পুৱা 9 বজাৰ শীৰ্ষ দহটা বাতৰি-
1. কণ্ঠশিল্পী জয়ন্ত হাজৰিকাৰ আজি ওপজা দিন
অসমীয়া সংগীত জগতৰ অন্যতম পুৰোধা, জনতাৰ শিল্পী, সুৰকাৰ তথা আধুনিক সংগীতক এক নতুন ধাৰা প্ৰদান কৰা জয়ন্ত হাজৰিকাৰ আজি 77 সংখ্যক জন্মজয়ন্তী ৷ জন্মজয়ন্তীৰ দিনটোত ৰাণা দালৈ ইটিভি ভাৰতৰ তৰফৰ পৰাও সশ্ৰদ্ধ সোঁৱৰণ ৷
2. কলগাছিয়াত এলএনটি ফাইনেন্সৰ সাহাৰ্য্য বিতৰণ
কলগাছিয়াৰ আমগুৰীত শনিবাৰে এলএনটি ফাইনেন্সৰ সাহাৰ্য্য বিতৰণ ৷ বানৰ লগতে কৰ’ণা মহামাৰীৰ পৰা প্ৰতিৰক্ষা আৰু স্বাস্থ্য সুৰক্ষাৰ হেতু 3 শতাধিক দৰিদ্ৰ মহিলাক স্বাস্থ্য সুৰক্ষা কীট বিতৰণ কৰে সংস্থাটোৱে ।
3. EXCLUSIVE : কিয় অসম এৰিব খুজিছে কেইবাজনো আই এ এছ বিষয়াই ?
ভাৰতীয় প্ৰশাসনিক সেৱা (আই এ এছ) ৰ একাধিক বিষয়াই অসম ত্যাগ কৰিব খুজিছে । অসমত কৰ্মৰত অসম-মেঘালয় কেডাৰৰ আই এ এছ বিষয়াৰ সংখ্যা হ'ল ১২০ গৰাকী । ইয়াৰে প্ৰায় ৬০ গৰাকীয়েই সুদীৰ্ঘ সময়জুৰি ডেপুটেশ্বনত আছে । বাকী থকা ৬০ গৰাকীৰ মাজৰ পৰাও শেহতীয়াকৈ আৰু ছগৰাকীয়ে কেন্দ্ৰীয় ডেপুটেশ্বনত যাবলৈ ইতিমধ্যে আবেদন জনাইছে । চৰকাৰে গোপনীয়তা মানি চলিলেও ই টিভি ভাৰতৰ হাতত পৰিছে এই তথ্য ।
4. পূব কামেং জিলাৰ ভিতৰুৱা গাঁৱত টেলিফোন সেৱা স্থাপন সেনাৰ
সেনাই অৰুণাচলৰ পূব কামেং জিলাৰ ভিতৰুৱা গাঁৱত স্থাপন কৰিলে টেলিফোন সেৱা । পূব কামেং জিলাৰ মাগু- চুনাও অঞ্চলত ২৮ কিলোমিটাৰ দূৰত্বৰ পৰা কোনো যোগাযোগৰ সুবিধা নাই । ২৮ কিলোমিটাৰ নিলগত মাত্ৰ টেলিফোন সংযোগ ব্যৱস্থা আছে যদিও সংযোগ স্থাপন কৰিবলৈ বহু অসুবিধা হয় ।
5. কেঁকসাপসহ আৰক্ষীৰ জালত ৯ জনকৈ সৰবৰাহকাৰী
কেঁকোসাপ সহ নগাঁও আৰক্ষীৰ জালত ৯ সৰবৰাহকী । জব্দ নম্বৰ প্লেট বিহীন বলেৰ' বাহন । হয়বৰগাঁও আৰক্ষীয়ে বাহনখন জব্দ কৰি চলোৱা তালাচীত এটা সৰবৰাহকাৰীৰ কঁকালত বান্ধি থোৱা অৱস্থাত উদ্ধাৰ হয় কেঁকোসাপটো ।
