ETV Bharat / state

নৰেন্দ্ৰ মোদী চকীদাৰ হোৱাৰ যোগ্যতা নাইঃ অদীপ ফুকন

গুৱাহাটী প্ৰেছ ক্লাৱত এক সংবাদমেল সম্বোধন কৰি বিজেপি চৰকাৰলৈ প্ৰশ্ন উত্থাপন কৰে অসম সংগ্ৰামী মঞ্চই । মুঠ 32 টা অভিযোগ সন্নিবিষ্ট পত্ৰিকা লৈ সংবাদমেলতে ক্ষুৰধাৰ সমালোচনা কৰিলে বিজেপি দলক ‌‌৷

নৰেন্দ্ৰ মোদী চকীদাৰ হোৱাৰ যোগ্যাতা নাই
author img

By

Published : Apr 9, 2019, 12:51 AM IST

গুৱাহাটী, 8 এপ্ৰিলঃ বাংলাদেশৰ পৰা চৰাই এটাও সোমাব নোৱাৰিব বুলি প্ৰতিশ্ৰুতি দিয়া বিজেপি চৰকাৰৰ দিনত ক'ত হেৰাল 70 হাজাৰ বিদেশী । অসমবাসীয়ে বহু প্ৰতিবাদ কৰাৰ পাচতো কিয় বিজেপি চৰকাৰ নাগৰিকত্ব সংশোধনী বিধেয়কৰ গৃহীতৰ সপক্ষে আছে । এনে বহু প্ৰশ্নৰ অৱতাৰণা কৰিছে অসম সংগ্ৰামী মঞ্চই । সোমবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত এক সংবাদমেল সম্বোধন কৰি বিজেপি চৰকাৰলৈ প্ৰশ্ন উত্থাপন কৰে অসম সংগ্ৰামী মঞ্চই । মুঠ 32 টা অভিযোগ সন্নিবিষ্ট পত্ৰিকা লৈ সংবাদমেলত ক্ষুৰধাৰ সমালোচনা কৰিলে বিজেপি দলক ‌‌। আনহাতে, সংগঠনটোৰ সদস্যসকলে কয়, এই অভিযোগ পত্ৰিকা সমূহ ৰাইজৰ মাজত বিতৰণ কৰিব । বিজেপি চৰকাৰৰ চৰিত্ৰ উদঙাই দিয়াৰ লক্ষ্যৰে এই ব্যৱস্থা গ্ৰহণ কৰিছে সংগঠনটোৱে । তাৰোপৰি সংবাদমেলত সাংবাদিক অদীপ ফুকনে নৰেন্দ্ৰ মোদীক তীব্ৰ সমালোচনা কৰে । তেওঁ কয় যে নৰেন্দ্ৰ মোদীয়ে দেশৰ সৎ,দায়িত্বশীল চকীদাৰ সকলক অপমান কৰিছে । নৰেন্দ্ৰ মোদী চকীদাৰ হৈ থকা যোগ্যতা নাই বুলি সমালোচনা কৰে অদীপ ফুকনে ।

Intro:বাংলাদেশৰ পৰা চৰাই এটাও সোমাব নোৱাৰিব বুলি প্ৰতিশ্ৰুতি দিয়া বিজেপি চৰকাৰৰ দিনত ক'ত হেৰাল ৭০ হাজাৰ বিদেশী ।অসমবাসীয়ে বহু প্ৰতিবাদ কৰাৰ পিছতো কিয় বিজেপি চৰকাৰ নাগৰিকত্ব সংশোধনী বিধেয়কৰ গৃহীতৰ সপক্ষে আছে ।এনে বহু প্ৰশ্নৰ অৱতাৰণা কৰিছে অসম সংগ্ৰামী মঞ্চ ই ।সোমবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত এক সংবাদমেলত এইদৰে বিজেপি চৰকাৰলৈ প্ৰশ্ন উত্থাপন কৰিলে সংগঠনটোৱে ।মুঠ ৩২ টা অভিযোগ সন্নিবিষ্ট পত্ৰিকা লৈ সংবাদমেলতে ক্ষোৰধাৰ সমালোচনা কৰিলে বিজেপি দলক ‌‌।সংবাদমেলত তেওঁ লোকে কয় যে এই অভিযোগ পত্ৰিকা সমূহ ৰাইজৰ মাজত বিতৰন কৰিব ।বিজেপি চৰকাৰৰ চৰিত্ৰ উদঙাই দিয়াৰ লক্ষৰে এই ব্যৱস্থা গ্ৰহণ কৰিছে সংগঠনটোৱে ।এই সংবাদমেলতে সাংবাদিক অদীপ ফুকনে নৰেন্দ্ৰ মোদীক তীব্ৰ সমালোচনা কৰে ।তেওঁ কয় যে নৰেন্দ্ৰ মোদীয়ে দেশৰ সৎ,দায়িত্বশীল চকীদাৰ সকলক অপমান কৰিছে ।নৰেন্দ্ৰ মোদী চকীদাৰ হৈ থকা যোগ্যতা নাই বুলি সমালোচনা কৰে অদীপ ফুকনে ।

Body:লিপিকা ডেকা

Conclusion:গুৱাহাটী
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.