ETV Bharat / state

Assam TMC : সাম্প্ৰদায়িক মন্তব্য কৰা মুখ্যমন্ত্ৰী আৰু আজমলকো গ্ৰেপ্তাৰৰ দাবী ৰিপুণ বৰাৰ

author img

By ETV Bharat Assamese Team

Published : Nov 8, 2023, 8:13 PM IST

বিধায়ক আফতাব উদ্দিন মোল্লাক গ্ৰেপ্তাৰ কৰা সন্দৰ্ভত অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাৰ প্ৰতিক্ৰিয়া। আইন মতে বিধায়ক মোল্লাক গ্ৰেপ্তাৰ কৰিছে যদিও আইন সকলোৰে বাবে সমান হ'ব লাগে। আফতাব উদ্দিন মোল্লাক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ভাল কথা। আৰক্ষীয়ে কেৱল শাসক পক্ষৰ হৈ একপক্ষীয় ভাৱে কাম কৰি আছে । বৰ্তমান সময়ত আইন কেৱল শাসক পক্ষৰ বাবেহে আছে বুলি কয় তেওঁ ৷

Assam TMC Chief Ripun Bora
অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা
আফতাব উদ্দিন মোল্লাক গ্ৰেপ্তাৰ কৰা সন্দৰ্ভত ৰিপুন বৰাৰ প্ৰতিক্ৰিয়া

গুৱাহাটী, 8 নৱেম্বৰ : "আইন সকলোৰে বাবে সমান হোৱা উচিত ৷" এই মন্তব্য অসম তৃণমূল কংগ্ৰেছৰ সভাপতি তথা প্ৰাক্তন সাংসদ ৰিপুন বৰাৰ ৷ সাম্প্ৰদায়িক মন্তব্য কৰাৰ বাবে জলেশ্বৰৰ কংগ্ৰেছী বিধায়ক আফতাব উদ্দিন মোল্লাক গ্ৰেপ্তাৰ কৰা সন্দৰ্ভত এইদৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰে ৰিপুন বৰাই ৷

বুধবাৰে সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া ব্যক্ত কৰি ৰিপুন বৰাই কয় যে উগ্ৰ সাম্প্ৰদায়িক মন্তব্য দিয়াৰ বাবে কংগ্ৰেছৰ বিধায়ক আফতাব উদ্দিন মোল্লাক আইনৰ আধাৰত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৷ তাত আমাৰ ক'বলগীয়া একো নাই ৷ কিন্তু আইন মতে বিধায়ক মোল্লাক গ্ৰেপ্তাৰ কৰিছে যদিও আইন সকলোৰে বাবে সমান হ'ব লাগে ৷ আফতাব উদ্দিন মোল্লাক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ভাল কথা বুলি সদৰি কৰি তেওঁ কয় যে একে ধাৰাতে সাংসদ বদৰুদ্দিন আজমলকো গ্ৰেপ্তাৰ কৰিব লাগে আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকো গ্ৰেপ্তাৰ কৰিব লাগে ৷ লগতে সাম্প্ৰদায়িক মন্তব্য কৰা বিজেপিৰ বহু নেতাকো গ্ৰেপ্তাৰ কৰিব লাগে বুলি তেওঁ কয় ৷

তেওঁ লগতে কয় যে মিঞাক শেষ কৰি দিম বুলি ঘৃণাৰ মন্তব্য কৰা মুখ্যমন্ত্ৰীক গ্ৰেপ্তাৰ কৰিব লাগে ৷ আজমলে বহু বাৰ সাম্প্ৰদায়িক মন্তব্য কৰি আহিছে বুলি তেওঁ কয় ৷ তেওঁ মন্ত্ৰী পীযুষ হাজৰীকাই কৰা সাম্প্ৰদায়িক মন্তব্যৰ প্ৰসংগও উল্লেখ কৰে ৷ যি মন্তব্যৰ বাবে বিধায়ক অফতাব উদ্দিন মোল্লাক গ্ৰেপ্তাৰ কৰা হৈছে সেই ধৰণে অনুৰূপ সাম্প্ৰদায়িক মন্তব্য কৰাৰ বাবে আজমল আৰু মুখ্যমন্ত্ৰীকে ধৰি পীযুষ হাজৰীকাক গ্ৰেপ্তাৰ কৰিব লাগে বুলি তেওঁ কয় ৷

