গুৱাহাটী, ৪ ছেপ্টেম্বৰ: চলিত বৰ্ষৰ উচ্চ আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা অসম আৰক্ষীৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলৰ মেধাবী সন্তানসকলক দেওবাৰে সম্বৰ্ধনা জনাই অসম আৰক্ষী পৰিবাৰ কল্যাণীয় সংস্থাই (Assam Police grade 4 employees) ৷
দেওবাৰে কাহিলীপাৰাস্থিত চতুৰ্থ অসম আৰক্ষী বাহিনীৰ চৌহদত অনুষ্ঠিত এক সভাত সংস্থাৰ বিষয়বৱীয়াসকলে অসম আৰক্ষীলৈ গৌৰৱ কঢ়িয়াই অনা মেধাৱী ছাত্ৰ-ছাত্ৰীসকলক একোখনকৈ প্ৰশংসা পত্ৰৰ লগতে দহ হেজাৰ টকাকৈ নগদ ধনেৰে পুৰস্কৃত কৰে ৷ লগতে ছাত্ৰ-ছাত্ৰীসকলৰ উজ্জ্বল ভৱিষ্যত কামনা কৰে সংস্থাটোৱে ৷
এই সভাত উপস্থিত হৈ আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই মেধাৱী ছাত্ৰ-ছাত্ৰীসকলক শুভেচ্ছা জ্ঞাপন কৰে ৷ লগতে ভৱিষ্যতে নিজকে দেশৰ সুনাগৰিক হিচাপে গঢ় দিয়াৰ বাবে আত্মনিয়োগ কৰিবলৈ ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰতি আহ্বান জনায় ৷ এইক্ষেত্ৰত অভিভাৱকসকলৰো গুৰু দায়িত্ব আছে বুলি সঞ্চালকপ্ৰধানগৰাকীয়ে মন্তব্য কৰে।
লগতে আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই কয় যে এয়া আৰম্ভণিহে আৰু বহু আগুৱাবলৈ আছে ৷ ভৱিষ্যতেও যাতে ছাত্ৰ-ছাত্ৰীসকলে বিদ্যায়তনিক দিশত এই ধাৰা অব্যাহত ৰাখিব পাৰে তাৰ বাবে তেওঁলোকে সততা, নিষ্ঠা, একাগ্ৰতা আৰু কঠোৰ শ্ৰমৰে নিজকে আগবঢ়াই লৈ যাব লাগিব ৷ এই বিশেষ সভাত সংস্থাৰ সভানেত্ৰী স্বপ্নালী মহন্ত আৰু চতুৰ্থ অসম আৰক্ষী বাহিনীৰ অধিনায়ক শিলাদিত্য চেতিয়াইও বক্তব্য ৰাখে ৷
লগতে পঢ়ক: ডিফুৰ আৱৰ্ত ভৱনত মন্ত্ৰী শুক্লবৈদ্যৰ পৰ্যালোচনা বৈঠক