গুৱাহাটী, ৭ অক্টোবৰ: কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অসম ভ্ৰমণৰ সময়তে কেতবোৰ প্ৰশ্নক লৈ সৰৱ হৈ পৰিছে অসম তৃণমূল কংগ্ৰেছ দল (Assam Trinamool Congress)। শুকুৰবাৰে গুৱাহাটীস্থ বিজেপিৰ মুখ্য কাৰ্যালয়ত এখন সংবাদমেল সম্বোধন কৰি দলৰ মিডিয়া বিভাগৰ অধ্যক্ষ দিলীপ কুমাৰ শৰ্মাই কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক উদ্দেশ্যি কেতবোৰ প্ৰশ্ন উত্থাপন কৰি ইয়াৰ সুদূত্তৰ বিচাৰে ।
২০১৪ চনৰ পৰা কেন্দ্ৰৰ বিজেপি চৰকাৰে অসমৰ বিশেষ ৰাজ্যৰ মৰ্যাদা (Special Status for Assam) কৰ্তন কৰাৰ বাবে ৰাজ্যখনে বছৰি ৪ ৰ পৰা ৫ হাজাৰ কোটি টকা লাভৰ পৰা বঞ্চিত হোৱা বুলি মন্তব্য কৰি শৰ্মাই অসমৰ প্ৰতি বিজেপিৰ এই বঞ্চনা কিয় বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰীক প্ৰশ্ন কৰে । আনহাতে কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে সংসদত অসম চুক্তিৰ ছয় নং দফাৰ প্ৰতিবেদন আখৰে আখৰে পালন কৰা হ’ব বুলি মন্তব্য কৰাৰ পাছতো আজিলৈকে এই সন্দৰ্ভত কিয় একো পদক্ষেপ লোৱা নহ’ল বুলি প্ৰশ্ন উত্থাপন কৰে শৰ্মাই ।
সেইদৰে ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ ক্ষেত্ৰত কেন্দ্ৰই ভেঙুচালি কৰা বুলি তেওঁ সৰৱ হৈ পৰে (Six communities tribal status)৷ কেৱল নিৰ্বাচনৰ আগত ভোট ভিক্ষা কৰাৰ সময়ত জনজাতিকৰণৰ ভুৱা প্ৰতিশ্ৰুতি দিয়াতহে বিজেপি পাকৈত বুলি তেওঁ অভিযোগ কৰে । তেওঁ লগতে কয় যে অসম ভ্ৰমণলৈ অহা অমিত শ্বাহৰ পৰা মিঠা মিঠা নতুন প্ৰতিশ্ৰুতি শুনাৰ পূৰ্বে এই বিষয়ত নিজৰ ব্যৰ্থতা আৰু অসমৰ প্ৰতি অমনোযোগিতাৰ দোষ যাতে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে স্বীকাৰ কৰে ।
আনহাতে সংসদত নাগৰিকত্ব সংশোধনী আইন(Citizenship amendment act) প্ৰণয়ন কৰি অসম চুক্তি(Assam accord) উলংঘা কৰাৰ অভিযোগ উত্থাপন কৰি তেওঁ কয় যে 'CAA'ৰ যোগেদি হিন্দু বাংলাদেশীক সংস্থাপনৰ দিহা কৰাৰ জৰিয়তে কেন্দ্ৰই অসম চুক্তি উলংঘা কৰিছে । বিজেপিয়ে বাৰে বাৰে অসমক বঞ্চনা কৰাৰ সময়ত অসমৰ জনসাধাৰণলৈ কিয় মনত নপৰে বুলি প্ৰশ্ন উত্থাপন কৰি তেওঁ কেন্দ্ৰীয় গৃহমন্ত্ৰীক অসমবাসীৰ প্ৰতি ভুৱা দৰদৰ নাটক বন্ধ কৰিবলৈ সকীয়নি প্ৰদান কৰে ।
