ETV Bharat / state

কোভিড-১৯ আক্ৰান্ত ৰোগীৰ সংস্পৰ্শলৈ অহা স্বাস্থ্য কৰ্মীক লৈ চিন্তাৰ কাৰণ

author img

By

Published : Jun 3, 2020, 3:37 PM IST

অসম চিকিৎসা মহাবিদ্যালয়ত কোভিড-১৯ আক্ৰান্ত ধৰা পৰাৰ পিছতেই । আক্ৰান্ত সকলৰ সংস্পৰ্শলৈ যিসকল আহিছিল সকলো চিন্তিত হৈ পৰা দেখিবলৈ পোৱা গৈছে ।

AMCH covid19 effacted satff
কোভিড ১৯আক্ৰান্তক লৈ অসম চিকিৎসা মহাবিদ্যালয়ত সমস্যা

ডিব্ৰুগড়,৩ জুনঃ অসম চিকিৎসা মহাবিদ্যালয়ৰ মেডিচিন বিভাগত চিকিৎসাধীন দুই ব্যক্তিৰ দেহত ক'ৰণা আক্ৰান্ত চিনাক্ত হোৱাৰ পাছতেই এক প্ৰকাৰে চিকিৎসা মহাবিদ্যালয়ত সেই ৰুগী দুজনৰ সংস্পৰ্শলৈ অহা লোকক লৈও এতিয়া চিন্তাৰ কাৰণ হৈ পৰিছে। যাৰ বাবে কোভিড-19 আক্ৰান্ত ৰাজীৱ বৰগোহাঞি আৰু গুলমন দাসৰ পোনপটীয়া সংস্পৰ্শলৈ অহা সাত গৰাকী ডাক্তৰ,দুগৰাকী নাৰ্চ আৰু এজন ৱাৰ্ড বয়ক কোৱাৰেন্টাইনৰ ব্যৱস্থা কৰা হৈছে। ইয়াৰ ওপৰি কন্টেক্ট ট্ৰেচিং চলাই থকা হৈছে,যি সকল বিভাগটোত আক্ৰান্তদ্বয়ৰ পোনপটীয়া সংস্পৰ্শলৈ আহিছিল তেওঁলোকৰ ক্ষেত্ৰত এই কন্টেক্ট ট্ৰেচিং চলাই থকা হৈছে।

AMCH covid 19 effacted
কোভিড-১৯ আক্ৰান্ত ৰোগীৰ সংস্পৰ্শলৈ অহা স্বাস্থ্য কৰ্মীক লৈ চিন্তাৰ কাৰণ
অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ অধীক্ষক ইন্দ্ৰ চুতীয়াই এই কথা জানিবলৈ দিয়ে।

ইফালে কালি ঘটনাৰ পাছত মেডিচিন বিভাগৰ দ্বিতীয় মহলাটো কন্টেইনমেন্ট জ'নলৈ পৰিৱৰ্তিত কৰা হৈছে। ইতিমধ্যে সাত জন চিকিৎসক,নাৰ্চ দুগৰাকী এজন ৱাৰ্ড বয়ক হোটেলত কোৱাৰেন্টাইনত ৰখাৰ লগতে পোনপটীয়াকৈ আৰু আওপকীয়াকৈ সংস্পৰ্শলৈ অহা আন 30 গৰাকীক swab পৰীক্ষা কৰাৰ ব্যৱস্থা কৰা হৈছে। মেডিচিন বিভাগৰ ৰোগী দুজন থকা মহলাত চিকিৎসাধীন হৈ থকা 15 গৰাকী আন ৰোগী আৰু তলৰ মহলাত থকা আন 15 গৰাকী ৰোগীৰ ক্ষেত্ৰতো যাৱতীয় স্বাস্থ্য পৰীক্ষাৰ ব্যৱস্থা কৰা হৈছে বুলি জানিব পৰা গৈছে।
লগতে পঢকঃ ডিগবৈত IED উদ্ধাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.