গুৱাহাটী, 28 জুলাই : বৰাক উপত্যকাৰ অসম-মিজোৰাম সীমান্তত সংঘটিত ঘটনাৰ পিছত বুধবাৰে অসমৰ তিনিখন জিলাৰ আৰক্ষী অধীক্ষকক সাল-সলনি কৰিছে ৰাজ্যৰ গৃহ বিভাগে । সেই অনুসৰি বৰাক উপত্যকাৰ দুই জিলা কাছাৰ আৰু হাইলাকান্দিৰ লগতে বি টি আৰৰ অন্তৰ্গত চিৰাং জিলাৰ আৰক্ষী অধীক্ষকক বদলি কৰা হৈছে ।
গৃহ বিভাগৰ নিৰ্দেশ অনুসৰি আই পি এছ বিষয়া ৰমনদীপ কৌৰক কাছাৰৰ নতুন আৰক্ষী অধীক্ষকৰূপে নিযুক্তি দিয়া হৈছে । তেওঁ হাইলাকান্দিৰ আৰক্ষী অধীক্ষক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল ।
একেদৰে চিৰাঙৰ আৰক্ষী অধীক্ষক হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা আই পি এছ বিষয়া গৌৰৱ উপাধ্যায়ক হাইলাকান্দিৰ আৰক্ষী অধীক্ষক পদলৈ বদলি কৰা হৈছে । আনহাতে, ট্ৰেফিকৰ ডি চি পি হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা প্ৰাণজিৎ বৰাক চিৰাঙৰ আৰক্ষী অধীক্ষক হিচাপে বদলি কৰা হৈছে ।
লগতে পঢ়ক: গ্ৰীণ কৰিডৰেৰে কাছাৰৰ SP ক উন্নত চিকিৎসাৰ বাবে মুম্বাইলৈ প্ৰেৰণ