ETV Bharat / state

ৰাজ্যসভাৰ প্ৰাৰ্থী হ’ব কোন: কইনাধৰাত বিজেপিৰ বৈঠক

author img

By

Published : Mar 16, 2022, 10:52 PM IST

Updated : Mar 17, 2022, 6:22 AM IST

31 মাৰ্চত অনুষ্ঠিত হ’বলগীয়া ৰাজ্যসভা নিৰ্বাচন (Rajya Sabha Election 2022)৷ বিজেপিয়ে দুখন খালী আসনৰ এখন ইউ পি পি এলক এৰি দিব কবুলি চলি আছে চৰ্চা ৷ ইয়াৰ মাজতে বুধবাৰে নিশা মুখ্যমন্ত্ৰী ড৹ হিমন্তবিশ্ব শৰ্মা মুলতঃ এই বিষয়ত অনুষ্ঠিত হ’ল ৰাজ্যিক বিজেপিৰ ক'ৰ কমিটিৰ এখন বৈঠক ৷

Rajya Sabha Election 2022
কইনাধৰাত বিজেপিৰ বৈঠক

গুৱাহাটী, 16 মাৰ্চ: আগন্তুক 31 মাৰ্চত অনুষ্ঠিত হ’বলগীয়া ৰাজ্যসভা নিৰ্বাচন(Rajya Sabha Election 2022)ৰ অসমৰ দুখন আসনৰ ভিতৰত এখনত বিজেপিয়ে নিজাকৈ প্ৰাৰ্থী আগবঢ়োৱাৰ লগতে দ্বিতীয়খন আসন মিত্ৰদল ইউ পি পি এলক এৰি দিব পাৰে বুলি ৰাজনৈতিক মহলত চৰ্চা অব্যাহত থকাৰ সময়তে বুধবাৰে নিশা অনুষ্ঠিত হয় ৰাজ্যিক বিজেপিৰ ক'ৰ কমিটিৰ এখন গুৰুত্বপূৰ্ণ বৈঠক । কইনাধৰাৰ ৰাজ্যিক অতিথিশালাত অনুষ্ঠিত এই বৈঠকত মুখ্যমন্ত্ৰী ড৹ হিমন্তবিশ্ব শৰ্মা, ৰাজ্যিক বিজেপিৰ সভাপতি ভবেশ কলিতা সমন্বিতে ক'ৰ কমিটিৰ আটাইকেইগৰাকী সদস্য উপস্থিত থাকে ।

বুধবাৰে বিয়লি বিধানসভাত বিত্তমন্ত্ৰী অজন্তা নেওগে বাজেট দাখিল কৰাৰ পিছতে মুখ্যমন্ত্ৰী আৰু সভাপতি কলিতা বিধানসভাৰ পৰা পোনে পোনে ৰাওনা হয় কইনাধৰালৈ (Assam BJP core committee meeting)। এই ক'ৰ কমিটিৰ বৈঠকত মূলতঃ ৰাজ্যসভাৰ প্ৰথমখন আসনত বিজেপিৰ প্ৰাৰ্থী কোন হ’ব সেই বিষয়েই আলোচনা চলে বুলি জানিব পৰা গৈছে । অৱশ্যে দুই এদিনৰ ভিতৰতে বিজেপিৰ ৰাষ্ট্ৰীয় নেতৃত্বই এই সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত ঘোষণা কৰিব (BJP candidates for Rajya Sabha Election)।

উল্লেখযোগ্য যে, 31 মাৰ্চত অনুষ্ঠিত হ’বলগীয়া ৰাজ্যসভাৰ নিৰ্বাচনৰ বাবে মনোনয়ন দাখিলৰ অন্তিম দিন হৈছে 21 মাৰ্চ । গতিকে মাজত আছে মাত্ৰ চাৰি দিন । এই সময়চোৱাৰ ভিতৰতে বিজেপিয়ে প্ৰাৰ্থীৰ নাম ঘোষণা কৰিব লাগিব । ইতিমধ্যে বিজেপিৰ কেইবাজনো ৰাজ্যিক পৰ্যায়ৰ নেতাৰ নাম সম্ভাব্য প্ৰাৰ্থী হিচাপে চৰ্চালৈ আহিছে যদিও অন্তিম সময়ত হয়তো দৃশ্যপট চৰ্চা চলি থকাৰ দৰে নহৈ সলনিও হ’ব পাৰে । বিজেপিৰ ক'ৰ কমিটিৰে নাম প্ৰকাশ কৰিব নোখোজা এগৰাকী সদস্যই ব্যক্ত কৰিছে এই সম্ভাৱনা ।

লগতে পঢ়ক: বাজেটত কোনো চমক নাই : বিৰোধী দলপতি দেবব্ৰত শইকীয়া

Last Updated : Mar 17, 2022, 6:22 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.