ETV Bharat / state

Assam Meghelaya Border Dispute : অসম-মেঘালয়ৰ সীমান্তৰ খান্দুলিত সীমা বিবাদ সমাধানৰ বাবে আঞ্চলিক সমিতিৰ বৈঠক - পশ্চিম জয়ন্তীয়া হিলচ

দুয়োখন ৰাজ্যৰ সমিতিৰ সদস্যসকলে সোনকালেই অসমৰ পশ্চিম কাৰ্বি আংলং আৰু মেঘালয়ৰ পশ্চিম জয়ন্তীয়া হিলচ জিলাৰ সীমামূৰীয়া খান্দুলি অঞ্চল ভ্ৰমণ কৰি স্থানীয় ৰাইজৰ মতামত গ্ৰহণেৰে প্ৰতিবেদন প্ৰস্তুত কৰিব ৷ মন্তব্য মন্ত্ৰী পীযুষ হাজৰীকাৰ ৷

Assam Meghelaya Border Dispute
মন্ত্ৰী পীযুষ হাজৰীকা
author img

By

Published : Aug 16, 2023, 9:23 PM IST

মেঘালয়ৰ উপ-মুখ্যমন্ত্ৰীৰে বিবদমান খান্দুলি অঞ্চল পৰিদৰ্শন মন্ত্ৰী পীযুষ হাজৰীকাৰ

গুৱাহাটী, ১৬ আগষ্ট : অসমৰ পশ্চিম কাৰ্বি আংলঙ জিলা আৰু মেঘালয়ৰ পশ্চিম জয়ন্তীয়া হিলচ জিলাৰ মাজত থকা সীমা সমস্যা সমাধানৰ বাবে গঠন কৰি দিয়া আঞ্চলিক সমিতি দুখনৰ সদস্যসকলৰ প্ৰথমবাৰৰ বাবে বুধবাৰে যুটীয়াভাৱে বিবদমান খান্দুলি অঞ্চল পৰিদৰ্শন ৷ অসম চৰকাৰৰ মন্ত্ৰী পীযুষ হাজৰীকাৰ লগতে মেঘালয়ৰ উপ-মুখ্যমন্ত্ৰী এচ. ধৰ তথা ৰাজ্য দুখনৰ আন বিষয়াসকলৰ উপস্থিতিত সীমামূৰীয়া খান্দুলি অঞ্চল ভ্ৰমণ কৰি এখন বৈঠকত অংশ লয় ৷

মন্ত্ৰী পীযুষ হাজৰীকাই বুধবাৰে মেঘালয়ৰ উপ-মুখ্যমন্ত্ৰীগৰাকীৰ সৈতে অঞ্চলটোৰ মেঘালয়ৰ দিশত থকা স্থানীয় ৰাইজৰ প্ৰতিনিধিসকলৰ পৰা স্মাৰকপত্ৰ গ্ৰহণ কৰে ৷ ইয়াৰ পাছত সীমামূৰীয়া স্থানসমূহ পৰিদৰ্শন কৰি মন্ত্ৰী দুগৰাকীয়ে খান্দুলিস্থিত সীমান্ত আৰক্ষী চকীত এখন বৈঠকত সমিতি দুখনৰ সদস্যসকলৰ লগত মিলিত হয় ৷ এই বৈঠকস্থলীতে অসমৰ দিশৰ স্থানীয় ব্যক্তিসকলৰ দল-সংগঠনৰ প্ৰতিনিধিবৰ্গই দুয়োগৰাকী মন্ত্ৰীকে সীমা সমস্যা বিষয়ক তেওঁলোকৰ স্মাৰকপত্ৰ প্ৰদান কৰে ৷

মন্ত্ৰী হাজৰীকাই আজিৰ পৰিদৰ্শন আৰু বৈঠকৰ সময়ত নিজৰ মন্তব্য প্ৰদান কৰি কয় যে দুয়োখন আঞ্চলিক সমিতিয়ে সোনকালে পুনৰ এবাৰ অঞ্চলটো ভ্ৰমণ কৰি স্থানীয় লোকসকলৰ মতামত গ্ৰহণ কৰিব ৷ স্থানীয় ব্যক্তিসকলৰ মতামতৰ ওপৰত ভিত্তি কৰি আৰু সাংবিধানিক সীমাৰ ওপৰত বিবেচনা কৰি দুয়োখন সমিতিয়ে ৰাজ্য দুখনৰ মুখ্যমন্ত্ৰীক প্ৰতিবেদন দাখিল কৰিব বুলি মন্ত্ৰী হাজৰীকাই উল্লেখ কৰে ৷

আনহাতে চুবুৰীয়া ৰাজ্য দুখনৰ মাজত বহুখিনি সীমা সমস্যা ইতিমধ্যেই সমাধান হোৱা বুলি উল্লেখ কৰি সোনকালেই বাকী থকা স্থানসমূহতো সীমা সমস্যা সমাধান হ'ব বুলি মন্ত্ৰীগৰাকীয়ে নিজৰ দৃঢ়তা প্ৰকাশ কৰে ৷ পাছত সাংবাদিকৰ আগত মন্ত্ৰীগৰাকীয়ে মন্তব্য প্ৰদান কৰি কয় যে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্য চৰকাৰে চুবুৰীয়া ৰাজ্যকেইখনৰ সৈতে থকা সীমা সমস্যাৰ স্থায়ী সমাধানৰ বাবে প্ৰাথমিকতা প্ৰদান কৰি আন্তৰিকতাৰে কাম কৰি আছে ৷ লগতে তেওঁ কয় যে অসম আৰু মেঘালয় দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰী দুগৰাকীৰ আন্তৰিক সদিচ্ছাৰ বাবে সীমা সংক্ৰান্তীয় যিখিনি পাৰ্থক্য আছে সেয়াও সোনকালেই সমাধা হৈ উঠিব ৷ মন্ত্ৰীগৰাকীক আজিৰ পৰিদৰ্শন আৰু বৈঠকৰ সময়ত বিধায়ক ৰূপসিং টেৰণ, মেঘালয়ৰ উপ-মুখ্যমন্ত্ৰীগৰাকীৰ লগত দুয়োখন ৰাজ্যখনৰ কেইবাগৰাকীও শীৰ্ষ বিষয়া উপস্থিত আছিল ৷

লগতে পঢ়ক : Chief Minister in Jorhat: ঢেকীয়াখোৱা বৰনামঘৰ আৰু মইনাপৰীয়া নামঘৰত আশীষ গ্ৰহণ কৰিলে মুখ্যমন্ত্ৰীয়ে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.