6. আই পি এল 2020 ৰ প্ৰথম মেচত চেন্নাই চুপাৰ কিংছৰ জয়লাভ
বিগত বৰ্ষৰ চেম্পিয়ন মুম্বাই ইণ্ডিয়ানচক হৰুৱাই আই পি এল 2020 ৰ প্ৰথমখন মেচত জয়ৰ সোৱাদ ল’লে চেন্নাই চুপাৰ কিংছে ৷ 5 উইকেটত পৰাস্ত ৰোহিত বাহিনী ৷
7. বকোত সমাজ কল্যাণ বিভাগৰ ৰাষ্ট্ৰীয় পোষণ মাহ উদযাপন
অঙ্গনবাড়ী কেন্দ্ৰৰ শিশুসকলে যাতে অঙ্গনবাড়ী কেন্দ্ৰৰ চৌহদৰ ভিতৰতে ৰোপন কৰা গছৰ পৰা ফল-মূল খাব পাৰে তাৰ বাবে আৰম্ভ কৰা বাগিছাত বৃক্ষৰোপণ কৰে বকো-বনগাঁৱ সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়া সুকন্যা দাসে ৷
8. সীমাই মানুহক বান্ধিব পাৰিলেও বান্ধিব নোৱাৰে জীৱ-জন্তুক
নেপালৰ সৈতে সংযুক্ত ভাৰতৰ এক বিশাল ভূ-খণ্ড বনাঞ্চলে আগুৰি আছে ৷ এই বনাঞ্চলৰ মাজৰেই নেপালৰ পৰা দুটা হাতীয়ে সীমা অতিক্ৰম কৰি ভাৰতত প্ৰৱেশ কৰে ৷ দুয়োটা হাতীয়ে জনাঞ্চলত প্ৰৱেশ কৰি কিছু ক্ষয়-ক্ষতি কৰে যদিও সম্প্ৰতি বন বিষয়াই দুয়োটা হাতীকে নিৰীক্ষণ কৰি আছে ৷
9. মণিপুৰত আৰক্ষী আৰু সেনাবাহিনীৰ যুটীয়া অভিযানত আটক উগ্ৰপন্থী
মণিপুৰৰ থুৱাল জিলাত অভিযান চলাই PREPAK গ্ৰুপৰ সদস্যজনক আটক কৰিবলৈ সক্ষম হয় ৷ আনহাতে, সদস্যজনৰ পৰা এটা 9 MM পিষ্টল আৰু ৫ জাঁই সজীৱ গুলীও জব্দ কৰে অভিযানকাৰী দলটোৱে ।
10. ‘ভাৰতীয় ছবি উদ্যোগটোক কেইবাটাও সন্ত্ৰাসবাদৰ পৰা মুক্ত কৰা প্ৰয়োজন’-কংগনা ৰাণাৱট
"আমি উদ্যোগটোক বহুকেইটা সন্ত্ৰাসবাদ যেনে- নেপ’টিজিম সন্ত্ৰাসবাদ, ড্ৰাগছ মাফিয়া সন্ত্ৰাসবাদ, লিংগ বৈস্যমতা সন্ত্ৰাসবাদ, সাম্প্ৰদায়িক আৰু আঞ্চলিক সন্ত্ৰাসবাদ, বিদেশী ছবিৰ সন্ত্ৰাসবাদ, পাইৰেছি সন্ত্ৰাসবাদ, শ্ৰমিকৰ শোষণৰ সন্ত্ৰাসবাদ, প্ৰতিভা শোষণৰ সন্ত্ৰাসবাদৰ পৰা মুক্ত কৰাৰ প্ৰয়োজন আছে ৷ "- কংগনাই টুইটাৰযোগে মন্তব্য কৰে ৷ 33 বৰ্ষীয় অভিনেত্ৰীগৰাকীয়ে কয় যে, নিজস্ব পৰিচয় থকা বিভিন্ন ৰাজ্যৰ ছবি উদ্যোগসমূহে সমূহীয়া স্বীকৃতি লাভ কৰিব লাগে ৷