গুৱাহাটী,30 জুলাইঃ 2017 চনত সংঘটিত মেধাৱী ছাত্ৰী শ্বেতা আগৰৱালা হত্যাকাণ্ডৰ ৰায়দান দিয়ে কামৰূপ মহানগৰ সত্ৰ ন্যায়াধীশৰ আদালতে ৷ 2017 চনৰ ডিচেম্বৰ মাহত গোবিন্দ সিংঘাল নামৰ লোকজনে নিজৰ মাতৃ আৰু ভগ্নীৰ সৈতে মিলি হত্যা কৰিছিল শ্বেতা আগৰৱালাক ৷ সমগ্ৰ গোচৰটোৰ তদন্ত কৰিছিল সেইসময়ৰ অসম আৰক্ষী অপৰাধ শাখাৰ বিশেষ দায়িত্বত থকা ৰ'জি কলিতাই ৷ হত্যাকাণ্ডৰ দুটা বছৰ নৌহঁওতেই আজি এইদৰে আদালতে গোচৰটোৰ ৰায়দান দিয়ে ৷ সমগ্ৰ ঘটনা সন্দৰ্ভত ইটিভি ভাৰতৰ আগত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে অসম আৰক্ষী সঞ্চালকপ্ৰধান কুলধৰ শইকীয়া আৰু তদন্তকাৰী বিষয়া ৰ'জি কলিতাই ৷
শ্বেতা আগৰৱালা হত্যাকাণ্ডঃ ৰায়দানক লৈ সুখী আৰক্ষী সঞ্চালকপ্ৰধান
মঙলবাৰে কামৰূপ মহানগৰ সত্ৰ ন্যায়াধীশৰ আদালতে ৰায়দান দিয়ে শ্বেতা আগৰৱালা হত্যাকাণ্ড গোচৰৰ ৷ 2017 চনত গোবিন্দ সিংঘালে নিজ মাতৃ আৰু ভগ্নীৰ সৈতে লগ লাগি হত্যা কৰিছিল প্ৰতিভাৱান মেধাৱী শ্বেতা আগৰৱালা নামৰ ছাত্ৰীগৰাকী ৷ আদালতৰ ৰায়দানৰ পিচতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে আৰক্ষী সঞ্চালকপ্ৰধান কুলধৰ শইকীয়া আৰু তদন্তকাৰী বিষয়া ৰ'জি কলিতাই ৷
গুৱাহাটী,30 জুলাইঃ 2017 চনত সংঘটিত মেধাৱী ছাত্ৰী শ্বেতা আগৰৱালা হত্যাকাণ্ডৰ ৰায়দান দিয়ে কামৰূপ মহানগৰ সত্ৰ ন্যায়াধীশৰ আদালতে ৷ 2017 চনৰ ডিচেম্বৰ মাহত গোবিন্দ সিংঘাল নামৰ লোকজনে নিজৰ মাতৃ আৰু ভগ্নীৰ সৈতে মিলি হত্যা কৰিছিল শ্বেতা আগৰৱালাক ৷ সমগ্ৰ গোচৰটোৰ তদন্ত কৰিছিল সেইসময়ৰ অসম আৰক্ষী অপৰাধ শাখাৰ বিশেষ দায়িত্বত থকা ৰ'জি কলিতাই ৷ হত্যাকাণ্ডৰ দুটা বছৰ নৌহঁওতেই আজি এইদৰে আদালতে গোচৰটোৰ ৰায়দান দিয়ে ৷ সমগ্ৰ ঘটনা সন্দৰ্ভত ইটিভি ভাৰতৰ আগত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে অসম আৰক্ষী সঞ্চালকপ্ৰধান কুলধৰ শইকীয়া আৰু তদন্তকাৰী বিষয়া ৰ'জি কলিতাই ৷
Body:
অসমৰ বান গৰাখহনীয়া কিয় ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা নকৰে কেন্দ্ৰীয় চৰকাৰে। এই প্ৰশ্ন সাংসদ বদৰুদ্দিন আজমলৰ। এই ক্ষোভ সাংসদ আজমলৰ। আজি সংবাদ মাধ্যমৰ আগত সাংসদ গৰাকীয়ে ক্ষোভ প্ৰকাশ কৰি তীব্ৰ সমালোচনা কৰিলে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীক। আজমলে কয়ঃ প্ৰধান মন্ত্ৰীয়ে গুজৰাটৰ দুখন জিলাৰ বাবে বান সাহায্য যদি ৫০০ কোটি দিব পাৰে। বিহাৰৰ বান সাহায্য হিচাপে যদি ৫০০ কোটি দিব পাৰে তেন্তে অসমৰ ক্ষেত্ৰত ২৫০ কোটি কিয় বুলি প্ৰশ্ন উত্থাপন কৰি কেন্দ্ৰীয় চৰকাৰক সমালোচনা কৰে সাংসদ আজমলে। আনহাতে মাত্ৰ ২৫০ কোটি টকা পাই বাঃ বাঃ লোৱা অসমৰ এজন প্ৰভাৱশালী মন্ত্ৰীকো তীব্র সমালোচনা কৰে আজমলে। অসমৰ বান গৰাখহনীয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰাৰ লগতে অসমৰ বান সাহায্য হিচাপে ৫ হাজাৰ কোটি টকা সাহায্য প্ৰদানৰ দাবী উত্থাপন কৰে ধুবুৰীৰ সাংসদ বদৰুদ্দিন আজমলে।
আনহাতে আজমলে বিগত দহ বছৰে অসমৰ বান গৰাখহনীয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰাৰ দাবী উত্থাপন কৰিছে বুলি কৈ অসম চৰকাৰৰ ফালৰ পৰা এই ক্ষেত্ৰত কোনো দাবী উত্থাপন কৰা নাই বুলি ক্ষোভ প্ৰকাশ কৰে আজমলে।
Byte:- বদৰুদ্দিন আজমল
Conclusion: উল্লেখযোগ্য যে, আজি অসম বিধান সভা অধিবেশনৰ মজিয়াত এ আই ইউ ডি এফৰ বিধায়ক আমিনুল ইছলামে অসমৰ বান গৰাখহনীয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰাৰ দাবী উত্থাপন কৰিব বুলি উল্লেখ কৰে আজমলে। যদিওঁ অসম চৰকাৰে এতিয়া কি গুৰুত্ব প্ৰদান কৰে সেয়াহে লক্ষণীয় বিষয় হৈ পৰিব।
ধুবুৰীৰ পৰা সাহানুৰ ইছলাম, ইটিভি ভাৰত, অসম।।