ETV Bharat / state

অসমত প্ৰকল্প সম্পূৰ্ণ নহয়হে নহয় : উদ্বিগ্ন ড'নাৰ - Assam showing slow pace in central policy implementation

অসমত কেন্দ্ৰীয় চৰকাৰৰ প্ৰকল্প সমূহৰ কাম আধৰুৱা হৈ পৰি ৰোৱা ঘটনাত উদ্বিগ্ন হৈ পৰিছে নৱনিযুক্ত ড'নাৰ মন্ত্ৰী জি কিষাণ ৰেড্ডী ৷ যাৰ বাবে তেওঁ অনুসন্ধানৰ বাবে শীঘ্ৰে এটা বিভাগীয় দল অসমলৈ পঠিয়াবলৈ সাজু হৈছে বুলিও জানিব পৰা গৈছে ৷

assam-showing-slow-pace-in-central-policy-implementation
অসমত প্ৰকল্প সম্পূৰ্ণ নহয়হে নহয়
author img

By

Published : Aug 26, 2021, 10:43 PM IST

গুৱাহাটী,26 আগষ্ট: কেন্দ্ৰীয় আঁচনি ৰূপায়নৰ ক্ষেত্ৰত অসমে দেখুওৱা লেহেমীয়া গতিত উদ্বিগ্ন হৈ পৰিছে ভাৰত চৰকাৰৰ ড'নাৰ মন্ত্ৰণালয় ৷ আনকি বছৰৰ পিছত বছৰ উকলি যোৱাৰ পিছতো উত্তৰ পূৱ পৰিষদে অনুমোদন জনোৱা অসমৰ বহুকেইখন আঁচনি আজিও সম্পূৰ্ণ হৈ নুঠিল ৷ প্ৰাপ্ত তথ্য মতে 2020 বৰ্ষলৈকে সমগ্ৰ অসমত উত্তৰ পূৱ পৰিষদৰ অধীনত সৰ্বমুঠ 66 টা প্ৰকল্পৰ কাম চলি আছে ৷ মন কৰিবলগীয়া যে, উত্তৰ পূৱ পৰিষদৰ দ্বাৰা 2004,2005 চনতে অনুমোদিত আঁচনি আজিও অসম্পূৰ্ণ হৈ আছে ৷

অসমত এইদৰে প্ৰকল্প সমূহৰ কাম আধৰুৱা হৈ পৰি ৰোৱা ঘটনাত উদ্বিগ্ন হৈ পৰিছে নৱনিযুক্ত ড'নাৰ মন্ত্ৰী জি কিষাণ ৰেড্ডী ৷ এইদৰে অধিকাংশ প্ৰকল্পই আধৰুৱা হৈ পৰি ৰোৱাৰ বাবে প্ৰকল্প সমূহৰ পৰবৰ্তী কিস্তিৰ ধন কেন্দ্ৰৰ পৰা লাভ কৰাৰ ক্ষেত্ৰতো বাধাৰ সৃষ্টি হৈছে ৷ 2021 বৰ্ষতো অসমত 25 টা প্ৰকল্পৰ অনুমোদন জনোৱাত অসমত আজিৰ তাৰিখত চলি থকা প্ৰকল্পৰ সংখ্যা হৈছেগৈ 91 টা ৷

assam-showing-slow-pace-in-central-policy-implementation
অসমত প্ৰকল্প সম্পূৰ্ণ নহয়হে নহয়

প্ৰাপ্ত তথ্য অনুসৰি বহুকেইটা প্ৰকল্পৰ বাবে ধন মোকলাই দিয়াৰ পিছতো সেই ধনৰ ব্যৱহাৰিক প্ৰমাণপত্ৰ উত্তৰ পূৱ পৰিষদে দাখিল নকৰাৰ বাবেই কেন্দ্ৰীয় চৰকাৰে পৰবৰ্তী ধন মোকলাই দিব পৰা নাই ৷ আনহাতে সুদীৰ্ঘ সময়জুৰি চলি থকা প্ৰকল্প সমূহ সম্পূৰ্ণ হৈ নুঠা ঘটনায়ো বিমোৰত পেলাইছে ড'নাৰ মন্ত্ৰনালয়ক ৷

বৰাক নদীৰ ওপৰত এখন দলং নিৰ্মাণৰ বাবে 2005 চনতে 19.27 কোটি টকাৰ অনুমোদন দিয়া হৈছিল ৷ কিন্তু দলং খন আজিও হৈ নুঠিল ৷ একেদৰে আন এক প্ৰকল্পত 2004 চনতে উত্তৰ পূৱ পৰিষদে শিলচৰ- দোৱাৰবন্দ-গাগলেচাৰা পথ নিৰ্মাণৰ বাবে 85.82 কোটি টকা অনুমোদন জনাইছিল আৰু ইয়াৰে 77.53 কোটি টকা মোকলাইয়ো দিয়া হৈছিল ৷ সেই পথ আজিকোপতি সম্পূৰ্ণ হৈ নুঠিল ৷

অসমত চলি থকা এনেবিলাক কাণ্ড কাৰখানাই হতভম্ব কৰি তুলিছে নৱনিযুক্ত ড'নাৰ মন্ত্ৰী কিষাণ ৰেড্ডীক ৷ যাৰ বাবে তেওঁ অনুসন্ধানৰ বাবে শীঘ্ৰে এটা বিভাগীয় দল অসমলৈ পঠিয়াবলৈ সাজু হৈছে বুলিও জানিব পৰা গৈছে ৷

লগতে পঢ়কঃ ৰাজ্যিক কেবিনেটত নিবনুৱাৰ বাবে ভাল খবৰ: অচিৰেই মুকলি হ'ব বহু পদ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.