ETV Bharat / state

কোভিড-19 সন্ত্ৰাসঃৰাজ্যৰ বিভিন্ন প্ৰান্তত ছেনিটাইজকৰণ

author img

By

Published : Mar 30, 2020, 11:57 PM IST

পৌৰসভা তথা অগ্নি আৰু দুৰ্যোগ ব্যৱস্থাপনা বাহিনীয়ে কৰ'ণা ভাইৰাছ প্ৰতিৰোধৰ বাবে ৰাজ্যৰ বিভিন্ন ঠাইত কৰে ছেনিটাইজকৰণ ৷

assam lock down day 6 sanitization
ৰাজ্যৰ বিভিন্ন প্ৰান্তত ছেনিটাইজকৰণ

ৰঙাপৰা,30মাৰ্চঃ ৰঙাপৰা পৌৰসভা আৰু অগ্নি আৰু দুৰ্যোগ ব্যৱস্থাপনা বাহিনীৰ বিষয়া-কৰ্মচাৰীসকলে তৎপৰতা গ্ৰহণ কৰি সতৰ্কতামূলক কাৰ্যসূচী ৰূপায়ণ কৰা পৰিলক্ষিত হৈছে । শোণিতপুৰ জিলাৰ ৰঙাপৰা পৌৰসভা আৰু অগ্নি আৰু দুৰ্যোগ ব্যৱস্থাপনা বাহিনীয়ে যৌথ ভাৱে চহৰখনৰ বিভিন্ন ঠাইত পৰ্যায়ক্ৰমে ছেনিটাইজকৰণ কৰে।

ৰঙাপৰা

গুৱাহাটী,30 মাৰ্চঃ চৌদিশে কৰ'ণা ভাইৰাছৰ সংক্ৰমণৰ আতংকৰ মাজতো সংবাদকৰ্মীসকলে নিজ কৰ্তব্য পালন কৰি বাতৰি সংগ্ৰহ কৰি আহিছে । এই সময়ত সাংবাদিক সকলৰ সুৰক্ষাক লৈ প্ৰশ্ন উঠিছে । চৰকাৰেও সংবাদকৰ্মীসকলৰ সুৰক্ষাৰ বাবে কোনো ব্যৱস্থা ল'ব পৰা নাই । তাৰ মাজতে মহানগৰীৰ লংকেশ্বৰৰ প্ৰশান্ত তালুকদাৰ নামৰ যুৱ সমাজসেৱী এগৰাকী আগবাঢ়ি আহিছে সাংবাদিক সকলৰ ওচৰলৈ । দক্ষিণ কামৰূপৰ ইলেকট্ৰ'নিক আৰু ছপা মাধ্যমৰ সাংবাদিক সকলৰ উমৈহতীয়া সংগঠন ই পি মিডিয়া ফ'ৰাম নামৰ সংগঠনটোৰ উদ্যোগত সংবাদসেৱীসকলৰ মাজত বিতৰণ কৰে বিভিন্ন চিকিৎসা সুৰক্ষা সামগ্ৰী । বাতৰি সংগ্ৰহৰ বাবে বিভিন্ন ঠাইত বিভিন্ন মানুহৰ মাজত ঘূৰি ফুৰা সংবাদকৰ্মী সকলক ছেনিটাইজাৰ বটল , মাক্স , হেণ্ড গ্ল'ভছ, হেণ্ড ৱাচ ইত্যাদি সামগ্ৰী বিতৰণ কৰে প্ৰশান্ত তালুকদাৰে । ২৬ গৰাকী সাংবাদিক আৰু সংবাদকৰ্মীক চিকিৎসা সামগ্ৰী দিয়া হয় ।

গুৱাহাটী

আনফালে মিৰ্জাত কোছপাৰা গাঁও পঞ্চায়তৰ তৰফৰ পৰা প্ৰায় ১০০০ লোকক ঘৰে ঘৰে গৈ ছেনিটাইজাৰ আৰু মাস্ক বিতৰণ কৰা হয় ।

আজাৰা,30মাৰ্চঃ সোণাপুৰৰ মালয়বাৰীত কৰ'ণাৰ সংক্ৰমণ ৰোধ কৰাৰ উদ্দেশ্যে সাংবাদিকৰ একক প্ৰচেষ্টাত ছেনিটাইজেচন । বিশ্বত কৰ'ণা ভাইৰাছে মহামাৰী ৰূপ লোৱাৰ প্ৰতি লক্ষ্য ৰাখি আৰু এই ভাইৰাছৰ সক্ৰমণ ৰোধৰ উদ্দেশ্যে মালয়বাৰী গাঁৱৰ সাংবাদিক কমল কৃষ্ণ ডেকাই সোমবাৰে নিজৰ একক প্ৰচেষ্টাৰে গাঁৱৰ বৰপাক চুবুৰীৰ ৩০ ঘৰ মানুহৰ ঘৰত ছেনিটাইজেচনৰ ব্যৱস্থা কৰে , ইয়াৰোপৰি সাংবাদিকজনে কণ কণ ছাত্ৰ-ছাত্ৰীৰ বাবে থকা মালয়বাৰী জাতীয় বিদ্যালয় চৌহদতো ছেনিটাইজেচন কৰে ।

আজাৰা

লগতে পঢ়কঃআৰক্ষীক আক্ৰমণ কৰা সকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ সৰ্বানন্দ সোণোৱালৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.