গুৱাহাটী, ৮ মে' : ২০২৪ত কংগ্ৰেছে বাদ দিব বহু জ্যেষ্ঠ নেতাক (APCC Preparation for Lok Sabha Election 2024)। লোকসভা নিৰ্বাচনত কংগ্ৰেছৰ নতুন মিতিৰ ৰূপে লোকসভা নিৰ্বাচন খেলিব নেকি অসম জাতীয় পৰিষদৰ লুৰীণজ্যোতি গগৈয়ে ? ৰাইজৰ দলৰ পৰাও লোকসভাত কংগ্ৰেছৰ সন্মিলিত প্ৰাৰ্থীয়ে খেলিব নেকি নিৰ্বাচন ? কংগ্ৰেছ আৰু বিৰোধীক লৈ অসমৰ ৰাজনৈতিক প্ৰেক্ষাপটত এতিয়া অলেখ প্ৰশ্ন ৷
লোকসভা নিৰ্বাচনৰ বাবে ৰাজ্যৰ প্ৰধান বিৰোধী দল কংগ্ৰেছে আৰম্ভ কৰিছে ব্যাপক দলীয় তৎপৰতা (Opposition Parties of Assam) ৷ বিজেপিক পৰাভূত কৰিবৰ বাবে অসমত বিকল্প চিন্তাৰে আগবাঢ়িছে দলটো ৷ আন ১০ টা ৰাজনৈতিক শক্তিৰে সন্মিলিত মঞ্চৰে বিজেপিক ৰোধৰ সমীকৰণক বাস্তৱ ৰূপ দিয়াৰ পৰিকল্পনা চলাইছে কংগ্ৰেছে ৷ লগতে গুৰুত্ব দিছে দলীয় সাংগঠনিক শক্তি বৃদ্ধিত ৷
কংগ্ৰেছৰ তথ্য মতে ২০২৪ৰ লোকসভা নিৰ্বাচনত কংগ্ৰেছৰ প্ৰাৰ্থিত্বই ওলট-পালট কৰিব দলীয় আন্তঃগাঁথনি (Assam oppositions allies)। লোকসভা নিৰ্বাচনৰ বাবে অসমত কংগ্ৰেছে আৰম্ভ কৰিছে বিকল্প চিন্তা ৷ কেইজনমান জ্যেষ্ঠ কংগ্ৰেছী নেতাৰ এইবাৰ ৰাজনৈতিক কেৰিয়াৰৰ অন্ত পৰাৰো সম্ভাৱনা প্ৰায় নিশ্চিত । পূৰ্বৰ নিৰ্বাচনৰ ৰেকৰ্ডৰ ভিত্তিত নহয়, বৰ্তমানৰ কাম আৰু দক্ষতাৰ ভিত্তিত হে, ২৪ৰ নিৰ্বাচনত প্ৰাৰ্থিত্ব লাভ কৰিব কংগ্ৰেছ নেতাই । প্ৰাধান্য পাব নতুন মুখে ৷
আগন্তুক লোকসভা নিৰ্বাচনত অসমত হাতত থকা বৰ্তমানৰ তিনিখন লোকসভা আসনৰ উপৰিও কমেও আৰু ৫ খন আসন নিজৰ দখললৈ অনাৰ লক্ষ্য কংগ্ৰেছৰ (Congress strategy for MP election 2024) ৷ সেই উদ্দেশ্যেৰে কিছু পৰিমাণে এৰা-ধৰা কৰিবলৈয়ো প্ৰস্তুত হৈছে কংগ্ৰেছ ৷ লগতে নিৰ্বাচন খেলা দলৰ একাংশ নিস্প্ৰভ জ্যেষ্ঠ নেতাক বিদায় দিবলৈ প্ৰস্তুত হৈছে ৷ নতুন মুখক প্ৰাধান্য দিবলৈ আগবাঢ়িছে ৷ "নাম নহয়, কামেৰে" এই নীতিৰে বিদায় দিব একাধিক জ্যেষ্ঠ নেতাক ৷
দলীয়ভাৱে তৃণমূলৰ সৈতে বিচ্ছিন্ন, নিষ্ক্ৰিয়, কিন্তু নিৰ্বাচন খেলিবৰ বাবে আছে দুৰ্বাৰ হেঁপাহ ৷ তাৰ মাজত বিশেষভাৱে চৰ্চিত হৈছে ডিব্ৰুগড়ৰ পৱন সিং ঘাটোৱাৰ (Paban Singh Ghatowar), লখিমপুৰৰ ৰাণী নৰহ (Ranee Narah) আৰু তেজপুৰত এমজিভিকে ভানুৰ নাম (MGVK Bhanu)৷ ডিব্ৰুগড়ত এইবাৰ টিকট নিদিয়ে কংগ্ৰেছৰ ৫ বাৰৰ সাংসদ তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পৱন সিং ঘাটোৱাৰক । ৰাজনৈতিকভাৱে হয়তো বেলি মাৰ যাব ঘাটোৱাৰৰ ৷ APCCৰো প্ৰাক্তন সভাপতি পৱন সিং ঘাটোৱাৰৰ ঠাইত নতুন মুখ প্ৰক্ষেপ কৰিব কংগ্ৰেছে ৷ ডিব্ৰুগড় লোকসভা আসনখনৰ বাবে চৰ্চিত হৈছে দুটা নাম ৷ কংগ্ৰেছ দলৰ হৈ ইতিমধ্যেই ডিব্ৰুগড়ত সাংগঠনিক কাম-কাজ চলাই আছে কংগ্ৰেছৰ নেতা বিপুল গগৈয়ে ৷
