নিউজ ডেস্ক,22জুলাই : ৰাজ্যত কৰ‘ণাৰ সমান্তৰলভাবে ভয়াবহ ৰূপ ধাৰণ কৰিছে বানে ৷ উজনিৰ পৰা নামনিলৈ চৌদিশে এতিয়া কেৱল বানৰ সংহাৰী ৰূপ ৷ বানে প্লাবিত কৰিছে বিস্তীৰ্ণ অঞ্চল ৷ ৰাজ্যখনৰ 24 খন জিলা এতিয়াও বানৰ কৱলত ৷ ধেমাজি, লখিমপুৰ, বিশ্বনাথ, দৰং, বাক্সা, নলবাৰী, বৰপেটা , চিৰাং , বঙাইগাঁও, কোকৰাঝাৰ, ধুবুৰী ,দক্ষিণ-শালমাৰা , গোৱালপাৰা, কামৰূপ ,মৰিগাঁও ,নগাঁও, গোলাঘাট , যোৰহাট , মাজুলী, শিৱসাগৰ , তিনিচুকীয়া , কাছাৰ আৰু ডিব্ৰুগড় জিলাত অপৰিবৰ্তিত বান পৰিস্থিতি ৷ ডিব্ৰুগড় ,নিমাতীঘাট,তেজপুৰ ,গোৱালপাৰা , ধুবুৰীত ব্ৰহ্মপুত্ৰ নদী বিপদ সীমাৰ ওপৰৰে বৈ থকাৰ বিপৰীতে গোলাঘাটত ধনশিৰি, শোণিতপুৰl জীয়াভৰলী , নগাঁৱত কপিলী, বৰপেটাত বেঁকী , গৌৰাং নৈ কোকৰাঝাৰত , কৰিমঞ্জত কুশিয়াৰা, গোলকগঞ্জ আৰু ধুবুৰীত সোণকোষ নদী বিপদ সীমাৰ ওপৰৰে বৈ আছে ৷
ইপিনে ৰাজ্যত বৰ্তমানলৈকে 69 টা ৰাজহ চক্ৰ বানৰ কৱলত থকাৰ বিপৰীতে 2,323 খন গাঁও বানে প্লাবিত কৰিছে ৷ 1,10,323,54 হেক্টৰ কৃষি ভূমি বানে ক্ষতিগ্ৰস্ত কৰাৰ লগতে 24,19,185 গৰাকী লোক বানত প্ৰভাৱিত হৈছে ৷ চৰকাৰ তথা প্ৰশাসনে ৰাজ্যৰ বিভিন্ন বানাক্ৰান্ত অঞ্চলত 379টা শিৱিৰ স্থাপন কৰিছে ৷ আনহাতে, সংহাৰী বানৰ ফলত ৰাজ্যত মঙলবাৰ দিনটোত দুগৰাকী লোকে মৃত্যুক আকোঁৱালি লয় ৷ ইয়াকে লৈ ৰাজ্যত বানৰ ফলত মৃত্যু হোৱাৰ লোকৰ সংখ্যা 87 গৰাকীলৈ বৃদ্ধি পায় ৷ বানৰ লগতে গৰাখহনীয়াই ভয়ংকৰ ৰূপ ধাৰণ কৰিছে বিশ্বনাথ, মাজুলী , বাক্সা, ওদালগুৰি , চিৰাং আৰু কোকৰাঝাৰ জিলাত ৷
লগতে পঢ়কঃ কোকৰাঝাৰত কৰ'ণাত মৃত্যু এজন লোক