ETV Bharat / state

Protest Against Price Hike: পৰ্বতসম মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ দাবীত উত্তাল দীঘলীপুখুৰীৰ পাৰ

মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ দাবীৰে বুধবাৰে অসম জাতীয় পৰিষদ দলে গুৱাহাটীৰ দীঘলীপুখুৰীত অৱস্থান ধৰ্মঘট পালন কৰে ৷ দলৰ সভাপতি লুৰীণজ্যোতি গগৈৰ নেতৃত্বত জাতীয় পৰিষদৰ নেতা-কৰ্মীসকলে মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰিব নোৱাৰা বিজেপি চৰকাৰৰ বিৰুদ্ধে শ্লোগান দি পৰিৱেশ উত্তাল কৰি তোলে (AJP protest against price hike in Guwahati)৷ জাতীয় পৰিষদৰ নেতৃবৃন্দৰ মতে, সম্প্ৰতি জনসাধাৰণৰ জীৱন দুৰ্বিসহ কৰি তোলা মূল্য নিয়ন্ত্ৰণ কৰাতো সম্ভৱ ৷

author img

By

Published : Apr 27, 2022, 10:48 PM IST

AJP protest against price hike in Guwahati
পৰ্বতসম মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ দাবীত উত্তাল দীঘলীপুখুৰীৰ পাৰ

গুৱাহাটী, ২৭ এপ্ৰিল: অসহনীয় মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ দাবীৰে বুধবাৰে অসম জাতীয় পৰিষদ দলে গুৱাহাটীৰ দীঘলীপুখুৰীত অৱস্থান ধৰ্মঘট পালন কৰে (AJP protest against price hike in Guwahati)৷ দলৰ সভাপতি লুৰীণজ্যোতি গগৈৰ নেতৃত্বত জাতীয় পৰিষদৰ নেতা-কৰ্মীসকলে মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰিব নোৱাৰা বিজেপি চৰকাৰৰ বিৰুদ্ধে শ্লোগান দি পৰিৱেশ উত্তাল কৰি তোলে ৷ জাতীয় পৰিষদৰ নেতৃবৃন্দৰ মতে, সম্প্ৰতি জনসাধাৰণৰ জীৱন দুৰ্বিসহ কৰি তোলা মূল্য নিয়ন্ত্ৰণ কৰাতো সম্ভৱ ৷

একমাত্ৰ চৰকাৰৰ ভুল নীতি আৰু স্বাৰ্থান্বেষী কাম-কাজৰ বাবেই মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ বাহিৰলৈ যোৱা বুলি মত প্ৰকাশ কৰি দলৰ নেতাসকলে কয় যে, মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে বৰ্তমান চৰকাৰখনৰ শাসনত থকাৰ নৈতিক অধিকাৰ নাই ৷ সেয়ে দলৰ নেতা-কৰ্মীসকলে প্ৰতিবাদস্থলীত 'মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰক, নহ'লে গাদী এৰি দিয়ক' বুলিও শ্ল’গান দিয়ে ৷

উল্লেখযোগ্য যে 'ভাল দিন' সপোন দেখুৱাই ক্ষমতালৈ বিজেপি চৰকাৰৰ দিনত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য নিয়ন্ত্ৰণলৈ আহিব বুলি আশা কৰা হৈছিল ৷ স্বয়ং বিজেপি দলে পূৰ্বৰ ইউ পি এ চৰকাৰক মূল্যবৃদ্ধি(Price rising in Assam) নিয়ন্ত্ৰণ কৰিব নোৱাৰা বাবে ঘোৰ সমালোচনা কৰি ৰাজপথ উত্তাল কৰি ৰাখিছিল ৷ কিন্তু ২০১৪ চনত নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কেন্দ্ৰত চৰকাৰ গঠন হোৱাৰ পাছত কেৱল অত্যাৱশ্যকীয় সামগ্ৰীয়ে নহয়, সকলো ধৰণৰ সামগ্ৰীৰ মূল্য অধিক হাৰত বাঢ়িবলৈ ধৰে ৷

লক্ষ্যণীয় যে, নিৰ্বাচনৰ পূৰ্বে কোনো ধৰণৰ সামগ্ৰীৰে মূল্য চৰকাৰে বাঢ়িবলৈ নিদিয়ে ৷ কিন্তু নিৰ্বাচন হৈ যোৱাৰ পাছতেই বস্তুৰ দাম হোৰাহোৰে বাঢ়িবলৈ আৰম্ভ কৰে ৷ উত্তৰ প্ৰদেশসহ পাঁচখন ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে চৰকাৰে মূল্যবৃদ্ধি নিয়ন্ত্ৰণত ৰাখিছিল যদিও নিৰ্বাচন হৈ যোৱাৰ পাছত হঠাতে নিত্য ব্যৱহাৰ্য সামগ্ৰী আৰু জীৱনদায়িনী দৰৱকে ধৰি সকলো সামগ্ৰীৰে মূল্য অস্বাভাৱিক হাৰত বাঢ়িবলৈ ধৰে ৷

অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে বুধবাৰে কয় যে চৰকাৰে ইচ্ছা কৰিলে যে বস্তুৰ মূল্য নিয়ন্ত্ৰণত ৰাখিব পাৰে, তাৰ উদাহৰণ হ'ল পাঁচখন ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে মূল্যবৃদ্ধি হ'বলৈ নিদিয়াটো ৷ পুঁজিপতি বণিয়া গোষ্ঠীসমূহৰ সৈতে থকা গোপন বুজাবুজিৰ বাবেই উক্ত গোষ্ঠীসমূহক বাজাৰ নিয়ন্ত্ৰণ কৰিবলৈ বিজেপিৰ চৰকাৰে সুবিধা কৰি দিয়াৰ পৰিণতি এতিয়া ৰাইজে ভোগ কৰিছে বুলি মত প্ৰকাশ কৰে গগৈয়ে ৷

তেওঁ লগতে কয় যে, বিদেশৰ পৰা অনা ঋণৰ ধনেৰে কেন্দ্ৰ আৰু ৰাজ্য উভয় চৰকাৰে ভোট কিনাৰ কৌশল গ্ৰহণ কৰাৰ পৰিণতি স্বৰূপে আমাৰ দেশতো শ্ৰীলংকাসদৃশ পৰিস্থিতি সৃষ্টি হোৱাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি ৷

বুধবাৰে দিনৰ ১১ বজাৰ পৰা ১ বজালৈ দীঘলীপুখুৰীৰ পাৰত দুঘন্টীয়া অৱস্থান ধৰ্মঘট পালন কৰা সময়ছোৱাত দলৰ প্ৰতিবাদী কৰ্মীসকলে 'মূল্য বৃদ্ধি নিয়ন্ত্ৰণ কৰক', 'জনসাধাৰণৰ মুখলৈ চাওক', 'ভাল দিনৰ প্ৰতিশ্ৰুতি ৰক্ষা কৰক', 'বিজেপি চৰকাৰ হায় হায়', 'বিজেপি দল দুখীয়া বিৰোধী' আদি শ্লোগান দিয়ে ৷ প্ৰতিবাদকাৰীসকলে হাতে হাতে বিভিন্ন বক্তব্য লিখা প্লে-কাৰ্ড প্ৰদৰ্শন কৰে৷ প্লে-কাৰ্ডসমূহত 'মই এগৰাকী গৃহিনী, অসহনীয় মূল্যবৃদ্ধিয়ে মোৰ জীৱন কোঙা কৰি পেলাইছে', 'মই এগৰাকী ব্যৱসায়ী, পৰ্বতসম মূল্যবৃদ্ধিয়ে মোক কোঙা কৰি পেলাইছে' 'মই এগৰাকী অৱসৰপ্ৰাপ্ত কৰ্মচাৰী, মূল্যবৃদ্ধিৰ প্ৰকোপত মই অতীষ্ঠ হৈছো' আদি বক্তব্য লিখা আছিল (Price rising in Assam) ৷

অসম জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাই সংবাদ মাধ্যমৰ আগত কয় যে বিজেপি চৰকাৰৰ দিনত দেশখন মাত্ৰ চাৰিজন মানুহৰ দ্বাৰা চলিছে ৷ তাৰে দুজনে, অৰ্থাৎ নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহে এফালৰ পৰা সকলো ৰাজহুৱা সম্পত্তি বিক্ৰী কৰি গৈছে আৰু আন দুজন আম্বানী আৰু আদানীয়ে এফালৰ পৰা কিনি গৈছে ৷ এই কিনা-বেছা চলি থকা বাবেই চৰকাৰখনে অন্য ক্ষেত্ৰত মনোযোগ দিব পৰা নাই আৰু সেই কাৰণেই মূল্যবৃদ্ধি নিয়ন্ত্ৰণলৈ অহা নাই বুলি ভূঞাই মত প্ৰকাশ কৰে ৷

জাতীয় পৰিষদে মূল্যবৃদ্ধি প্ৰতিৰোধৰ দাবীক অহা ৩০ এপ্ৰিলৰ দিনা ৰাজ্যজুৰি গণবিক্ষোভ কাৰ্যসূচী পালন কৰিব বুলিও আজি দলৰ নেতাসকলে সদৰি কৰে ৷

লগতে পঢ়ক: Fuel price hike : ৰাজ্য চৰকাৰ সমূহক পেট্ৰ’পণ্যত আৰোপিত কৰ প্ৰত্যাহৰৰ আহ্বান প্ৰধানমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.