ETV Bharat / state

অসম অলিম্পিক সন্থাৰ আশাঃ নেশ্বনেল গেমছত অসমে পাব কমেও 57 টা পদক - New sports policy for Assam

গুজৰাটত অনুষ্ঠিত হ’বলগীয়া নেশ্বনেল গেমছ(National games 2022) সন্দৰ্ভত দেওবাৰে এক সংবাদমেল সম্বোধন কৰে অসম অলিম্পিক সন্থাই ৷ সংবাদমেলখনত উপস্থিত থাকে হিমা দাস ৷

National games 2022
হোটেল লেণ্ডমাৰ্কত অসম অলিম্পিক সন্থাৰ সংবাদমেল
author img

By

Published : Sep 4, 2022, 10:08 PM IST

গুৱাহাটী, ৪ ছেপ্টেম্বৰ: হোটেল লেণ্ডমাৰ্কত অসম অলিম্পিক সন্থাৰ সংবাদমেল ৷ সংবাদমেল সম্বোধন কৰে অসম অলিম্পিক সন্থাৰ সম্পাদক লক্ষ্য কোঁৱৰে ৷ সংবাদমেলখনত উপস্থিত থাকে হিমা দাসৰ লগতে অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ সঞ্চালক নিবেদন দাস পাটোৱাৰী ৷ সংবাদমেল সম্বোধন কৰি লক্ষ্য কোঁৱৰে কয় যে নেশ্বনেল গেমছ 2022 পূৰ্বে গোৱাত অনুষ্ঠিত হোৱাৰ কথা আছিল ৷ গোৱা চৰকাৰে সিদ্ধান্ত লোৱাত পলম কৰাৰ পৰিপ্ৰেক্ষিতত গুজৰাটত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লোৱা হয় ৷

২৯ ছেপ্তেম্বৰৰ পৰা ১৩ অক্টোবৰলৈকে গুজৰাটৰ পাঁচখন চহৰত অনুষ্ঠিত হ’ব নেশ্বনেল গেমছ ৷ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৷ অসমৰ পৰা মুঠ ২৭২ গৰাকী খেলুৱৈয়ে অংশ ল’ব নেশ্বনেল গেমছত ৷

অসম চৰকাৰৰ এটা উচ্চপদস্থ দল খেলুৱৈৰ দলটোৰ লগত নেশ্বনেল গেমছলৈ পঠিয়াবলৈ চৰকাৰক আহ্বান জনায় অসম অলিম্পিক সন্থাই (Assam Olympic Association)৷ সন্থাৰ সম্পাদক লক্ষ্য কোঁৱৰে কয় যে অসমৰ পৰা ১৫ গৰাকী ষ্টাৰ খেলুৱৈয়ে অংশগ্ৰহণ কৰিব নেশ্বনেল গেমছত ৷ সেইসকলৰ ভিতৰত আছে হিমা দাস, লাভলীনা বৰগোহাঁই, অম্লান বৰগোহাঁই, শিৱ থাপা, নয়নমণি শইকীয়া, প্ৰমিলা দৈমাৰী আদি ৷ অসমে মুঠ 57 টা পদক লাভ কৰিব বুলি আশাবাদী সন্থা ।

ইপিনে তেওঁ কয় যে প্ৰথমবাৰৰ বাবে অসম দল এইবাৰ নেশ্বনেল গেমচত অংশ ল’বলৈ বিমানযোগে যাব (Assam team in National Games)৷ ইয়াৰ সকলো খৰচ অসম চৰকাৰে বহন কৰিব। পদকপ্ৰাপ্ত খেলুৱৈক চৰকাৰী চাকৰি দিয়াৰ মুখ্যমন্ত্ৰীৰ ঘোষণাক আদৰণি জনায় অসম অলিম্পিক সন্থাই ৷

ইফালে সংবাদমেলত চৰকাৰৰ নতুন ক্ৰীড়া নীতিক (New sports policy for Assam) আদৰণি জনায় দৌৰবিদ হিমা দাসে ৷ নতুন ক্ৰীড়া নীতিয়ে খেলুৱৈসকলক উৎসাহী কৰিব বুলি মন্তব্য কৰে হিমা দাসে (Athletics Hima Das) ।

লগতে পঢ়ক: গুৱাহাটীত সৰ্বানন্দ সোণোৱালক বিপুল আদৰণি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.