ETV Bharat / state

দিনৰ 11 বজাৰ দহটা মুখ্য খবৰ - Assam Top10 news

দিনৰ 11 বজালৈ মুখ্য দহটা খবৰ

Top10 news
মুখ্য দহটা খবৰ
author img

By

Published : Jul 18, 2020, 11:00 AM IST

দিনৰ 11 বজালৈ মুখ্য দহটা খবৰ-

কৰ'ণা মহামাৰীত আক্ৰান্তৰ সংখ্যা গুৱাহাটী মহানগৰীত সৰ্বাধিক হোৱা পৰিলক্ষিত হৈছে ৷ বৰ্তমান পৰ্যন্ত ৰাজ্যত 51 গৰাকীলোকে মহামাৰী কৰ'ণাৰ ফলত মৃত্যুক আকোঁৱালি লৈছে ৷

চিৰাঙত বিগত পাঁচ বছৰে আই নদীৰ গৰাখহনিয়াত সৰ্ব্বশ্ৰান্ত হোৱা লোকে আজিলৈকে নাপালে চৰকাৰী তালিকাভূক্ত ক্ষতিপুৰণৰ ধন । অতিশীঘ্ৰেই মোকলাই দিয়াৰ দাবী দৰিদ্ৰ পৰিয়াল কেইটাৰ ।

শিৱসাগৰ জিলাত প্ৰতিদিনে ক'ভিড-19ত আক্ৰন্তৰ সংখ্যা বৃদ্ধি পাৱলৈ ধৰিছে ৷ শুকুৰবাৰৰ দিনটোত 17 গৰাকীৰ দেহত ক'ভিড-19 পজিটিভ পোৱা গৈছে ৷

বুধবাৰে কৰিমগঞ্জৰ 11 জন নাপিত আক্ৰান্ত হৈছে কৰ’ণা ভাইৰাছত ৷ আক্ৰান্ত নাপিতকেইজনৰ কোনো ভ্ৰমণ বৃত্তান্ত নাই ৷ নিলামবজাৰ এলেকাত বৰ্তমানো 5 জন চেলুন কৰ্মীৰ কৰ’ণা পজিটিভ হোৱা ঠাইত মুকলিকৈ চলিছে চেলুনৰ কাম-কাজ ।

চাৰিগৰাকী কয়দী ক'ভিড -19 পজিটিভ ৷ গণসংক্ৰমনৰ আশংকা ।

থলুৱাভাৱে উৎপদিত সামগ্ৰীৰে আচাৰ, জাম, জেলী, চৰবত আদি প্ৰস্তুত কৰি, সেই সামগ্ৰীৰে ব্যৱসায় আৰম্ভ কৰি নিজে স্বাৱলম্বী হোৱাৰ লগতে, আন 4 গৰাকীকৈ মহিলাক কৰ্ম সংস্থাপন দিবলৈ সক্ষম হৈছে আমগুৰিৰ ভাৰতী দাসে ৷

আমি ডিজিটেল ব্যৱধানৰ মাত্ৰা হ্ৰাস কৰিম আৰু ইণ্টাৰনেটৰ সুবিধা অন্তিম শাৰীৰ শিক্ষাৰ্থীসকলৰ বাবেও উপলব্ধ হ’ব ৷ শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে দেশত প্ৰযোজ্য় কৰা অনলাইন শিক্ষা ব্যৱস্থা সন্দৰ্ভত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ড৹ নিশাংকৰ সৈতে হোৱা ইটিভি ভাৰতৰ এক সাক্ষাৎকাৰত শিক্ষামন্ত্ৰীগৰাকীয়ে সদৰি কৰে এই কথা ৷

আমচিপুৰাত নিৰাপত্তাৰক্ষী আৰু উগ্ৰপন্থীৰ মাজত সংঘৰ্ষ ৷ চাৰিজন সন্ত্ৰাসবাদী নিহত ৷

দশকজুৰি লাটেহাৰ নক্সাল প্ৰভাৱিত অঞ্চল হোৱা বাবেই বৰ্তমানলৈকে দেখা নাই উন্নয়নৰ মুখ ৷ কিন্তু শেহতীয়াকৈ গাঁৱৰ লোকসকলে এই কথা বুজি উঠিছে যে, পিছপৰা পৰিস্থিতিৰ পৰা নিজকে স্বাধীন কৰিবলৈ হ'লে শিক্ষাই হৈছে একমাত্ৰ উপায় ৷ জিলাখনত থকা প্ৰায় 1,234 খন স্কুলত অধ্যয়নৰত 1.49 লাখ ছাত্ৰ-ছাত্ৰী ৷ কিন্তু লকডাউনে তেওঁলোকৰ শিক্ষাৰ ক্ষেত্ৰত কঢ়িয়াই আনিলে বাধা ৷

ৰাজ্যৰ 7 খন কাৰাগাৰৰ 239 কাৰাবন্দীৰ দেহত কৰ'ণাৰ অৱস্থিতি ৷ ইটিভি ভাৰতৰ আগত এই তথ্য প্ৰকাশ কৰে অসম চৰকাৰৰ কাৰাগাৰ মহাপৰিদৰ্শক দশৰথ দাসে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.