গুৱাহাটী, ২৬জুলাই : পহিলা আগষ্টৰ পৰা মিছন ভূমিপুত্ৰৰ জৰিয়তে চৰকাৰে অনুসূচিত জাতিৰ প্ৰমাণ-পত্ৰ দিব বিচৰা কাৰ্যৰ তীব্ৰ বিৰোধিতা কৰিছে সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাই (Assam SC Students Union opposes SC certificates) । মঙলবাৰে গুৱাহাটী প্ৰেছ ক্লাবত আয়োজিত এক সংবাদমেলত সন্থাৰ সাধাৰণ সম্পাদক দেৱ কুমাৰ দাসে কয় যে, ইতিমধ্যে অসমত প্ৰায় ৩ লাখ লোকে ভুৱা অনুসূচিত জাতিৰ প্ৰমাণ-পত্ৰ সংগ্ৰহ কৰি সুবিধা লৈ প্ৰকৃত অনুসূচিত জাতিৰ লোকক বঞ্চিত কৰিছে (Assam SC Students Union press meet) ।
চৰকাৰে মিছন ভূমিপূত্ৰৰ জৰিয়তে অনুসূচিত জাতিৰ প্ৰমাণ-পত্ৰ সহজলভ্যভাৱে প্ৰদান কৰিলে অনুসূচিত জাতিৰ লোকসকল সাংবিধানিক অধিকাৰৰ পৰা বঞ্চিত হোৱাটো নিশ্চিত । কিয়নো বলীন দাস নামৰ লোকজনে অনুসূচিত জাতিৰ প্ৰমাণ-পত্ৰ সংগ্ৰহ কৰি চাকৰি লোৱাৰ লগতে অনুসূচিত জাতি-জনজাতিৰ বাবে সংৰক্ষিত ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ মাটি ক্ৰয় কৰিছে ।
সংবাদমেলত তেওঁ মিছন ভূমিপুত্ৰৰ জৰিয়তে অনুসূচিত জাতিৰ প্ৰমাণ-পত্ৰ দিয়া কাৰ্য বন্ধ কৰিব লাগে বুলি দাবী জনায় (SC certificates through mission Bhoomiputra) ।
ইয়াৰ বাবে নতুন বিধি ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলি মন্তব্য কৰি তেওঁ অনুসূচিত জাতিৰ প্ৰমাণ-পত্ৰ দিয়া অসম অনুসূচিত জাতি পৰিষদৰ দায়িত্ব বাতিল কৰিবলৈ দাবী জনায় । অনুসূচিত জাতিৰ প্ৰমাণ-পত্ৰ প্ৰদানৰ দায়িত্ব শিক্ষিত আৰু অনুসূচিতৰ সংজ্ঞা জনা লোকক দিবলৈও চৰকাৰক আহ্বান জনায় । সংবাদমেলত তেওঁ কয় যে, জালিয়াতিৰে অনুসূচিত জাতিৰ প্ৰমাণ-পত্ৰ সংগ্ৰহ কৰি অনুসূচিত জাতিৰ সুবিধা গ্ৰহণ কৰা লোকৰ বিৰুদ্ধ বহু গোচৰ ৰুজু কৰা হৈ আছে যদিও আৰক্ষীয়ে কোনো ব্যৱস্থা গ্ৰহণ নকৰা বুলি অভিযোগ কৰে ।
লগতে পঢ়ক: Barn owl Conservation : কৃত্ৰিমভাৱে বাহ তৈয়াৰৰ দ্বাৰা লক্ষ্মী ফেঁচা সংৰক্ষণৰ প্ৰচেষ্টা