ETV Bharat / state

অসমত ৭.৬৯ শতাংশলৈ নিবনুৱাৰ হাৰ বৃদ্ধি হোৱাৰ দাবী অসম প্ৰদেশ কংগ্ৰেছৰ

author img

By ETV Bharat Assamese Team

Published : Nov 21, 2023, 8:13 PM IST

শিক্ষিত নিবনুৱাৰ সংখ্যা বৃদ্ধিৰে অভিলেখ গঢ়িবলৈ গৈ আছে অসম- অসম প্ৰদেশ কংগ্ৰেছ ৷

Assam Pradesh Congress Committee
অসম প্ৰদেশ কংগ্ৰেছৰ সংবাদমেল

অসম প্ৰদেশ কংগ্ৰেছৰ সংবাদমেল

গুৱাহাটী, ২১ নৱেম্বৰ : অসমত নিবনুৱাৰ সংখ্যা বৃদ্ধি পাইছে ৷ পূৰ্বৰ ৪.৭ শতাংশৰ পৰা বর্তমান ৭.৬৯ শতাংশলৈ নিবনুৱাৰ হাৰ উদ্বেগজনকভাৱে উর্ধগামী হৈছে- এই দাবী কৰিছে অসম প্ৰদেশ কংগ্ৰেছৰ মিডিয়া বিভাগৰ উপাধ্যক্ষ বেদব্ৰত বৰাই । বেদব্ৰত বৰাই মঙলবাৰে গুৱাহাটীত অনুষ্ঠিত এখন সংবাদমেলত এই দাবী কৰি কয় যে, চহৰ অঞ্চলত নিবনুৱা বৃদ্ধিৰ হাৰ ১৩.৩২ শতাংশ হৈছে ।

অত্যাধিক নিবনুৱা থকা ১০ খন ৰাজ্যৰ ভিতৰত এতিয়া অসমৰ নাম অন্তর্ভুক্ত হৈছে । তেওঁ কয় যে, ৰাজ্যখনত পঞ্জীভুক্ত নিবনুৱাৰ সংখ্যা ১৬ লাখ ৮১ হাজাৰ ৭৭৭ গৰাকী যদিও বেচৰকাৰী ৰাজ্যখনত এতিয়াও প্ৰায় বিভিন্ন বিভাগত ৫০ হাজাৰাৰো অধিক পদ খালী হৈ আছে । এই পদসমূহ শীঘ্ৰে পূৰ্ণ কৰিবলৈ তেওঁ দাবী জনায় ।

বেদব্ৰত বৰাই অভিযোগ কৰি কয় যে নিবনুৱা সমস্যা সমাধানৰ ক্ষেত্ৰত কেন্দ্ৰ আৰু ৰাজ্যত থকা বিজেপি চৰকাৰখনে কোনোধৰণৰ বলিষ্ঠ পদক্ষেপ গ্ৰহণ নকৰাৰ বাবে ৩০ লাখতকৈ অধিক শিক্ষিত নিবনুৱাই অসমত কর্মক্ষেত্ৰ বিচাৰি হাহাকাৰ কৰিবলগীয়া হৈছে । যাৰ বাবে অসমৰ বহু খিলঞ্জীয়া শিক্ষিত যুৱক-যুৱতী অসম এৰি বহিঃৰাজ্যত চিকিউৰিটী গার্ড তথা সাধাৰণ শ্ৰমিক হিচাপে কাম কৰি নিজৰ পৰিয়াল চলাবলগীয়া হৈছে ।

সংবাদমেলত উপস্থিত থকা অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ ছ’চিয়েল মিডিয়া বিভাগৰ অধ্যক্ষ ৰাতুল কলিতাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাক সৰ্বকালৰ মিছলীয় মুখ্যমন্ত্ৰী আখ্যা দিয়ে । ৰাতুল কলিতাই কয় যে, কথাই প্ৰতি মিছা কথা কোৱা মুখ্যমন্ত্ৰীজনে ৰাজস্থান, মধ্যপ্ৰদেশ, ছত্তীশগড়ৰ নিৰ্বাচনী সভাত অসমত একেদিনাই একেখন ফিল্ডতে একলাখ যুৱক-যুৱতীক চাকৰি দিয়া বুলি গোকাট মিছা মাতিছে । মুখ্যমন্ত্ৰীয়ে প্ৰতি বছৰে ১ লাখ নিবনুৱাক চাকৰি দিম বুলি ঘোষণা কৰি বিগত আঢ়ৈ বছৰত ৮০‌ হাজাৰ নিবনুৱাকে সংস্থাপন দিব পৰা নাই বুলি কংগ্ৰেছ নেতাজনে তেওঁৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰে ।

লগতে পঢ়ক : সীমান্ত সমস্যা নিষ্পত্তি নোহোৱালৈকে আন সমস্যা সমাধান নহয় : ৰাণা প্ৰতাপ কলিতা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.