ETV Bharat / state

দিনৰ 11 বজাৰ মুখ্য দহটা বাতৰি

চাওক দিনৰ 11 বজাৰ মুখ্য দহটা বাতৰি

Assam Top10 news
11 বজাৰ মুখ্য দহটা বাতৰি
author img

By

Published : Aug 9, 2020, 11:00 AM IST

Updated : Aug 9, 2020, 12:44 PM IST

দিনৰ 11 বজাৰ মুখ্য দহটা বাতৰি-

1. আজি গুৰুত্বপূৰ্ণ ঘোষণা কৰিব প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি পুৱা 10 বজাত কিছু গুৰুত্বপূৰ্ণ ঘোষণা কৰিব ৷ এই কথা প্ৰকাশ কৰে RMO (ৰক্ষা মন্ত্ৰী অফিচ)ৰ চৰকাৰী টুইটাৰ একাউন্টৰ পৰা ৷

2. মৈৰাবাৰীত বৃহৎ পৰিমাণৰ নকল নোট উদ্ধাৰ

মিকিৰভেটা আৰক্ষী থানাৰ অন্তৰ্গত লাওতলীত এক অভিযান চলাই আৰক্ষীয়ে উদ্ধাৰ কৰে প্ৰায় 13.40 লাখ টকাৰ নকল নোট ৷ এক গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত মৰিগাঁও আৰক্ষীয়ে চলোৱা অভিযানত নকল নোটখিনি উদ্ধাৰ হোৱাৰ লগতে আটক হৈছে দুগৰাকী সৰবৰাহকাৰী ৷

3. ঠেলামৰাৰ শেহতীয়া পৰিস্থিতি সম্পৰ্কে ইটিভি ভাৰতৰ গ্ৰাউণ্ড জিৰ’ ৰিপ’ৰ্ট...

সম্প্ৰতি অশান্তি জৰ্জৰিত শোণিতপুৰৰ বৰচলা সমষ্টিৰ ঠেলামৰা আৰক্ষী থানাৰ অন্তৰ্গত গৰুদুবাত বিগত বুধবাৰে সংঘটিত হিংসাত্মক কাৰ্যৰ পিছত অব্যাহত আছে সান্ধ্য আইন ৷

4. দিল্লী বিমান বন্দৰত উপস্থিত হ'ল অখিলেশ কুমাৰৰ নশ্বৰদেহ

ইফালে নেশ্যনেল ডিফেন্স একাডেমীৰ প্ৰাক্তন ছাত্ৰ কেপ্তেইন দীপক সাঠে ভাৰতীয় বায়ু সেনাৰ উইং কামাণ্ডাৰ হিচাপে নিযুক্ত আছিল ৷ দীপক সাঠে মুম্বাইৰ অন্তৰ্গত পোৱাইত পত্নী তথা দুই পুত্ৰ সন্তানৰ সৈতে বাস কৰিছিল ৷ আনহাতে, তেওঁৰ পিতৃ কৰ্ণেল বসন্ত সাঠে আৰু মাতৃ নিলা সাঠে নাগপুৰৰ নিবাসী ৷

5. চিকিৎসাৰ বাবে সহায়ৰ আহ্বান টীয়কৰ আবুল আলীৰ

যোৰহাটৰ টীয়কৰ এটা পৰিয়ালক লগ নেৰা হৈছে বিপদে ৷ বানে সম্পূৰ্ণকৈ বিধ্বস্ত কৰা টীয়কৰ আবুল আলীক বৰ্তমান প্ৰয়োজন ৰাইজৰ সহায়ৰ ৷ কিয়নো ব্য়ক্তিগৰাকীৰ পত্নী সম্প্ৰতি আক্ৰান্ত হৈছে এক জটিল ৰোগত ৷

6. জম্মু-কাশ্মীৰত যুদ্ধবিৰতি উলংঘন পাক সেনাৰ

চলিত বৰ্ষত পাক সেনাই 2,720 বাৰতকৈও অধিক যুদ্ধবিৰতি উলংঘন কৰিছে ৷

7. পুনৰ কৰণ জোহৰৰ বাসগৃহত পাৰ্টীহ’লিক চেলিব্ৰেটিজ

শুকুৰবাৰে নিশা প্ৰযোজক কৰণ জোহৰৰ বাসগৃহৰ বাহিৰত নিতু কাপুৰ, অনিল কাপুৰ আৰু কিয়াৰা আদৱানীসহ অন্য বলিউড তাৰকাক প্ৰত্যক্ষ কৰা হৈছে ৷ চ’ছিয়েল মিডিয়াত এই দৃশ্য ভাইৰেল হোৱাৰ উপৰিও কৰণ জোহৰে তেওঁৰ বাসগৃহত পাৰ্টীৰ আয়োজন কৰা বুলি অনুমান কৰা হয় ৷

8. সুশান্তৰ আত্মহত্যা : উচ্চতম ন্যায়ালয়ত তদন্তৰ প্ৰতিবেদন দাখিল মহাৰাষ্ট্ৰ চৰকাৰৰ

এক সূত্ৰই জানিবলৈ দিয়া অনুসৰি, অহা 11 আগষ্টত সৰ্বোচ্চ আদালতে সুশান্তৰ আত্মহত্যাৰ ঘটনা সন্দৰ্ভত শুনানিৰ তালিকাভুক্ত কৰিব ৷ মহাৰাষ্ট্ৰ চৰকাৰে সুশান্ত সিং ৰাজপুতৰ মৃত্যু সন্দৰ্ভত কৰা তদন্তৰ ভিত্তিত উচ্চতম ন্যায়ালয়ত এক প্ৰতিবেদন দাখিল কৰে ৷

9. জম্মু-কাশ্মীৰৰ বুদগামৰ বিজেপি কৰ্মীলৈ গুলীবৰ্ষণ

জম্মু-কাশ্মীৰৰ বুদগামত বিজেপি কৰ্মীলৈ গুলীবৰ্ষণ ৷ ঘটনাৰ ফলত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত বিজেপিৰ জিলা সভাপতি এবি হামিড নাজাৰ ৷

10. স্বনামধন্য সাহিত্যিক চৈয়দ আব্দুল মালিকক বৌদ্ধিক জেহাদী আখ্যা বিধায়ক শিলাদিত্য দেৱৰ

চৈয়দ আব্দুল মালিকক চূড়ান্ত অপমান। প্ৰয়াত সাহিত্যিক গৰাকীক বৌদ্ধিক জেহাদী আখ্যা দিয়ে বিজেপিৰ বিতৰ্কিত বিধায়ক শিলাদিত্য দেৱে । বিধায়কগৰাকীৰ বিৰুদ্ধে ক্ষুন্ন হৈ পৰিছে নিজ দলৰে নেতা চৈয়দ মমিনুল আৱাল। শিলাদিত্যক ৰাজহুৱাকৈ ক্ষমা খুজিবলৈ দাবী জনালে মমিনুল আৱালে ।

Last Updated : Aug 9, 2020, 12:44 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.