ETV Bharat / state

আকৌ কপাল ফুলিব পাৰে ভুৱনেশ্বৰ-বিশ্বজিতৰঃ তৃতীয়খন আসনত কোন ?

author img

By

Published : Mar 3, 2020, 8:27 AM IST

শাসক পক্ষৰ ফালৰ পৰা ই টিভি ভাৰতৰ হাতত আহি পৰা তথ্য অনুসৰি এই দুখন আসনৰ এখনত প্ৰাক্তন কংগ্ৰেছ সাংসদ তথা ন-বিজেপি ভুৱনেশ্বৰ কলিতাক বিজেপিয়ে প্ৰাৰ্থঈত্ব দিয়াটো প্ৰায় নিশ্চিত ।

আকৌ কপাল ফুলিব পাৰে ভুৱনেশ্বৰ-বিশ্বজিতৰঃ তৃতীয়খন আসনত কোন ?
আকৌ কপাল ফুলিব পাৰে ভুৱনেশ্বৰ-বিশ্বজিতৰঃ তৃতীয়খন আসনত কোন ?

গুৱাহাটী,২ মাৰ্চঃ ২৬ মাৰ্চত ৰাজ্যসভাৰ তিনিখন আসনৰ বাবে হ'বলগীয়া নিৰ্বাচনৰ বাবে ৰাজ্যৰ শাসক-বিৰোধী উভয় শিবিৰতে আৰম্ভ হৈছে ৰাজনৈতিক সমীকৰণ। সংখ্যাৰ জোৰেৰে প্ৰথম দুখন আসন শাসকীয় মিত্ৰজোটৰ হাতত থকাটো নিশ্চিত । সেয়েহে এই দুখন আসনৰ প্ৰাৰ্থী কোন হ'ব পাৰে তাকে লৈ এতিয়া ৰাজনৈতিক মহলত চলিছে সাংঘাতিক জল্পনা কল্পনা । কিন্তু শাসক পক্ষৰ ফালৰ পৰা ই টিভি ভাৰতৰ হাতত আহি পৰা তথ্য অনুসৰি এই দুখন আসনৰ এখনত প্ৰাক্তন কংগ্ৰেছ সাংসদ তথা ন-বিজেপি ভুৱনেশ্বৰ কলিতাক বিজেপিয়ে প্ৰাৰ্থঈত্ব দিয়াটো প্ৰায় নিশ্চিত ।

ASSAM RAJYASABHA ELECTION, WHO WILL BE LUCKY PERSON FOR THIRD SEAT
অৰূপ বৰবৰা,জয়ন্ত বৰুৱা হ'ব নেকি প্ৰাৰ্থী

আনহাতে,দ্বিতীয়খন আসন যিহেতু বিজেপিয়ে মিত্ৰদল বি পি এফক এৰি দিব লাগিব গতিকে এইখন আসনৰ বাবে বিশ্বজিৎ দৈমাৰীকেই পুনৰ প্ৰাৰ্থীত্ব দিয়াৰ পোষকতা কৰিছে দলটোৰ মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে ।

ইপিনে তৃতীয়খন আসন যিহেতু সংখ্যাৰ জোখেৰে শাসকপক্ষই লাভ কৰাটো সম্ভৱ নহয় সেয়েহে দুই বিৰোধী দল কংগ্ৰেছ আৰু এ আই ইউ ডি এফে কোনো দলীয় লোকক প্ৰাৰ্থিত্ব দিয়াৰ বিপৰীতে "কা" বিৰোধী আন্দোলনত সক্ৰিয় ভূমিকা গ্ৰহণ কৰা কাৰোবাক প্ৰাৰ্থী হিচাপে আগবঢ়াব বিচাৰিছে । কিন্তু প্ৰশ্ন উঠিছে দুই বিৰোধীৰ সমিলমিলত কোন হ'ব তৃতীয় গৰাকী প্ৰাৰ্থী ?

অজিত কুমাৰ ভূঞা,অখিল গগৈকো বিৰোধী শিবিৰে প্ৰাৰ্থীত্ব দিয়াৰ সম্ভাৱনা

তৃতীয়খন আসনৰ বাবে বিৰোধী শিবিৰত এতিয়া সততে চৰ্চা চলা নাম কেইটা হৈছে অখিল গগৈ,অৰূপ বৰবৰা,জয়ন্ত বৰুৱা,অজিত কুমাৰ ভূঞা আৰু বৰষাৰাণী বিষয়া। কিন্তু সময়েহে ক'ব এই তৃতীয়টো প্ৰশ্নবোধক চিন কোনে আতৰাব ।

লগতে চাওকঃ

দিল্লীৰ ঘটনা পূৰ্ব পৰিকল্পিত আছিলঃ আছাদুদ্দিন ওৱেইছি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.