সেইহে বাঘজানৰ পৰ্যটনস্থলী অইলৰ সহায়ত নতুনকৈ নির্মাণ কৰিব চৰকাৰে ৷ ইতিমধ্যে বাঘজানত পর্যটকক আকর্ষণ কৰিবলৈ চৰকাৰে বিভিন্ন আঁচনি হাতত লৈছে বুলিও মতপোষন কৰে অসম পৰ্যটন বিভাগৰ অধ্যক্ষ গৰাকীয়ে ৷

লগতে পঢ়কঃ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ আশু আৰোগ্য কামনাৰে সৰ্বধৰ্মীয় প্ৰাৰ্থনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.