গুৱাহাটী ১৭ ফেব্ৰুৱাৰী: অসম চৰকাৰে ৰাজ্যজুৰি চলোৱা উচ্ছেদৰ বিৰুদ্ধে বিৰোধীয়ে গ্ৰহণ কৰা ভূমিকা তথা মন্তব্যক ধিক্কাৰ জনাইছে ভাৰতীয় জনতা পাৰ্টী অসম প্ৰদেশে ৷ বিশেষকৈ বৃহস্পতিবাৰে শোণিতপুৰ জিলাৰ বুঢ়াচাপৰি বনাঞ্চলত চলোৱা উচ্ছেদ অভিযানস্থলীত কংগ্ৰেছ দলৰ ৰূপহীহাটৰ বিধায়ক নুৰুল হুদা উপস্থিত হৈ উচ্ছেদ অভিযানত বাধা প্ৰদানৰ চেষ্টা কৰা কাৰ্যক ধিক্কাৰ দিছে দলটোৱে (Sonitpur Burhachapori Eviction) ।
বিধায়ক নুৰুল হোদাই বিধানসভাৰ এজন সদস্য হোৱাৰ পাচতো আইনী প্ৰক্ৰিয়াত বাধা দিয়াতো অত্যন্ত গৰিহণাৰ যোগ্য বুলি উল্লেখ কৰি বিধানসভাৰ দৰে এক সন্মানীয় পদমৰ্যদা লাভ কৰিছে বুলি কটু সমালোচনা কৰে বিজেপি ৰাজ্যিক মুখপাত্ৰ লক্ষ্য কোঁৱৰে (Assam State BJP slams congress MLA Nurul Huda) ৷ উল্লেখ্য যে, বৰ্তমান ৰাজ্যত চলি থকা উচ্ছেদ অভিযান সন্দৰ্ভত শুকুৰবাৰে বশিষ্ঠস্থিত ভাৰতীয় জনতা পাৰ্টীৰ মুখ্য কাৰ্যালয়ত এক সংবাদমেল আয়োজন কৰে দলটোৰ ৰাজ্যিক মুখপাত্ৰ লক্ষ্য কোঁৱৰ আৰু ঋতুবৰণ শৰ্মাই ।
দলটোৰ ৰাজ্যিক মুখপাত্ৰ লক্ষ্য কোঁৱৰে সংবাদমেলত উচ্ছেদ অভিযানক বিৰোধিতা কৰা কংগ্ৰেছ দলক ক্ষুৰধাৰ সমালোচনা কৰা দেখা যায় । মুখপাত্ৰ লক্ষ্য কোঁৱৰে কয় যে বিৰোধীয়ে ভাল কামৰ সদায়ে বিৰোধিতা কৰে । তেওঁ কংগ্ৰেছৰ দিনত অবৈধ বেদখল সৰ্বাধিক ৰূপত হৈছিল বুলি উল্লেখ কৰি এই উচ্ছেদৰ জৰিয়তে কংগ্ৰেছৰ ভোট বেংকত হাতুৰীৰ কোব পৰিছে বুলি মন্তব্য কৰে ৷
ৰাজ্যিক মুখপাত্ৰ লক্ষ্য কোঁৱৰে কয় যে, কংগ্ৰেছে জানি লোৱা উচিত অবৈধ দখলী সৰ্বাধিক কংগ্ৰেছৰ দিনতে হৈছিল । এতিয়ালৈকে ৩ লাখ ৬৬ হাজাৰ হেক্টৰ বনভূমি অবৈধ দখলীৰ হাতত । ১১,৬০০ লোকৰ বসতিস্থল আছিল কালি উচ্ছেদ হোৱা স্থানত । তেওঁ আৰু কয়, এই উচ্ছেদৰ জৰিয়তে কংগ্ৰেছৰ ভোট বেংকত হাতুৰীৰ কোব পৰিছে । সেয়েহে কংগ্ৰেছে এনেকুৱা কৰিছে । কংগ্ৰেছৰ ৰাণী নৰহে উদ্যোগত হৈছিল সন্দেহযুক্ত নাগৰিকৰ অবৈধ দখল । ইফালে ভূপেন বৰাক অসমীয়াৰ পক্ষত থিয় দিবলৈ সঁকীয়নী প্ৰদান কৰে বিজেপি মুখপাত্ৰ লক্ষ্য কোঁৱৰে ।
এই সন্দৰ্ভক লৈ আজি মন্ত্ৰী পীযুষ হাজৰিকাইও গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায় । চৰকাৰৰ উচ্ছেদত বাধা আৰোপ কৰা বিধায়ক নুৰুল হুদা কোন বুলি প্ৰশ্ন কৰে মন্ত্ৰীগৰাকীয়ে । তেওঁৰ মতে ওকনিৰ ভয়ত অসম চৰকাৰে চুলি নাকাটে । নুৰুল হুদাই উচ্ছেদ ৰখাব নোৱাৰে বুলি দাবী কৰে মন্ত্ৰী পীযুষ হাজৰিকাই (Pijush Hazarika slams congress MLA Nurul Huda)।
লগতে পঢ়ক : Government rehabilitation centre : পামহীত মুকলি চৰকাৰী নিচামুক্তি কেন্দ্ৰ