আনহাতে, অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈকো (Lurinjyoti Gogoi) সমষ্টিটোৰ প্ৰাৰ্থী কৰাৰো চিন্তা-চৰ্চা চলিছে ৷ মিত্ৰজোঁটেৰে আলোচনাৰ পিচতহে সেয়া চূড়ান্ত হ'ব । কিন্তু ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাৰ প্ৰায়বোৰ ব্লক কংগ্ৰেছেই আসনখন কংগ্ৰেছৰ হাতৰ পৰা এৰি দিয়াৰ পক্ষপাতী নহয় ৷ আনহাতে, লখিমপুৰ লোকসভা সমষ্টিত এইবাৰো প্ৰাৰ্থিত্ব বিচাৰি শেহতীয়াভাৱে দলীয় নেতৃত্বৰ কাষ চাপিছে প্ৰাক্তন সাংসদ ৰাণী নৰহ ৷ কিন্তু তৃণমূল কৰ্মীৰ লগত যোগাযোগহীনতা আৰু একনায়কত্ববাদেৰে লখিমপুৰত কংগ্ৰেছ দলটোক বিধ্বস্ত কৰাত থকা বদনামৰ বাবে ৩ বাৰৰ সাংসদ ৰাণী নৰহৰ ঠাইত নতুন মুখ বিচাৰি আছে কংগ্ৰেছে ৷
তেজপুৰ লোকসভা সমষ্টিতো কংগ্ৰেছে বিচাৰিছে নতুন মুখ ৷ ২০১৯ত কংগ্ৰেছৰ হৈ তেজপুৰত নিৰ্বাচন খেলিছিল এমজিভিকে ভানুৱে ৷ এইবাৰো তেজপুৰত নিৰ্বাচন খেলিবলৈ মন মেলিছে ভানুৱে ৷ কিন্তু তথ্য মতে সাংগঠনিকভাৱে নিষ্ক্ৰিয় হৈ থকাৰ বাবে ভানুক পুনৰবাৰ কংগ্ৰছে তেজপুৰৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰাৰ সম্ভাৱনা একেবাৰে কম ৷ যোৰহাট লোকসভাত কংগ্ৰেছৰ নিজা প্ৰাৰ্থী ৰূপে কাৰ্যকৰী সভাপতি ৰাণা গোস্বামীৰ নাম চৰ্চিত হৈছে ৷
ডিব্ৰুগড়ত যদিহে কংগ্ৰেছে প্ৰাৰ্থী দিয়ে তেন্তে যোৰহাট সমষ্টি এৰিব মিত্ৰ দলৰ বাবে ৷ মিত্ৰ দললৈ এৰি দিলে ৰাইজৰ দলৰ হৈ অখিল গগৈ (Akhil Gogoi) নাইবা জ্যেষ্ঠ ৰাজনীতিক দয়ানন্দ বৰগোঁহাইক প্ৰক্ষেপ কৰিব বুলি চৰ্চিত হৈছে ৷ ডিব্ৰুগড় নাইবা যোৰহাটৰ ভিতৰত এখন আসনহে আন মিত্ৰ দললৈ এৰিবলৈ প্ৰস্তুত হৈছে কংগ্ৰেছ দল ৷ বিপৰীতে কলিয়াবৰ, নগাঁও আৰু বৰপেটাত প্ৰাৰ্থী সলনি নকৰে কংগ্ৰেছে ৷ গুৱাহাটী লোকসভাত প্ৰাৰ্থিত্ব দিব নতুন মুখক ৷ মহিলা প্ৰাৰ্থী ৰূপে নাম চৰ্চিত হৈছে মীৰা বৰঠাকুৰৰ । ইতিমধ্যে দুবাৰকৈ নিৰ্বাচন খেলি পৰাস্ত হোৱা ববিতা শৰ্মাক টিকট দিয়াৰ পক্ষপাতী নহয় দলীয় নেতৃত্ব ৷
কংগ্ৰেছে বিজেপিৰ আসন কমাই নিজৰ দখলৰ আসনৰ সংখ্যা ৮ খনলৈ বৃদ্ধি কৰাৰ লক্ষা লৈছে ৷ সুক্ষ্ম বিশ্লেষণেৰে আগবাঢ়িছে কংগ্ৰেছ ৷ সেয়ে জয়ৰ সম্ভাৱনা থাকিলে মিত্ৰ দলৰ পৰা লোকসভাত লুৰীণজ্যোতি গগৈ নাইবা অখিল গগৈ আৰু দয়ানন্দ বৰগোঁহাইৰ মাজৰ পৰা এজনক প্ৰাৰ্থীৰূপে আগবঢ়াবলৈয়ো সন্মত হৈছে কংগ্ৰেছ । ১০ মিত্ৰ ৰাজনৈতিক শক্তিৰ সৈতে আগবাঢ়িছে কংগ্ৰেছ ৷ কেন্দ্ৰীয় নেতৃত্বই সঘন দৃষ্টি ৰাখিছে লোকসভা নিৰ্বাচনৰ সমীকৰণত ৷
লগতে পঢ়ক :Akhil to CM Sarma: মুখ্যমন্ত্ৰী হোৱাৰে পৰা নাচিয়েই আছে হিমন্ত বিশ্ব শৰ্মাই; অখিল গগৈৰ কটুক্তি