গুৱাহাটী, ২৩ জুলাই : মণিপুৰত স্বাভাৱিক অৱস্থা ঘূৰাই অনাত ব্যৰ্থ হোৱা বীৰেণ সিং নেতৃত্বাধীন চৰকাৰৰ সম্প্ৰতি ক্ষমতাত থকাৰ কোনো নৈতিক অধিকাৰ নাই ৷ মণিপুৰলৈ শীঘ্ৰে স্বাভাৱিক অৱস্থা ঘূৰাই অনাৰ স্বাৰ্থতে বীৰেন সিং চৰকাৰক বৰ্খাস্ত কৰাৰ দাবী অসম নাগৰিক সমাজৰ ৷
দেওবাৰে গুৱাহাটীৰ চন্দ্ৰপ্ৰভা শইকীয়ানী ভৱনত সংবাদমেল সম্বোধন কৰি নাগৰিক সমাজৰ সাধাৰণ সম্পাদক পৰেশ মালাকাৰ আৰু সদস্য শান্তনু বৰঠাকুৰে কয়, "প্ৰায় তিনিমাহে চুবুৰীয়া ৰাজ্য মণিপুৰত ধাৰাবাহিকভাৱে ঘটি থকা হিংসাত্মক ঘটনাত গভীৰ উদ্বেগ প্ৰকাশ কৰিছো ৷ এই হিংসাত এতিয়ালৈকে ৩০০ তকৈ অধিক লোকৰ প্ৰাণহানি হৈছে আৰু ৫০,০০০ লোক গৃহহাৰা হৈছে ৷ আমি ভাবোঁ আজি ইমানদিনৰ মূৰতো ৰাজ্যখনলৈ স্বাভাৱিক অৱস্থা ঘূৰাই অনাত ব্যৰ্থ হোৱা বীৰেন সিং নেতৃত্বাধীন চৰকাৰৰ সম্প্ৰতি ক্ষমতাত থকাৰ কোনো নৈতিক অধিকাৰ নাই ৷"
মণিপুৰৰ জঘন্য ঘটনাক উদ্দেশ্যি সংবাদমেলখনত উল্লেখ কৰে, "কেইবাগৰাকীও মহিলাক উলংগ কৰি দলবদ্ধভাৱে ধর্ষণ কৰি ৰাজহুৱাকৈ শাৰীৰিকভাৱে অপদস্থ কৰা ঘটনাৰ খবৰে আমাক হতভম্ব কৰিছে ৷ আমি ক'ত আছোঁ ? এইবোৰ আমি কি দেখিছোঁ? এই ঘটনা ঘটিছিল যোৱা মে' মাহৰ তিনি কি চাৰি তাৰিখে ৷ অথচ, সামাজিক মাধ্যমত খবৰটো প্ৰচাৰ হোৱাৰ আগলৈকে ঘটনাৰ লগত জড়িত অপৰাধীসকলৰ বিৰুদ্ধে প্ৰশাসনে একো ব্যৱস্থাই গ্ৰহণ কৰা নাছিল ৷ চৰকাৰৰ এই নিৰ্লিপ্ততাই কি প্ৰমাণ কৰে ? তাৰমানে কি তেওঁলোকো অপৰাধৰ লগত জড়িত আছিল ? উচ্চতম ন্যায়ালয়ে মণিপুৰৰ ঘটনাত অত্যন্ত ক্ষোভ প্ৰকাশ কৰিছে ৷"
"আমি দাবী কৰোঁ এনে জঘন্য অপৰাধৰ লগত প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে জড়িত সকলোকে উচিত শাস্তি বিহা হওক ৷ মণিপুৰলৈ স্বাভাৱিক অৱস্থা ঘূৰাই আনিবলৈ কেন্দ্ৰ চৰকাৰে অতি শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰক। মণিপুৰৰ হিংসাত্মক পৰিস্থিতি নিয়ন্ত্ৰণ কৰাত ৰাজ্য আৰু কেন্দ্ৰ চৰকাৰে এতিয়ালৈকে কিয় ব্যৰ্থ হৈছে তাৰো উচ্চতম ন্যায়ালয়ে নিজাববীয়াকৈ এক তদন্ত কৰা উচিত । ধৰ্ষণৰ ঘটনাটো পোহৰলৈ অহাৰ পিছত মনিপুৰৰ মুখ্যমন্ত্ৰীয়ে কৈছে যে ৰাজ্যখনত এনে ধৰণৰ ঘটনা এশটাতকৈ অধিক ঘটিছে ৷ মুখ্যমন্ত্ৰীৰ এনে স্বীকাৰোক্তি ৰাজ্যখনত প্ৰশাসন যন্ত্ৰ সম্পূৰ্ণৰূপে যে বিফল হৈছে তাৰেই স্পষ্ট প্ৰমাণ ৷ এনে স্বীকাৰোক্তিৰ পাচত চৰকাৰখনৰ এদিনো শাসনত থকাৰ নৈতিক আৰু সাংবিধানিক অধিকাৰ নাই ৷ সেয়ে, বীৰেন সিং নেতৃত্বাধীন চৰকাৰখনৰ আমি ততালিকে পদত্যাগ দাবী কৰিছোঁ ৷ বীৰেন সিং নেতৃত্বাধীন বিজেপি চৰকাৰ ক্ষমতালৈ অহাৰ পাচত চৰকাৰৰ প্ৰত্যক্ষ পৃষ্ঠপোষকতাত আৰু আৰ এছ এছৰ সহযোগিতাত চলি থকা সাম্প্ৰদায়িক মেৰুকৰণৰ ৰাজনীতিয়েই মণিপুৰৰ হিংসাৰ পৃষ্ঠভূমি তৈয়াৰ কৰিছে বুলি আমি পতিয়ন গৈছোঁ ৷" নাগৰিক সমাজে চৰকাৰক সমালোচনা কৰি এই মন্তব্য প্ৰকাশ কৰে ৷
নাগৰিক সমাজে লগতে কয়, "কেন্দ্ৰীয় চৰকাৰে মণিপুৰলৈ শান্তি ঘূৰাই অনাৰ ক্ষেত্ৰত দেখুওৱা আওকণীয়া মনোভাৱ আৰু প্ৰধানমন্ত্ৰীৰ দীৰ্ঘদিনীয়া মৌনতা ধিক্কাৰজনক ৷ যোৱা ২০ জুলাইত প্ৰধানমন্ত্ৰীৰ ৩৮ ছেকেণ্ডৰ বক্তব্যৰ মাজেদি তিনি শতাধিক মানুহে প্ৰাণ হেৰুৱা, পঞ্চাশ হাজাৰৰো অধিক মানুহ গৃহহীন হোৱা মণিপুৰৰ পৰিস্থিতিৰ গভীৰতা প্ৰতিফলিত হোৱা নাই, বৰঞ্চ এই বক্তব্যই মানৱতাৰ বধ্যভূমিত পৰিণত হোৱা ৰাজ্যখনৰ পৰিস্থিতিক তুচ্ছ-তাচ্ছিল্যহে কৰিছে ৷ এনে বক্তব্যৰ পৰিৱৰ্তে ৰাজ্যখনলৈ শান্তি ঘূৰাই আনিবলৈ কাৰ্যকৰী পদক্ষেপ ল'বলৈ আমি প্ৰধানমন্ত্ৰীৰ ওচৰত দাবী জনাওঁ ৷"
লগতে অসংবেদনশীল মন্তব্যৰে মণিপুৰৰ গণধৰ্ষণৰ ঘটনাক তুচ্ছ কৰিব বিচৰা হিমন্ত বিশ্ব শৰ্মাৰ তৰল মন্তব্যৰো আমি গৰিহণা দিওঁ ৷ তেওঁ যেন ক'ব বিচাৰিছে যে নাৰীৰ ওপৰত চলা আতিশয্য এটা স্বাভাবিক ঘটনা ৷ আকৌ এতিয়া মিজোৰামৰ পৰা মেইটেইসকলক বহিষ্কাৰ কৰাৰ কথা ওলাইছে, ই অতি বিপজ্জনক ৷ মিজোৰামত যাতে আকৌ নতুনকৈ অশান্তিৰ সৃষ্টি নহয় তাৰ প্ৰতি মিজোৰাম আৰু আৰু কেন্দ্ৰ চৰকাৰে সকলো সতর্কতা অৱলম্বন কৰা উচিত বুলি নাগৰিক সমাজে দাবী কৰে ৷
লগতে পঢ়ক: Turbulent Manipur: দুৰ্বৃত্তই জীৱন্তে জ্বলালে মুক্তিযোদ্ধাৰ ৮০ বছৰীয়া পত্নীক