আজমলক গ্ৰেপ্তাৰ নকৰা সন্দৰ্ভত তেওঁ কয় যে মুখ্যমন্ত্ৰীৰে আজমলৰ গোপন বুজাবুজি আছে ৷ আইন, আৰক্ষী-প্ৰশাসন বিজেপি চৰকাৰৰ হাতত আছে বাবেই তেওঁলোকে নিজৰ খেয়াল-খুছি মতে কাম কৰিছে বুলি অভিযোগ কৰি তেওঁ কয় যে মুখ্যমন্ত্ৰীয়ে যি মন যায় তাকেই কয় ৷ আৰক্ষীয়ে কেৱল শাসক পক্ষৰ হৈ একপক্ষীয়ভাৱে কাম কৰি আছে বুলি সদৰী কৰি তেওঁ কয় যে এইটো দেশৰ বাবে ডাঙৰ বিপদজনক ঘটনা ৷ বৰ্তমান সময়ত আইন কেৱল শাসক পক্ষৰ বাবেহে আছে বুলি তেওঁ কয় ৷

উল্লেখ্য যে উগ্ৰ সাম্প্ৰদায়িক মন্তব্য কৰাৰ বাবে মঙলবাৰে নিশা দিছপুৰ আৰক্ষীয়ে বিধায়ক আৱাসৰ পৰা বিধায়ক আফতাব উদ্দিন মোল্লাক গ্ৰেপ্তাৰ কৰিছিল ৷ বিধায়ক আৱাসৰ এফ ব্লকত থকা দক্ষিণ শালমাৰাৰ কংগ্ৰেছী বিধায়ক ৱাজেদ আলী চৌধুৰীৰ বিধায়ক আবাসৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল আফতাব উদ্দিন মোল্লাক ৷ নামঘৰীয়া আৰু মন্দিৰৰ পূজাৰী সন্দৰ্ভত অতি বিতৰ্কিত মন্তব্য কৰিছিল জলেশ্বৰ সমষ্টিৰ বিধায়কগৰাকীয়ে ৷ নামঘৰীয়া আৰু পূজাৰীক ধৰ্ষণকাৰী বুলি কৰা মন্তব্যৰ পাছতেই সমগ্ৰ ৰাজ্যজুৰি সৃষ্টি হৈছিল প্ৰতিক্ৰিয়াৰ ৷

ৰাজ্যৰ বিভিন্ন থানাত বিভিন্ন দল-সংগঠন তথা ব্যক্তি বিশেষে বিধায়কজনৰ বিৰুদ্ধে দাখিল কৰিছিল এজাহাৰ ৷ দিছপুৰ থানাতো বিধায়কজনৰ বিৰুদ্ধে ভেটাপাৰাৰ দীপক কুমাৰ দাস নামৰ এজন লোকে দাখিল কৰিছিল এখন এজাহাৰ ৷ এই এজাহাৰৰ ভিত্তিতে বিধায়ক আফতাব উদ্দিন মোল্লাৰ বিৰুদ্ধে U/S 295A / 153A(1)(b)/505(2) ধাৰা সন্নিৱিষ্ট কৰি 2127/23 নম্বৰ গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰিছিল দিছপুৰ আৰক্ষীয়ে ৷ ইফালে কংগ্ৰেছ দলৰ তৰফৰ পৰা বিধায়কজনলৈ কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰা হৈছে ৷

লগতে পঢ়ক : AAP leader criticizes Sherman Ali : শ্বেৰমান আলীক মুকলি প্ৰত্যাহ্বান আপ নেতাৰ; কিন্তু কিয়?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.