ETV Bharat / state

মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ভূমি কেলেংকাৰীক লৈ উত্তাল বিধানসভাঃ সদন স্থগিত - ১০ মিনিটৰ বাবে সদন স্থগিতৰ ঘোষণা

অসম বিধানসভাৰ শীতকালীন অধিৱেশনৰ প্ৰথম দিনাই স্থগিত ৰাখিবলগীয়া হ'ল সদন । মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ বিৰুদ্ধে উত্থাপিত হোৱা ভূমি কেলেংকাৰীৰ অভিযোগক লৈ বিৰোধীয়ে সদন উত্তাল কৰে । অৱশেষত অধ্যক্ষই ১০ মিনিটৰ বাবে সদন স্থগিতৰ ঘোষণা কৰে(Assam legislative Assembly adjourned for 10 minutes) ।

Assam Assembly adjourned for 10 minutes today
অসম বিধানসভাৰ শীতকালীন অধিৱেশনৰ প্ৰথম দিনাই প্ৰথম দিনাই সদন স্থগিত
author img

By

Published : Dec 20, 2021, 3:09 PM IST

গুৱাহাটী, ২০ ডিচেম্বৰ: আজিৰে পৰা আৰম্ভ হোৱা অসম বিধানসভাৰ শীতকালীন অধিৱেশনৰ প্ৰথম দিনাই বিৰোধীয়ে সদন উত্তাল কৰি তোলাৰ বাবে অধ্যক্ষই স্থগিত ৰাখিবলগীয়া হয় সদনৰ কাম-কাজ(Speaker adjourned Assam legislative Assembly) । মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ভূমি কেলেংকাৰীক লৈ উত্তাল হৈ পৰে বিধানসভাৰ মজিয়া(Land grabbing allegation against CM Himanta's family)। ফলত পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি অধ্যক্ষই ১০ মিনিটৰ বাবে সদন স্থগিত ৰখা বুলি ঘোষণা কৰে । উল্লেখযোগ্য যে, বিধানসভাত আজি বিধায়ক অখিল গগৈয়ে উত্থাপন কৰিছিল মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ভূমি কেলেংকাৰীৰ প্ৰসংগ ।

তাৰোপৰি, বিৰোধী কংগ্ৰেছেও আনিছিল ভূমি কেলেংকাৰীৰ প্ৰসংগৰে সভা স্থগিতৰ প্ৰস্তাৱ । এই প্ৰস্তাৱটো সদনৰ মজিয়াত পাঠ কৰি নিদিয়াত ক্ষুব্ধ হৈ পৰে বিধায়ক অখিল গগৈৰ লগতে অন্যান্য বিৰোধী বিধায়কসকল । ইপিনে, শাসকীয় বিধায়কসকলেও উত্থাপন কৰে অখিল গগৈৰ অৰ্কিড পাৰ্কৰ ভূমি বেদখলৰ প্ৰসংগ ।

শাসক-বিৰোধীৰ বাক যুদ্ধত সদন উত্তাল হৈ পৰাত ১০ মিনিটৰ বাবে সদন স্থগিত ৰাখিবলগীয়া হয় বিধানসভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰীয়ে । সদন পুনৰ আৰম্ভ হোৱাৰ পাচত বিষয়টোকলৈ আকৌ সদন উত্তপ্ত হোৱাৰ সম্ভাৱনা আছে ।

লগতে পঢ়ক:Winter session of Assam Assembly : আজিৰে পৰা আৰম্ভ অসম বিধানসভাৰ শীতকালীন অধিৱেশন

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.