ETV Bharat / state

Bajali extortion case: বজালীৰ আৰক্ষী অধীক্ষক সিদ্ধাৰ্থ বুঢ়াগোহাইৰ পৰা উদ্ধাৰ ৬৪ লক্ষাধিক টকা - বিশেষ আৰক্ষী সঞ্চালক প্ৰধান

বজালীৰ আৰক্ষীৰ ধনদাবীকাণ্ড সন্দৰ্ভত গুৱাহাটীত সংবাদমেল সম্বোধন বিশেষ আৰক্ষী সঞ্চালক প্ৰধান হৰমীত সিঙৰ ৷ ঘটনাৰ সৱিশেষ বৰ্ণনা কৰিলে বিশেষ আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে ৷ ঘটনা সন্দৰ্ভত ফৰেন্সিক দলে চলাইছে তদন্ত ৷

Bajali Police extortion case
Bajali Police extortion case
author img

By ETV Bharat Assamese Team

Published : Sep 8, 2023, 7:10 PM IST

বজালী আৰক্ষীৰ ধনদাবীকাণ্ডৰ সৱিশেষ

গুৱাহাটী, ৮ ছেপ্টেম্বৰ: বজালী ধনদাবী গোচৰত গ্ৰেপ্তাৰ হোৱা বজালীৰ আৰক্ষী অধীক্ষক সিদ্ধাৰ্থ বুঢ়াগোহাইয়ে আত্মীয়ৰ ঘৰত লুকাই থোৱা চুটকেছত উদ্ধাৰ হৈছে নগদ ৬৪ লাখ ২৭,৫০০ টকা ৷ এই কথা শুকুৰবাৰে সংবাদমেলত সদৰী কৰে বিশেষ আৰক্ষী সঞ্চালক প্ৰধান হৰমীত সিঙে ।

শুকুৰবাৰৰ সংবাদমেলত তেওঁ বজালীৰ ধনদাবী গোচৰ সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত কয় যে ৯ আগষ্টত দুৰ্নীতি নিবাৰক শাখাত অভিযোগ দিছিল ৰবিউল ইছলামে । তথ্যসহ অভিযোগ দিছিল ৰবিউল ইছলামে । দুৰ্নীতি নিবাৰক শাখাই পতা জালত নপৰাৰ বাবে গোচৰটো লয় CID য়ে । ৩১ আগষ্টত ১১ টা ধাৰা সন্নিবিষ্ট কৰি CIDয়ে 14/23 নম্বৰত গোচৰ ৰুজু কৰে ।

এই গোচৰত এতিয়ালৈকে বজালী জিলাৰ SP, ASP, DSP, IC, গাড়ীচালক, হোমগাৰ্ড, দালালসহ মুঠ দহজনক গ্ৰেপ্তাৰ কৰা হৈছে । প্ৰথমে ড্ৰাগছ বিচাৰি ১৫-১৬ জুলাইত আৰক্ষীয়ে অভিযান চলাইছিল ৰবিউলৰ ঘৰত ৷ কিন্তু ড্ৰাগছ নাপাই ঘৰৰ পৰা উঠাই লৈ আহিছিল ৰবিউলক । ৰবিউলক ভৱানীপুৰ আৰক্ষী চকীত ৰখা হয় ।

ৰবিউলৰ ভনীয়েক পৰা নগদ ১০ লাখ টকা আৰু ২৩ খন চেক লৈ আহিছিল আৰক্ষীয়ে ৷ ইয়াৰ ভিতৰত ২১ খন উকা চেক থকাৰ লগতে ২ খন চেকৰ এখনত ডেৰ কোটি টকা আৰু আনখনত ২ কোটি ১০ লাখ টকা আছিল ।

ৰবিউলৰ মাতৃৰ স্বাক্ষৰ থকা SBI আৰু HDFC বেংকৰ চেক লৈছিল ধৃত ১০ জনে । ইতিমধ্যে CIDয়ে জব্দ কৰিছে ২৩ খনকৈ চেক । দহ লাখ নগদ ধন আৰু ২৩ খন বেংকৰ চেক, ১৭ টা মোবাইল ফোন, দুটাকৈ আইফোন, এটা লেনোভো লেপটপ, দুটা মেকবুক লৈ ১৭ জুলাইত বজালী আৰক্ষীয়ে এৰি দিছিল ৰবিউলক ।

ৰবিউলক মাৰ-ধৰ কৰা, টকা বিচৰা আদি সকলো কাম কৰিছিল গৃহৰক্ষী জোৱান দ্বীপজয় কলিতা আৰু নবিৰ আহমেদে । দালাল কিশোৰ বৰুৱাই স্বীকাৰ কৰিছে CID ৰ জেৰাত যে তেওঁ আৰু চহিদুল ইছলামে সমগ্ৰ কেলেংকাৰীত দালালি কৰিছিল । ইতিমধ্যে গান্ধীনগৰৰ National Forensic Science Universityৰ পৰা অহা এটা বিশেষজ্ঞৰ দলে জেৰা কৰিছে আটাইকেইটা অভিযুক্তক ৷

লগতে পঢ়ক: Bajali Corruption Case: বজালীৰ পূৰ্বৰ আৰক্ষী অধীক্ষক সিদ্ধাৰ্থ বুঢ়াগোঁহাইক গ্ৰেপ্তাৰ; চৰকাৰী বাসগৃহ ছীল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.