ETV Bharat / state

অসম সৰ্বশিক্ষা অভিযানত ২০০ কোটি টকাৰ কেলেংকাৰী

অসম সৰ্বশিক্ষা অভিযানত বিয়াগোম কেলেংকাৰী । ২০১২-১৩ বৰ্ষৰ পৰা ২০১৪-১৫ বৰ্ষৰ ভিতৰত ২০০ কোটি টকাৰ কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে । ভুৱা সামগ্ৰী যোগান, ভুৱা শিক্ষকৰ দৰমহা দিয়াকে ধৰি বিভিন্ন শিতানৰ জৰিয়তে এই কেলেংকাৰী সংঘটিত কৰাৰ অভিযোগ তোলা হৈছে । গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰা এখন ৰাজহুৱা স্বাৰ্থ জড়িত আবেদনত সৰ্বশিক্ষাৰ এই কেলেংকাৰীৰ তথ্য উন্মোচিত হৈছে ।

author img

By

Published : Apr 17, 2021, 7:45 PM IST

অসম সৰ্বশিক্ষা অভিযানত বিয়াগোম কেলেংকাৰীৰ অভিযোগ

গুৱাহাটী, ১৭ এপ্ৰিল: অসম সৰ্বশিক্ষা অভিযানত ২০০ কোটিৰো অধিক টকাৰ কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে । ভুৱা সামগ্ৰী যোগান, ভুৱা শিক্ষকৰ দৰমহা দিয়াকে ধৰি বিভিন্ন শিতানৰ জৰিয়তে এই কেলেংকাৰী সংঘটিত কৰাৰ অভিযোগ তুলিছে আমগুৰি নৱ নিৰ্মাণ সমিতি নামৰ স্বেচ্ছাসেৱী সংগঠন এটাই । ২০১২-১৩ বৰ্ষৰ পৰা ২০১৪-১৫ বৰ্ষৰ ভিতৰত সংঘটিত হৈছে ২০০ কোটি টকাৰ এই বিয়াগোম কেলেংকাৰী ।

স্বেচ্ছাসেৱী সংগঠনটোৱে গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰা এখন ৰাজহুৱা স্বাৰ্থ জড়িত আবেদনত সৰ্বশিক্ষাৰ এই কেলেংকাৰীৰ তথ্য উন্মোচিত হৈছে । স্বেচ্ছাসেৱী সংগঠনটোৱে গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰা আবেদনত উল্লেখ কৰা অনুসৰি, ২০১২ চনৰ পৰা ২০১৫ চনৰ ভিতৰত অসম সৰ্বশিক্ষা অভিযানত ২০০ কোটিতকৈও অধিক টকাৰ কেলেংকাৰি সংঘটিত হৈছে ৷

উত্থাপিত অভিযোগ অনুসৰি, ২০১২ চনৰ পৰা ২০১৫ চনৰ ভিতৰত অস্তিত্বহীন টেট শিক্ষকৰ নামত ১৬ কোটি টকা আত্মসাৎ কৰিছে সৰ্বশিক্ষা অভিযানৰ একাংশ বিষয়া-কৰ্মচাৰীয়ে । যি সকল শিক্ষকৰ দৰমহাৰ নামত এই কোটি কোটি টকা ৰাজকোষৰ পৰা ওলাই গ'ল, বাস্তৱত সেই সকল শিক্ষকৰ কোনো অস্তিত্বই নাই । সৰ্বশিক্ষা অভিযানৰ সৈতে এই কেলেংকাৰীত শেহতীয়াকৈ সাঙোৰ খাই পৰিছে কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ নামো ।

টেট শিক্ষকৰ দুবছৰীয়া প্ৰশিক্ষণৰ নামত সৰ্বশিক্ষাৰ পৰা ২৮ কোটি টকা আদায় কৰিছিল কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ে । ইয়াৰে ৯ কোটি টকা ক'ত, কেনেদৰে খৰচ কৰিলে তাৰ কোনো তথ্য নাই বিশ্ববিদ্যালয় কতৃৰ্পক্ষৰ হাতত । এই সন্দৰ্ভত 'কেগ’-এ সবিশেষ তথ্য বিচাৰিছিল যদিও আজিলৈকে বিশ্ববিদ্যালয় কতৃৰ্পক্ষই কোনো উত্তৰ দিব পৰা নাই । তদুপৰি অতিৰিক্ত শিক্ষকৰ দৰমহাৰ নামতো সংঘটিত হৈছে ব্যাপক অনিয়ম ।

কেৱল শিৱসাগৰ জিলাতে অতিৰিক্ত শিক্ষকৰ নামত অতিৰিক্তভাৱে ওলাই গৈছে ৮ কোটিৰো অধিক টকা । কংগ্ৰেছ চৰকাৰৰ অন্তিমটো কাৰ্যকালত টেট শিক্ষক নিযুক্তিৰ নামত খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত হৈছিল নিযুক্তি সমাৱেশ । উক্ত সমাৱেশৰ মণ্ডপ নিৰ্মাণৰ নামত সৰ্বশিক্ষা অভিযান মিছনে ব্যয় কৰিছিল ৫.১২ কোটি টকা ।

যিটো অকল্পনীয় । ইতিমধ্যে, গুৱাহাটী উচ্চ ন্যায়ালয়ে আবেদনৰ শুনানি গ্ৰহণ কৰিছে আৰু পৰৱৰ্তী শুনানিত উত্থাপিত কেলেংকাৰীৰ অভিযোগ সন্দৰ্ভত সৰ্বশিক্ষা অভিযানে উত্তৰ দিব লাগিব । উল্লেখ্য যে, এই সন্দৰ্ভত সৰ্বশিক্ষা অভিযানে কি উত্তৰ দিয়ে সেয়া লক্ষণীয় হ'ব ।

লগতে পঢ়ক:ধেমাজিৰ বোৱাৰীয়ে অসমবাসীক দিলে গছতলৰ বিহুৰ মাদকতা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.