ETV Bharat / state

সংঘৰ্ষজৰ্জৰ অঞ্চল পৰিদৰ্শন কৰি প্ৰতিবেদন দাখিলৰ বাবে কংগ্ৰেছৰ সাতজনীয়া কমিটি গঠন

author img

By

Published : Jul 27, 2021, 5:47 PM IST

অসম-মিজোৰাম সীমান্তৰ লাইলাপুৰত সোমবাৰে মিজো দুৰ্বৃত্তই অসম আৰক্ষীক লক্ষ্য কৰি গুলীচালনা কৰে ৷ এই ঘটনাক কেন্দ্ৰ কৰি অসম-মিজোৰাম সীমান্তত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷ বিৰোধী দল কংগ্ৰেছকে ধৰি বিভিন্ন দলে-সংগঠনে এই ঘটনাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৷ অৱশেষত মঙলবাৰে প্ৰদেশ কংগ্ৰেছে সংঘৰ্ষজৰ্জৰ অঞ্চল পৰিদৰ্শন কৰি প্ৰতিবেদন দাখিলৰ বাবে এখন সাতজনীয়া কমিটি গঠন কৰি দিয়ে ৷

assam-mizoram border dispute update
সংঘৰ্ষজৰ্জৰ অঞ্চল পৰিদৰ্শন কৰি প্ৰতিবেদন দাখিলৰ বাবে কংগ্ৰেছৰ সাতজনীয়া কমিটি গঠন

গুৱাহাটী, ২৭ জুলাই : অসম-মিজোৰাম সীমান্ত (assam-mizoram border)ৰ কাছাৰৰ লাইলাপুৰৰ সংঘৰ্ষজৰ্জৰ সীমান্ত অঞ্চল পৰিদৰ্শন কৰিবলৈ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক জীতেন্দ্ৰ সিঙে (AICC General Secretary Jitendra Singh ) এখন কমিটি গঠন কৰিছে ৷ এই কমিটিখনে সংঘৰ্ষজৰ্জৰ সীমান্ত অঞ্চল পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লৈ এখন বিস্তৃত প্ৰতিবেদন দাখিল কৰিব লাগিব ৷ প্ৰদেশ কংগ্ৰেছৰ এই সাতজনীয়া কমিটিখনত আছে প্ৰদেশ কংগ্ৰেছৰ নৱনিযুক্ত সভাপতি ভূপেন বৰা (Pradesh Congress President Bhupen Borah), বিৰোধী দলপতি দেৱব্ৰত শইকীয়া (Opposition leader Debabrata Saikia), সাংসদ প্ৰদ্যুৎ বৰদলৈ, বিধায়ক ৰকিবুল হুছেইন, সাংসদ গৌৰৱ গগৈ, সৰ্বভাৰতীয় মহিলা কংগ্ৰেছৰ সভানেত্ৰী সুস্মিতা দেৱ আৰু প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি কমলাক্ষ্য দে পুৰকায়স্থ । কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক জীতেন্দ্ৰ সিঙে (AICC General Secretary Jitendra Singh) কমিটিখনক শীঘ্ৰেই অসম-মিজোৰাম সীমান্তৰ সংঘৰ্ষজৰ্জৰ অঞ্চললৈ যোৱাৰ বাবে নিৰ্দেশ দিছে ।

উল্লেখ্য যে, কাছাৰৰ লাইলাপুৰত সোমবাৰে সংঘটিত হোৱা গুলীয়াগুলীৰ ঘটনাত অসম আৰক্ষী (Assam Police)ৰ ৬ জনকৈ জোৱান নিহত হয় ৷ এই ঘটনাত আৰক্ষীৰ জোৱানকে ধৰি প্ৰায় ৭০ জনকৈ লোক আহত হৈছে । ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰা এই ঘটনাৰ বুজ লোৱাৰ বাবে নিখিল ভাৰত কংগ্ৰেছ কমিটিয়ে এই সাতজনীয়া এখন কমিটি গঠন কৰি দিছে ।

কমিটিখনক সংঘৰ্ষজৰ্জৰ সীমান্ত অঞ্চল পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লৈ বিস্তৃত প্ৰতিবেদন দাখিলৰ নিৰ্দেশ দিয়া হৈছে ।

এই ঘটনাৰ বুজ ল’বলৈ মঙলবাৰে বৰাকত উপস্থিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (Assam CM Himanta Biswa Sarma) । উক্ত ঘটনাত শ্বহীদ হোৱা অসম আৰক্ষী জোৱানৰ প্ৰতি শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে মুখ্যমন্ত্ৰী শৰ্মাই । মিজোৰাম আৰক্ষীৰ গুলীত শ্বহীদ হোৱা আৰক্ষীৰ জোৱান কেইজন হৈছে ছামছুদ জামান, লিটন শুক্লবৈদ্য, স্বপন ৰয়, মাজৰুল হক, সমুজ্জল বৰভূঞা আৰু নজৰুল হক লস্কৰ ।

লগতে পঢ়ক : অনিয়ন্ত্ৰণত অসম-মিজোৰাম সীমান্তৰ পৰিস্থিতি: মিজোৰ গুলীত নিহত 6 অসম আৰক্ষীৰ জোৱান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.