ETV Bharat / state

11 বজাৰ শীৰ্ষ দহটা বাতৰি - Assam Top10

চাওক 11 বজাৰ শীৰ্ষ দহটা বাতৰি

Assam Top10
শীৰ্ষ দহটা বাতৰি
author img

By

Published : Aug 12, 2020, 11:01 AM IST

দিনৰ 11 বজাৰ শীৰ্ষ দহটা বাতৰি-

1. কৰ্ণাটক : বাছত অগ্নিকাণ্ডৰ সূত্ৰপাত হৈ 5 জনৰ মৃত্যু

কৰ্ণাটকত বাছত অগ্নিকাণ্ডৰ সূত্ৰপাত হৈ 5 জনৰ ঘটনাস্থলীতে মৃত্যু ৷

2. জম্মু-কাশ্মীৰত চাৰ্ভিচ পিষ্টলেৰে গুলিয়াই আত্মহত্যাৰ চেষ্টা জোৱানৰ

বুধবাৰে জম্মু-কাশ্মীৰত চিআৰপিএফৰ এগৰাকী জোৱানে কৰ্তব্যৰত অৱস্থাত চাৰ্ভিচ পিষ্টলেৰে গুলিয়াই আত্মহত্যাৰ চেষ্টা চলায় ৷ সেনা বিষয়াগৰাকী 141 বেটেলিয়নৰ শেৰগড়ী এলেকাত কৰ্তব্যৰত চিআৰপিএফ জোৱান এম দামোদৰ বুলি জানিব পৰা গৈছে ৷

3. উবেৰাইজেছন আঁচনিত অনুমোদন ৰাজ্যিক কেবিনেটৰ: অশোক ভট্টৰায়

মঙলবাৰে এক সংবাদমেল সম্বোধন কৰে অসম ৰাজ্যিক পৰিবহণ নিগমৰ অধ্যক্ষ অশোক ভট্টৰায়ে ৷ নিগমৰ মুৰব্বী গৰাকীয়ে ৰাজ্যিক কেবিনেটে উবেৰাইজেছন আঁচনিত জনোৱা অনুমোদনৰ বাবে ধন্যবাদ জ্ঞাপন কৰে চৰকাৰক ৷

4. 101 সংখ্যক জন্ম বাৰ্ষিকীত বিক্ৰম ছাৰাভাইৰ বিষয়ে জানো আহক...

12 আগষ্টৰ দিনটোত ভাৰতবৰ্ষ আৰু মহাকাশ উদ্যোগে এজন বিশেষ লোকক শ্ৰদ্ধাৰে সোঁৱৰিছে ৷ সেই ব্যক্তিজন হৈছে ডঃ বিক্ৰম এ. ছাৰাভাই ৷ তেওঁ হৈছে ভাৰতীয় মহাকাশ গৱেষণা কেন্দ্ৰৰ (ISRO) প্ৰতিষ্ঠাপক,বিজ্ঞানী,উদ্যোগপতি তথা দাৰ্শনিক ৷ আজিৰ দিনটো তেওঁৰ 101 সংখ্যক জন্ম বাৰ্ষিকী হিচাপে পালন কৰা হৈছে ৷

5. বকোত সংখ্যালঘু ছাত্ৰ বৃত্তিৰ নামত বৃহৎ কেলেংকাৰীৰ অভিযোগ

মঙলবাৰে বকোত সংখ্যালঘু ছাত্ৰ-ছাত্ৰীৰ জলপানিৰ নামত সংঘটিত বিয়াগোম কেলেংকাৰীৰ অভিযোগত এম ই মাদ্ৰাছাৰ প্ৰধান শিক্ষক আব্দুছ ছালামক আটক কৰে আৰক্ষীয়ে ৷ ছাত্ৰ বৃত্তিৰ কেলেংকাৰীত জড়িত প্ৰধান শিক্ষকজনক নিলম্বিত কৰাৰ লগতে ঘটনাৰ সৈতে জড়িত অন্য চাৰিজন দালালকো আৰক্ষীয়ে আটক কৰা বুলি জানিব পৰা গৈছে ৷

6. নগাঁৱৰ ৰূপহীহাটত 5 জনৰ দেহত ক’ভিড-19 পজিটিভ

মঙলবাৰে নগাঁৱৰ ৰূপহীহাটত 5 জন লোক আক্ৰান্ত হৈছে ক’ভিড-19ত ৷ প্ৰায় 70 জন লোকৰ ৰেপিড এণ্টিজেন টেষ্ট কৰা এই 5 জনৰ দেহত ধৰা পৰে ক’ভিড-19ৰ অৱস্থিতি ৷

7. হাঁওফাঁওৰ কৰ্কট ৰোগত আক্ৰান্ত অভিনেতা সঞ্জয় দত্ত

বলিউডৰ অভিনেতা সঞ্জয় দত্ত হাঁওফাঁওৰ কৰ্কট ৰোগত আক্ৰান্ত ৷ তথ্য অনুসৰি,চতুৰ্থ পৰ্যায়ত ধৰা পৰাৰ পাচতে তেওঁক উন্নত চিকিৎসাৰ বাবে আমেৰিকালৈ লৈ যোৱা হ’ব ৷

8. মৰিগাঁৱত বোৱাৰীক শাৰিৰীক নিৰ্যাতনৰ অভিযোগ

মৰিগাঁৱত ধৰমতুল থানাৰ অন্তৰ্গত মাটিপৰ্বত বোৱাকীক শাৰিৰীক নিৰ্যাতনৰ অভিযোগ ৷ স্বামীৰ অনুপস্থিতিত দোকানত থকা সময়তে একেখন গাঁৱৰ যুৱকে ধৰ্ষণৰ অপচেষ্টা চলাই বুলি অভিযোগ উত্থাপন কৰে ৷ আনহাতে,ঘটনা সন্দৰ্ভত আৰক্ষীয়ে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নাই বুলিও মত প্ৰকাশ ভুক্তভোগীৰ ৷

9. শিলচৰত যুৱতীক শ্লীলতা হানিৰ ব্যৰ্থ চেষ্টা

বিগত সপ্তাহত শিলচৰত এটি পাঁচমহীয়া শিশুক অপহৰণ কৰি হত্যা কৰাৰ ঘটনাই জোকাৰি গৈছিল ৰাজ্যক ৷ শেহতীয়াকৈ অঞ্চলটোত দিন-দুপৰতে যুৱতীৰ শ্লীলতা হানি কৰাৰ ব্যৰ্থ চেষ্টা চলাইছিল দুৰ্বৃত্তই ৷ মুঠতে একপ্ৰকাৰৰ অপৰাধীৰ ৰম্যভূমিলৈ পৰিণত হৈছে চহৰখন ৷

10. গোলাঘাটত স্বাধীনতা দিৱসৰ প্ৰস্তুতি তুংগত

গোলাঘাটত পূৰ্ণগতিত চলিছে ৭৪ সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ প্ৰস্তুতি ৷ কৰ’ণা ভাইৰাছৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰী নিৰ্দেশাৱলী অনুসৰি গোলাঘাট আৰক্ষী,হোমগাৰ্ড তথা চিআৰপিএফৰ জোৱানে সমূহীয়াভাৱে পেৰেডৰ অনুশীলন অব্যাহত ৰাখিছে ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.