ETV Bharat / state

Srinivas BV case: 2 মে’ত দিছপুৰ আৰক্ষী থানাত হাজিৰ হ’বলৈ নিৰ্দেশ শ্ৰীনিবাসক

যুৱ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি শ্ৰীনিবাস বি ভিৰ ঘৰত অসম আৰক্ষীৰ দল ৷ 2 মে'ৰ দিনৰ 11 বজাৰ পূৰ্বে দিছপুৰ আৰক্ষী থানাত শ্ৰীনিবাসক উপস্থিত হ'বলৈ প্ৰদান কৰা হৈছে নিৰ্দেশ (Angkita Dutta accuses IYC president) ।

Assam police at IYC president residence
Assam police at IYC president residence
author img

By

Published : Apr 23, 2023, 2:11 PM IST

গুৱাহাটী, 23 এপ্ৰিল : সৰ্বভাৰতীয় যুৱ কংগ্ৰেছৰ সভাপতি শ্ৰীনিবাস বি ভিলৈ অসম আৰক্ষীৰ জাননী । তদন্তৰ বাবে শ্ৰীনিবাসক অসমলৈ আহিবলৈ জাননী জাৰি কৰা হৈছে । কংগ্ৰেছৰ সদ্য বহিষ্কৃত নেত্রী অংকিতা দত্তই অনা অভিযোগ ভিত্তিত ৰুজু হোৱা গোচৰৰ পৰিপ্ৰেক্ষিতত শ্ৰীনিবাসক অসম আৰক্ষীয়ে জাননী জাৰি কৰিছে । অৱশ্যে শ্ৰীনিবাসক এতিয়াই গ্ৰেপ্তাৰৰ সম্ভাৱনা নাই ।

উল্লেখ্য যে যুৱ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি শ্ৰীনিবাস বি ভিৰ বিৰুদ্ধে শাৰীৰিক-মানসিক নিৰ্যাতনৰ অভিযোগ তুলি অংকিতা দত্তই 19 এপ্ৰিলত দিছপুৰ থানাত এজাহাৰ দাখিল কৰিছিল । সেই এজাহাৰৰ ভিত্তিত ৰুজু কৰা গোচৰৰ তদন্তৰ বাবে গুৱাহাটী আৰক্ষীৰ 5 জনীয়া এটা দল শনিবাৰে কৰ্ণাটকলৈ ৰাওনা হয় । কৰ্ণাটকলৈ যোৱা আৰক্ষীৰ দলটোৰ নেতৃত্বত আছে এডিজিপি মৈত্ৰেয়ী ডেকা (Case against IYC president Srinivas) ।

ইফালে দেওবাৰে শ্ৰীনিবাসৰ বেংগালুৰুৰ ৰাজাজী নগৰত থকা ঘৰত উপস্থিত হয় অসম আৰক্ষীৰ দলটো । আৰক্ষীয়ে শ্ৰীনিবাসক জেৰাৰ বাবে অসমলৈ অহাৰ বাবে জাননী জাৰি কৰে । অসমলৈ অহাৰ পিচত জেৰাৰ সন্মুখীন হ'ব লাগিব শ্ৰীনিবাস । জেৰাৰ ভিত্তিত গ্ৰেপ্তাৰ হ'ব পাৰে শ্ৰীনিবাস ।

  • The Assam police is acting in accordance with the law. They are currently investigating a case filed by a female Congress worker against the accused person under Section 354 of IPC. It is unfair to blame me for the lack of a safe environment within the Congress party for female… https://t.co/ebVgqWQZRW pic.twitter.com/bK7HeEOAAd

    — Himanta Biswa Sarma (@himantabiswa) April 23, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

গুৱাহাটী আৰক্ষী আযুক্তালয়ৰ পূৱ গুৱাহাটীৰ অতিৰিক্ত আৰক্ষী উপ-আয়ুক্ত মৈত্ৰেয়ী ডেকাই শ্ৰীনিবাসলৈ জাৰি কৰা জাননীত 2 মে'ৰ দিনৰ 11 বজাৰ পূৰ্বে দিছপুৰ আৰক্ষী থানাত শ্ৰীনিবাসক উপস্থিত হ'বলৈ নিৰ্দেশ দিয়া হৈছে । উল্লেখ্য যে শ্ৰীনিবাসৰ বিৰুদ্ধে নিৰ্যাতনৰ অভিযোগ তুলি অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ তদানীন্তন সভাপতি অংকিতা দত্তই দিয়া এজাহাৰৰ ভিত্তিত দিছপুৰ আৰক্ষীয়ে ইতিমধ্যে ভাৰতীয় দণ্ডবিধিৰ ধাৰা 509/294/341/352/354/354 (A) (4)/506 আৰু তথ্য প্রযুক্তি আইনৰ 67 ধাৰা আৰোপ কৰি 692/2023 নম্বৰত গোচৰ ৰুজু কৰিছে (Assam Police issues notice to Youth Congress President )।

ইতিমধ্যে অভিযোগকাৰী অংকিতা দত্তই কামৰূপ মহানগৰ জিলা মুখ্য ন্যাায়িক দণ্ডাধীশৰ আদালতত জবানবন্দীও লিপিবদ্ধ কৰোৱাইছে । লক্ষনীয় বিষয় যে যুৱ কংগ্ৰেছৰ সভানেত্ৰী অংকিতা দত্তই শ্ৰীনিবাসৰ বিৰুদ্ধে শাৰীৰিক, মানসিক নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰি প্ৰথমে টুইট কৰাৰ পাচত পৰৱৰ্তী সময়ত দিছপুৰ আৰক্ষী থানাত গোচৰ ৰুজু কৰিছিল । প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই বিষয়টো দলীয় মঞ্চত উত্থাপন কৰাৰ লগতে দিল্লীত বৈঠকৰ ব্যৱস্থা কৰাৰ আশ্বাস দিয়াৰ পাছতো অংকিতা দত্তই থানাত গোচৰ দিছিল । যাৰ বাবে তেওঁক দলটোৰ প্ৰাথমিক সদস্যৰ পৰা ৬ বছৰৰ বাবে বহিষ্কাৰ কৰা হয় (Angkita Dutta expelled from Congress)।

উল্লেখ্য যে অংকিতা দত্তৰ প্ৰসংগ বৰ্ত্তমান ৰাজ্যৰ ৰাজনীতিৰ লগতে দেশৰ ৰাজনীতিতো বিশেষভাৱে চৰ্চিত বিষয় হৈ পৰিছে । ইফালে এই সন্দৰ্ভত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰ যোগে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে (Angkita alleged Srinivas BV ) ।

লগতে পঢ়ক : Angkita Dutta controversy : 6 বছৰৰ বাবে প্ৰদেশ কংগ্ৰেছৰ পৰা বহিস্কৃত হ’ল অংকিতা দত্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.