ETV Bharat / state

Assam Khadi and Village Industries Board :গণৰাজ্য দিৱসত ১০ হাজাৰ পতাকা বিক্ৰীৰ লক্ষ্য

author img

By

Published : Jan 24, 2023, 7:17 PM IST

ৰাজ্যত 74 সংখ্যক গণৰাজ্য দিসৱৰ উপলক্ষে অসম খাদী আৰু গ্ৰামোদ্যোগ ব’ৰ্ডে(Assam Khadi and Village Industries Board) 10 হাজাৰ জাতীয় পতাকা বিক্ৰীৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে ৷

Assam Khadi and Village Industries Board Target to sell 10,000 national flags on Republic Day
গণৰাজ্য দিৱসত ১০ হাজাৰ জাতীয় পতাকা বিক্ৰীৰ লক্ষ্য

গুৱাহাটী, 24 ডিচেম্বৰ: সমাগত দেশৰ 74 সংখ্যক গণৰাজ্য দিৱস (74th Republic Day) ৷ ইতিমধ্যে সমগ্ৰ দেশৰ লগতে ৰাজ্যতো গণৰাজ্য দিৱসৰ প্ৰস্তুতি তুংগত উঠিছে ৷ তাৰ ব্যতিক্ৰম নহয় অসম খাদী আৰু গ্ৰামোদ্যোগ ব’ৰ্ড(Assam Khadi and Village Industries Board)। এইবাৰ গণৰাজ্য দিৱসত 10 হাজাৰ জাতীয় পতাকা বিক্ৰীৰ লক্ষ্য লৈছে ব’ৰ্ডে (Target to sell 10000 national flags) । সম্প্ৰতি গুৱাহাটীৰ চানমাৰীস্থিত ব’ৰ্ডৰ কাৰ্যালয়ৰ কাৰখানাত গণৰাজ্য দিৱসৰ বাবে জাতীয় পতাকা প্ৰস্তুত কৰি থকা হৈছে ।

বিগত কিছুদিনৰ পৰা চানমাৰীস্থিত ব’ৰ্ডৰ কাৰ্যালয়ত বিভিন্ন জোখেৰে পতাকা প্ৰস্তুত কৰিছে খাদী ব’ৰ্ডৰ মুঠ 16 গৰাকী কৰ্মচাৰীয়ে । এইবেলি গণৰাজ্য দিৱসত মুঠ 10,000 পতাকা প্ৰস্তুত কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছিল যদিও 23 জানুৱাৰীৰ দিনটোলৈ খাদী ব’ৰ্ডত মুঠ 5 হাজাৰ 265 খন পতাকা বিক্ৰী কৰা হৈছে । এতিয়ালৈ অসমত থকা 19 টা কেন্দ্ৰলৈ খাদী ব’ৰ্ডৰ পতাকাসমূহ প্ৰেৰণ কৰা হৈছে ৷ ডিব্ৰুগড়, তিনিচুকীয়া, শিৱসাগৰ, যোৰহাট, লখিমপুৰ, হাফলং, ডিফু, বৰপেটা, বঙাইগাঁও, কলকাতা, তেজপুৰ , ঢেকিয়াজুলি, নগাঁও, মৰিগাঁৱত থকা খাদী বৰ্ডৰ ভাণ্ডাৰলৈ পতাকাসমূহ প্ৰেৰণ কৰা হৈছে ।

এই কেন্দ্ৰবোৰৰ পৰা চুবুৰীয়া ৰাজ্যসমূহেও পতাকা ক্ৰয় কৰে । এইবাৰ খাদী ব’ৰ্ডত বিভিন্ন আকৃতিত প্ৰস্তুত কৰা পতাকাসমূহৰ দামো ভিন্ন । ইয়াৰে ভিতৰত 9 ফুট বহল আৰু 12 ফুট দীঘল প্ৰতিখন পতাকাৰ মূল্য 4,200 টকা ৷ খাদী ব’ৰ্ডে প্ৰস্তুত কৰা পতাকাসমূহৰ ভিতৰত এইখনেই সৰ্ববৃহৎ পতাকা ৷ ইয়াৰোপৰি 6 ফুট বহল আৰু 9 ফুট দীঘল পতাকাৰ দাম প্ৰতিখনত 3,100 টকা, 6 ফুট বহল আৰু 8 ফুট দীঘল পতাকাৰ দাম 720 টকা, 3 ফুট বহল চাৰে চাৰি ফুট দীঘল পতাকা প্ৰতিখনৰ মূল্য 520 টকা, 2 ফুট বহল তিনি ফুট দীঘল পতাকাৰ দাম 300 টকা, ডেৰফুট বহল আৰু দুই ফুট দীঘল পতাকাখনৰ দাম 90 টকাকৈ নিৰ্ধাৰণ কৰা হৈছে।

ইতিমধ্যে অসম চৰকাৰে খাদী ব'ৰ্ডৰ পৰা 70 খন বিভিন্ন আকাৰৰ পতাকা ক্ৰয় কৰিছে ৷ আনহাতে কটকটীয়া নিৰাপত্তাৰ মাজেৰে গণৰাজ্য দিৱস উদযাপনৰ বাবে মহানগৰ প্ৰশাসনে সাজু কৰি তুলিছে খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰ । ইয়াৰে সমান্তৰালভাৱে আৰক্ষী নিৰাপত্তাৰক্ষী বাহিনীৰ বিষয়া-জোৱানে পেৰেডৰ অনুশীলন চলাইছে । এই খানাপাৰা খেলপথাৰত অনুষ্ঠিত হ’বলগীয়া পেৰেডৰ অনুশীলনত অসম আৰক্ষী , চি আৰ পি এফ, বীৰাংগনা , কামাণ্ডো, বেটেলিয়ান আদিৰ দলে ভাগে ভাগে অংশ লৈছে।

উল্লেখ্য যে এইবাৰ গণৰাজ্য দিৱসৰ পেৰেডত ১২ প্লাটুনে অংশগ্ৰহণ কৰিব । তদুপৰি এন চি চি আৰু অসম আৰক্ষীৰ অশ্বাৰোহী বাহিনীৰ দলেও অংশগ্ৰহণ কৰিব ।

লগতে পঢ়ক: Jihadi threatening letter: বৰপেটাত উদ্ধাৰ জেহাদীৰ ভাবুকি পত্ৰ !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.