ETV Bharat / state

Bajali Supari Syndicate: বহু ধনৰ লোভে যদি মানুহ পাহৰায় ! ডি এছ পি পুস্কল গগৈক গ্ৰেপ্তাৰ

গ্ৰেপ্তাৰ হ’ল বজালীৰ উপ-আৰক্ষী অধীক্ষক পুষ্কল গগৈ ৷ চি আই ডিৰ তিনিদিনৰ জেৰাৰ অন্তত গ্ৰেপ্তাৰ বিতৰ্কিত উপ-আৰক্ষী অধীক্ষকক ৷ নিশা আৰক্ষী অধীক্ষক সিদ্ধাৰ্থ বুঢ়াগোহাইৰ চৰকাৰী বাসগৃহত চি আই ডিৰ অভিযান ৷ অভিযানত ধনৰ লগতে বহু নথি-পত্ৰ জব্দ ৷

Bajali Supari Syndicate
ছুপাৰীৰ চেক লাগিচে আৰক্ষীৰ খাকি পোচাকত
author img

By ETV Bharat Assamese Team

Published : Sep 4, 2023, 12:05 PM IST

Updated : Sep 6, 2023, 2:41 PM IST

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

গুৱাহাটী, 4 ছেপ্টেম্বৰ : অৱশেষত গ্ৰেপ্তাৰ হ’ল বজালীৰ উপ-আৰক্ষী অধীক্ষক পুষ্কল গগৈ ৷ চি আই ডিয়ে তিনিদিনৰ জেৰাৰ অন্তত গ্ৰেপ্তাৰ কৰে বিতৰ্কিত উপ-আৰক্ষী অধীক্ষক পুষ্কল গগৈক । বজালীৰ ছুপাৰি মাফিয়াক ধন দাবীৰ অভিযোগত গ্ৰেপ্তাৰ হৈছে উপ-আৰক্ষী অধীক্ষক পুষ্কল গগৈ । সোমবাৰে পুৱতি নিশা চি আই ডিয়ে গ্ৰেপ্তাৰ কৰে পুষ্কল গগৈক ।

ইপিনে দেওবাৰে নিশা আৰক্ষী অধীক্ষক সিদ্ধাৰ্থ বুঢ়াগোহাই আৰু গাড়ীচালক দ্বীপজয় কলিতাক লগত লৈ আৰক্ষী অধীক্ষকৰ চৰকাৰী বাসভৱনত অভিযন চলায় চি আই ডিৰ এটা দলে । অভিযানত ধনৰ লগতে বহু নথি পত্ৰ জব্দ কৰিছে অভযানকাৰী চি আই ডিৰ দলে । জব্দ কৰা নথি পত্ৰৰ সন্দৰ্ভত চি আই ডিয়ে একো সদৰী কৰা নাই যদিও বিশেষ সূত্ৰ অনুসৰি আৰক্ষী অধীক্ষক সিদ্ধাৰ্থ বুঢ়াগোহাইক বিয়লি ভাগলৈ গ্ৰেপ্তাৰ কৰাৰ সম্ভাৱনা আছে ৷

ইপিনে গ্ৰেপ্তাৰ হোৱা দালাল কিশোৰ বৰুৱাই জেৰাত মুখ খুলিছে । ছুপাৰি মাফিয়া ৰবিউলৰ বিষয়ে এগৰাকী প্ৰক্তন ডিজিপিয়ে জনোৱা বুলিও প্ৰকাশ পাইছে । ইতিমধ্যে বজালীৰ ধনদাবী কৰা কাণ্ডত বৰ্তমানলৈ উপ-আৰক্ষী অধীক্ষক, সহকাৰী আৰক্ষী অধীক্ষককে ধৰি মুঠ 8 জনকৈ আৰক্ষী জোৱানসহ দালাল আৰু আৰক্ষী বিষয়াৰ স্বামীক গ্ৰেপ্তাৰ কৰা হৈছে ।

ইতিমধ্যে বজালীৰ ছুপাৰি মাফিয়াক ধন দাবীৰ কৰা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ দেওবাৰে সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰী কয় যে, এতিয়ালৈ বজালীৰ ধনদাবীৰ গোচৰত অতিৰিক্ত আৰক্ষী অধীক্ষ পৰ্যন্ত গ্ৰেপ্তাৰ হৈছে । আৰক্ষী অধীক্ষ জেৰা কৰি থকা হৈছে । যদি চি আই ডিয়ে গোচৰত এচ পি জড়িত থকাৰ প্ৰমাণ পায় তেন্তে নিশ্চয় এছ পিও গ্ৰেপ্তাৰ হ’ব । অসম আৰক্ষী এছ পি বা ডি এছ পি বুলি থমকি নৰয় । যাৰ বিৰুদ্ধে প্ৰমাণ হ’ব তেওঁ গ্ৰেপ্তাৰ হ’ব । প্ৰথমে দেহৰক্ষী, গাড়ীচালক আদিক জেৰা চলোৱাৰ পিচত এতিয়া আৰক্ষীৰ তদন্ত অতিৰিক্ত অধীক্ষক পৰ্যন্ত পাইছে । প্ৰমাণ পালে এছ পি গ্ৰেপ্তাৰ হ’ব নাপালে বেলেগ ব্যৱস্থা হ’ব । অপৰাধী কোনো কাৰণতে ৰেহাই নাপয় ।

লগতে পঢ়ক:Assam CM on Syndicate: বজালী আৰক্ষীৰ কাণ্ড সন্দৰ্ভত মুখ্যমন্ত্রীৰ প্ৰতিক্ৰিয়া; জ্যেষ্ঠ বুলি সাৰি নাযাব আৰক্ষী বিষয়া

Last Updated : Sep 6, 2023, 2:41 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.