ETV Bharat / state

Assam Sahitya Sabha employees protest: চৰকাৰে আমাৰ পেটৰ ভাতমুঠি মোকলাই দিয়ক - অনিৰ্দিষ্ট কাললৈ ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ

এতিয়াও আমি 6 মাহৰ দৰমহা পোৱা নাই ৷ যদি এনেকৈয়ে থাকে আমি কেনেকৈ চলিম ৷ আমাক যদি দৰমহা নিদিয়ে আমি অনিৰ্দিষ্টকাললৈ এনেদৰে বহিয়েই থাকিম ৷ তাৰ পিছতো যদি চৰকাৰে আমাৰ কথা নুশুনে আমি আমাৰ সতি-সন্ততি লৈ আন্দোলনত বহিবলৈ বাধ্য হম ৷ প্ৰাপ্য মজুৰি প্ৰদানৰ দাবীত অসম সাহিত্য সভাৰ কল্যাণ সমিতিয়ে প্ৰতিবাদ সাব্যস্ত কৰি এই মন্তব্য প্ৰকাশ কৰে ( Assam Sahitya Sabha employees protest)৷

Assam Sahitya Sabha employees protest in Guwahati
Assam Sahitya Sabha employees protest: চৰকাৰে আমাৰ পেটৰ ভাতমুঠি মোকলাই দিয়ক
author img

By

Published : Dec 5, 2022, 10:39 PM IST

গুৱাহাটী, 5 ডিচেম্বৰ: "আমি প্ৰায় 42 জন কৰ্মচাৰী আছো ৷ আমি দুৰ্গা পূজাৰ সময়লৈ 8 মাহৰ দৰমহা পোৱা নাছিলো ৷ পূজাৰ আগত আমি অভিযোগ কৰাৰ বাবে চাৰিমাহৰ দৰমহা অসম চৰকাৰে মোকলাই দিছিল ৷ অসম চৰকাৰে আমাক গৰু, ছাগলী বুলি ভাবে নেকি ? চৰকাৰে কিয় আমাৰ প্ৰাপ্য ধন মোকলাই দিব নোৱাৰে ? চৰকাৰে আমাৰ মান মৰ্যদা বুজি নাপাই নেকি ? চৰকাৰে আমাৰ পেটৰ ভাতমুঠি কিয় মোকলাই দিব নোৱাৰে ? আপোনালোকৰ দিনত আমি বাৰম্বাৰে কৈ থকাৰ পিছতো কিয় এনেদৰে আন্দোলনত বহিব লগা হৈছে ? আপোনালোকে বাৰম্বাৰে কৈ আহিছে কৰ্মচাৰী বেছি হৈছে বেছি হৈছে, পৰমানন্দ ৰাজবংশীৰৰ দিনত অতিৰিক্ত কৰ্মচাৰী নিয়োগ কৰিব লগা হৈছিল ৷

তেখেতৰ দিনত চৰকাৰে যিমান দৰমহা আছিল তাতকৈ দুগুণ বৃদ্ধি কৰিবলগীয়া হৈছিল ৷ কাৰণ তেখেতসকলৰ নেতৃত্ব সবল আছিল ৷ এতিয়া কৰ্মচাৰী অভাৱ, কৰ্মচাৰীয়ে আন্দোলন কৰিলেই বদলিকৰণ কৰে ৷ দিনক দিনে সাহিত্য সভাৰ কৰ্মচাৰী কমিহে গৈছে ৷ এতিয়াও আমি 6 মাহৰ দৰমহা পোৱা নাই ৷ যদি এনেকৈয়ে থাকে আমি কেনেকৈ চলিম ৷ আমাক যদি দৰমহা নিদিয়ে আমি অনিৰ্দিষ্টকাললৈ এনেদৰে বহিয়েই থাকিম ৷

তাৰ পিছতো যদি চৰকাৰে আমাৰ কথা নুশুনে আমি আমাৰ সতি-সন্ততি লৈ আন্দোলনত বহিবলৈ বাধ্য হম ৷ দৰকাৰ হ’লে আমি ভাত পানীও এৰি, আমি আন্দোলনস্থলীতে নিশা কটাম ৷" প্ৰাপ্য মজুৰি প্ৰদানৰ দাবীত অসম সাহিত্য সভাৰ কল্যাণ সমিতিয়ে প্ৰতিবাদ সাব্যস্ত কৰি এই মন্তব্য প্ৰকাশ কৰে ( Assam Sahitya Sabha employees protest)৷

Assam Sahitya Sabha employees protest: চৰকাৰে আমাৰ পেটৰ ভাতমুঠি মোকলাই দিয়ক

সোমবাৰে পুৱা ১০ বজাৰ পৰা সাহিত্য সভা ভৱনৰ সন্মুখত অনিৰ্দিষ্ট কাললৈ ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে কৰ্মচাৰীসকলে ৷ ৬ মাহ ধৰি প্ৰাপ্য মজুৰিৰ পৰা বঞ্চিত হৈ আছে কৰ্মচাৰীসকল । ইয়াৰ পূৰ্বেইও বহুবাৰ প্ৰতিবাদ কৰিছিল অসম সাহিত্য সভাৰ কল্যাণ সমিতিয়ে ৷ কিন্তু আজি পৰ্যন্ত অসম সাহিত্য সভা কৰ্তৃপক্ষই মোকলাই দিয়া নাই ৬ মাহৰ দৰমহা (Sahitya Sabha employees protest in Guwahati)৷

আগন্তক ২৪ ডিচেম্বৰত ঘোষণা হ’ব লগা অসম সাহিত্য সভাৰ সাধাৰণ নিৰ্বাচনৰ ফলাফল ঘোষণাৰ কাম কাজ বৰ্জন কৰাৰ সিদ্ধান্ত গ্ৰহম কৰে কৰ্মচাৰীসকলে (Employees demanding payment of due wages)৷ ইয়াৰ লগতে আগন্তক অসম সাহিত্য সভাৰ অধিবেশন বৰ্জনৰ হুংকাৰ দিয়ে অসম সাহিত্য সভাৰ কল্যাণ সমিতিৰ কৰ্মচাৰীয়ে ৷ এই প্ৰতিবাদৰ অংশস্বৰূপে ইতিমধ্যেই যোৰহাটত অনুষ্ঠিত হোৱা গ্ৰন্থ মেলাৰ বিপনী বন্ধ ৰাখিছে অসম সাহিত্য সভাৰ কল্যাণ সমিতিয়ে৷ অসম সাহিত্য সভাৰ উৰ্ধতম কৰ্তৃপক্ষ আৰু চৰকাৰক শীঘ্ৰেই ব্যৱস্থা গ্ৰহণৰ দাবী অসম সাহিত্য সভাৰ কল্যাণ সমিতিৰ।

লগতে পঢ়ক: Assam secretariat water supply: অসম সচিবালয়ৰ পানীৰ খৰচ দিব লাগিব জনতাই

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.