অসমৰ প্ৰতি বিজেপিৰ বঞ্চনাৰ তালিকা যথেষ্ট দীঘলীয়া বুলি মন্তব্য কৰি তেওঁ কয় যে বান গৰাখহনীয়াৰ সময়ত কিয় কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অসমৰ কথা মনত নপৰে । বিগত চাৰি বছৰত অসমে কেন্দ্ৰৰ পৰা বান সাহায্য হিচাপে ৯৪৭৫.৮৮ কোটি টকা বিচৰাৰ বিপৰীতে কণা হাঁহক পতান দিয়াৰ দৰে মাত্ৰ ৪৪ কোটি টকাহে আগবঢ়াইছে ।
একে সময়তে কেন্দ্ৰই বান সাহায্য হিচাবে যোৱা চাৰিটা বছৰত মহাৰাষ্ট্ৰক ৮৭৫৪.৫০ কোটি, কৰ্ণাটকক ৬৪৮০.৬৯ কোটি, ওড়িশাক ৪৬৩৫.৮২ কোটি, মধ্যপ্ৰদেশক ৪৫৩৮.৪৩ কোটি, বিহাৰক ৩২৪৭.৪০ কোটি, পশ্চিমবংগক ৩৫৫৮.৭৪ কোটি, অন্ধ্ৰপ্ৰদেশক ২৫৮৪.২৫ কোটি, তামিলনাডুক ১৭৫৩.৫৮ কোটি আৰু ৰাজস্থানক ২৫৫৭.৮৪ কোটি টকা আগবঢ়োৱাৰ তথ্যৰ বিষয়ে উল্লেখ কৰি তেওঁ অসমৰ প্ৰতি নৰেন্দ্ৰ মোডী চৰকাৰৰ বৈষম্য আৰু বঞ্চনাৰ ছবিখন দাঙি ধৰে ।
আনহাতে তিনিমাহ আগত বানত ককবকাই থকা সময়ত অসমবাসীৰ শোচনীয় পৰিস্থিতি হেলিকপ্তাৰেৰে হ’লেও এবাৰ চাবলৈ সময় নোহোৱা কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে এতিয়া কেৱল সন্মুখত নিৰ্বাচন আহিছে বাবেই দলীয় মুনাফা আদায়ৰ লক্ষ্যৰে ডাঙৰ ডাঙৰ ভাষণ দিবলৈ অসমলৈ অহা বুলি কটাক্ষ কৰে তৃণমূলৰ নেতাগৰাকীয়ে । গৃহমন্ত্ৰী অমিত শ্বাহক পূৰ্বৰ প্ৰতিশ্ৰুতিসমূহৰ সন্দৰ্ভত নিজৰ স্থিতি স্পষ্ট কৰিবলৈ তেওঁ দাবী জনায় ।
তেওঁ লগতে কেন্দ্ৰ আৰু ৰাজ্যৰ বিজেপি চৰকাৰে অসমৰ বান আৰু গৰাখহনীয়া সমস্যা সমাধানৰ বাবে কিয় আজিলৈকে একো পদক্ষেপ নল’লে বুলি প্ৰশ্ন উত্থাপন কৰে । কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে প্ৰাথমিক শিক্ষাৰ মাধ্যম মাতৃভাষা হ’ব লাগে বুলি পোষকতা কৰাৰ বিপৰীতে অসম চৰকাৰে তৃতীয় শ্ৰেণীৰ পৰা অংক আৰু বিজ্ঞান বিষয় দুটা ইংৰাজী ভাষাত পঢ়োৱাৰ (Math and science teaching in English) সিদ্ধান্ত লোৱাৰ প্ৰসংগ উত্থাপন কৰি ইয়াৰ জৰিয়তে বিজেপিয়ে ইয়াৰ দুমুখীয়া নীতিক উদঙাই দিয়া বুলি তেওঁ মন্তব্য কৰে ।
এই বিষয়ত মুখ্যমন্ত্ৰীগৰাকীক জবাবদিহি কৰিবনে বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীৰ প্ৰতি তেওঁ প্ৰশ্ন কৰে । বিজেপিয়ে অসমৰ ক্ষেত্ৰত কয় এটা আৰু কৰে আন এটা বুলি তেওঁ অভিযোগ কৰে । সংবাদমেলত দলটোৰ কেইবাজনো নেতা উপস্থিত আছিল ।
লগতে পঢ়ক: ড্ৰাগছ সৰবৰাহ সন্দৰ্ভত উত্তৰ-পূবৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে অমিত শ্বাহৰ বৈঠক