ETV Bharat / state

জিগনেশ মেৱানীৰ মুক্তিৰ দাবীত কোকৰাঝাৰত কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ

author img

By

Published : Apr 22, 2022, 2:15 PM IST

কংগ্ৰেছ কৰ্মীৰ প্ৰতিবাদত উত্তাল হ’ল কোকৰাঝাৰৰ সদৰ আৰক্ষী থানা ৷ গুজৰাটৰ কংগ্ৰেছ বিধায়ক তথা দলিত নেতা জিগনেশ মেৱানীক বিনা চৰ্তে মুকলি কৰি দিয়াৰ দাবীত অসম প্ৰদেশ কংগ্ৰেছে শুক্ৰবাৰে সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ (Congress protest in Kokrajhar demanding release of Jignesh Mewani) ।

জিগনেশ মেৱানীৰ মুক্তিৰ দাবীত কোকৰাঝাৰত কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ
জিগনেশ মেৱানীৰ মুক্তিৰ দাবীত কোকৰাঝাৰত কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ

গুৱাহাটী, 22 এপ্ৰিল : কোকৰাঝাৰৰ সদৰ আৰক্ষী থানাৰ আৰক্ষীৰ জিম্মাত থকা গুজৰাটৰ কংগ্ৰেছ বিধায়ক তথা দলিত নেতা জিগনেশ মেৱানীক মুকলি কৰি দিয়াৰ দাবীত কংগ্ৰেছে শুক্ৰবাৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে (Congress protest in Kokrajhar demanding release of Jignesh Mewani) । অসম প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক অপূৰ্ব কুমাৰ ভট্টাচাৰ্যৰ নেতৃত্বত শ শ কংগ্ৰেছ কৰ্মীয়ে ৰাজপথলৈ ওলাই আহি জিগনেশ মেৱানীৰ মুক্তিৰ দাবীত ৰাজপথ উত্তাল কৰি তোলে ।

উল্লেখ্য যে, কোকৰাঝাৰ থানাত যোৱা ১৯ এপ্ৰিলত বিজেপি নেতা তথা বিটিচিৰ স্বাস্থ্য বিভাগৰ কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দেই দাখিল কৰা এজাহাৰৰ ভিত্তিত দলিত নেতা মেৱানীক বুধবাৰৰ নিশা গুজৰাটত অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল (MLA Jignesh Mevani arrested by Assam Police) । তাৰ পিছত বৃহস্পতিবাৰে মেৱানীক অসম আৰক্ষীয়ে বিমানেৰে আনি গুৱাহাটীৰ পৰা স্থলপথেৰে কোকৰাঝাৰলৈ নিয়ে ।

কোকৰাঝাৰ সদৰ থানাত ভাৰতীয় দণ্ডবিধিৰ অধীনত জিগনেশ মেৱানীৰ বিৰুদ্ধে ১২০ (বি)/১৫৩ (এ)/২৯৫ (এ)/৫০৪/৫০৫ (এ) (বি (চি) (২) ধাৰা আৰু আই টি আইনৰ ৬৬ ধাৰাৰ অধীনত ১৮৩/২০২২ নম্বৰৰ গোচৰ ৰুজু কৰা হৈছিল । কোকৰাঝাৰ সদৰ থানাত বিধায়কজনক তিনি ঘণ্টা সোধা-পোচা কৰাৰ অন্তত চিকিৎসকে স্বাস্থ্য পৰীক্ষা কৰে ৷

তাৰ পিছতে কোকৰাঝাৰৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰা হয় নেতা জিগনেশ মেৱানীক । আৰক্ষীয়ে মেৱানীক ১৪ দিনৰ বাবে আৰক্ষীৰ জিম্মাত বিচাৰিছিল যদিও কোকৰাঝাৰৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে মেৱানীক তিনি দিনৰ বাবে আৰক্ষীৰ জিম্মাত দিয়ে (Three days police custody for Jignesh mevani)। মেৱানীক জেৰাৰ বাবে কোকৰাঝাৰ আৰক্ষী থানাত ৰখা হৈছে ।

ইপিনে কংগ্ৰেছ কৰ্মীসকলে কোকৰাঝাৰ আৰক্ষী থানাৰ সন্মুখত আৰ এছ এছ মুর্দাবাদ, অসম আৰক্ষী হায় হায়, বিজেপিৰ দাদাগিৰি নচলিব, “অৰূপ কুমাৰ দে’ হায় হায়, বিজেপি চৰকাৰ হায় হায় আদি শ্ল’গান দি পৰিৱেশ উত্তাল কৰি তোলে । মেৱানীৰ গ্ৰেপ্তাৰত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অসম প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই বিধায়ক গৰাকীৰ গ্ৰেপ্তাৰক অসাংবিধানিক, অগণতান্ত্ৰিক আখ্যা দিয়ে ।

লগতে তেওঁ কয় যে, ‘‘এই ঘটনাই প্ৰমাণ কৰে যে বি জে পি চৰকাৰখনৰ অধপতন আৰম্ভ হৈছে । নৰেন্দ্ৰ মোডীয়ে দেশত বিধায়কৰ গণতান্ত্ৰিক তথা কথা কোৱাৰ অধিকাৰ কাঢ়ি নিয়াৰ ব্যৱস্থা কৰিছে’’ । আনকি বিধায়কগৰাকীক গ্ৰেপ্তাৰ (Gujarat Congress MLA Jignesh Mevani arrested) কৰাৰ বাবে আৰক্ষীয়ে গুজৰাট বিধানসভাৰ অধ্যক্ষৰ অনুমতি লৈছিল নে, প্ৰট’কল অনুসৰণ কৰিছিল নে বুলিও প্ৰশ্ন কৰে অসম প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদকগৰাকীয়ে ।

আনকি বিজেপিৰ এই নিকৃষ্ট ৰাজনীতিৰ ৰ পৰিণাম আসন্ন গুজৰাটৰ বিধানসভা নিৰ্বাচনত ভুগিব লাগিব । অসম প্ৰদেশ কংগ্ৰেছে ন্যায় নোপোৱা পৰ্যন্ত যুঁজি থাকিব বুলি তেওঁ সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে ৷ লগতে তেওঁ বিনাচৰ্তে মেৱানীক মুক্তি দিয়াৰো দাবী উত্থাপন কৰে ৷

লগতে পঢ়ক : তিনি দিনৰ বাবে আৰক্ষীৰ জিম্মাত জিগনেশ মেৱানী

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.