গুৱাহাটী, 18 এপ্ৰিলঃ " বিজেপিয়ে পূৰ্বৰ সকলো অভিলেখ ভংগ কৰি এইবাৰ জয়লাভ কৰিব। প্ৰাৰ্থী ভাল বেয়া চাই লাভ নাই, ভোট কেৱল বিজেপিক দিয়ক। কলা, বগা মানুহ চাই লাভ নাই। নহ'লে অসমীয়াৰ অস্তিত্বয়ে নাথাকিব।" বুধবাৰে মহানগৰীৰ বৰিপাৰা তৰুণ সংঘ পুথিভঁৰাল খেলপথাৰত অনুষ্ঠিত এক নিৰ্বাচনী প্ৰচাৰ সভাত এই মন্তব্য কৰে মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। চচিয়েল মিডিয়াত বিজেপিক সমৰ্থন কৰাতকৈ ঘৰে ঘৰে গৈ ৰাইজক বিজেপিত ভোট দিবলৈ ওলাই আহিবলৈ আহ্বান জনালে মন্ত্ৰী হিমন্তই। তাৰোপৰি কুইন ওজাৰহৈ নিৰ্বাচনী প্ৰচাৰ চলাই এইবাৰ পুনৰ সত্ৰৰ প্ৰসংগ উত্থাপন কৰিলে হিমন্তই। বৰপেটাৰ কনেৰা সত্ৰৰ লগতে ৪৫ কি.মি. দূৰত্বলৈ এগছি চাকি নজ্বলে। কেৱল তাত আছে অন্য সাম্প্ৰদায়ৰ লোক।
মালিগাঁও বিজেপি মণ্ডলৰ নিৰ্বাচনী প্ৰচাৰ সভাত উপস্থিত থাকে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপৰিও গুৱাহাটী সমষ্টিৰ প্ৰাৰ্থী কুইন ওজা, তেজপুৰৰ প্ৰাৰ্থী পল্লৱ লোচন দাস। আনহাতে অন্য নিৰ্বাচনী সভাৰ দৰেই নাচি বাগি ভোটাৰক আকৃষ্ট কৰাৰ চেষ্টা কৰে মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। মুঠৰ ওপৰত নিৰ্বাচনত নিজৰ ভেটি সুদৃঢ় কৰি ৰাখিবলৈ জালুকবাৰীত এনেদৰেই ৰণডংকা বজালে মন্ত্ৰীগৰাকীয়ে।