ETV Bharat / state

Mustered procurement center: মুখ্যমন্ত্ৰী ঘোষণাৰ পাচতো সৰিয়হ ক্ৰয় কেন্দ্ৰ স্থাপনত অনীহা কৃষি বিভাগৰ - কৃষি বিপণন পৰিষদ

মুখ্যমন্ত্ৰীয়ে ৰাজ্যত 101 টা সৰিয়হ ক্ৰয় কেন্দ্ৰ স্থাপন কৰাৰ কথা ঘোষণা কৰিছিল যদিও এই কেন্দ্ৰসমূহ স্থাপনৰ ক্ষেত্ৰত অৱহেলা কৃষি বিভাগৰ ৷ মুখ্যমন্ত্ৰী ঘোষণাৰ বিপৰীতে কম সংখ্যক সৰিয়হ ক্ৰয় কেন্দ্ৰ স্থাপনৰ জাননী কৃষি বিভাগৰ ৷

Mustered procurement center
Mustered procurement center
author img

By

Published : Jun 9, 2023, 8:13 PM IST

গুৱাহাটী, 9 জুন: কৃষকৰপৰা ন্যূনতম সমৰ্থন মূল্যত ধান ক্ৰয় কৰাৰ বাবে ৰাজ্য চৰকাৰৰ অধীনত সকলো জিলাতে ধান ক্ৰয় কেন্দ্ৰ স্থাপন কৰা হৈছে যদিও কৃষকৰ পৰা ন্যূনতম সমৰ্থন মূল্যত সৰিয়হ ক্ৰয় কৰাৰ ক্ষেত্ৰত পিছ পৰি আছে ৷ দীৰ্ঘদিন ধৰি কৃষি বিভাগে কৃষকৰ পৰা ন্যূনতম সমৰ্থন মূল্যত সৰিয়হ ক্ৰয় কৰাৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব দিয়া নাই (Mustered procurement center in Assam) ৷

মন কৰিবলগীয়া যে অসমত মাত্ৰ নগাঁও জিলাৰ ৰহাত আৰু কামৰূপ জিলাৰ আমিনগাঁৱত কৃষি বিভাগৰ অধীনত সৰিয়হ ক্ৰয় কেন্দ্ৰ আছে ৷ যোৱা বছৰ কৃষি বিভাগে অসমৰ ছখন জিলাত ছটা সৰিয়হ ক্ৰয় কেন্দ্ৰ স্থাপনৰ প্ৰস্তাৱ দিছিল ৷ তিনিচুকীয়া, মাজুলী, কাৰ্বি আংলং, মৰিগাঁও, নলবাৰী আৰু দৰং জিলাত এটাকৈ সৰিয়হ ক্ৰয় কেন্দ্ৰ স্থাপনৰ প্ৰস্তাৱ দিছিল ৷ কিন্তু এই প্ৰস্তাৱ কৃষি বিভাগৰ চৰকাৰী ফাইলতে আৱদ্ধ হৈ আছে (Assam agriculture department) ৷

উল্লেখ্য যে কিছুদিন পূৰ্বে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই সৰিয়হ ক্ৰয় কেন্দ্ৰ আৰম্ভ কৰাৰ কথা ঘোষণা কৰি কৈছিল যে কৃষকৰপৰা ন্যূনতম সমৰ্থন মূল্যত সৰিয়হ ক্ৰয় কৰাৰ বাবে এশ এটা সৰিয়হ ক্ৰয় কেন্দ্ৰ আৰম্ভ কৰা হ’ব ৷ কিন্তু শেহতীয়াভাৱে কৃষি বিভাগে মাত্ৰ ৫৫টা ক্ৰয় কেন্দ্ৰৰহে জাননী জাৰি কৰিছে ৷

উল্লেখ্য যে ন্যূনতম সমর্থন মূল্যত ব্যাপক হাৰত ধান ক্ৰয় আৰম্ভ কৰাৰ পাচত এই বছৰৰ পৰা সৰিয়হ ক্ৰয় কৰা হ’ব বুলি ঘোষণা কৰা হৈছে ৷ মুখ্যমন্ত্ৰীয়ে ইয়াৰ সবিশেষ বৰ্ণনা কৰি কৈছিল যে অসম ৰাজ্যিক কৃষি বিপণন পৰিষদৰ ৯ টা আৰু অসম খাদ্য আৰু অসামৰিক যোগান নিগমৰ ৯২ টা, মুঠ এশ এটা কেন্দ্ৰৰ যোগেদি প্ৰায় ৪৫,৭৯৩ মেট্ৰিকটন সৰিয়হ ক্ৰয়ৰ লক্ষ্য নিৰ্দ্ধাৰণ কৰা হৈছে (Paddy procurement center in Assam) ৷

কিন্তু কৃষি বিভাগে বৃহস্পতিবাকৰে জাৰি কৰা এখন অধিসূচনাত কৃষি বিপণন পৰিষদৰ ৯ টা আৰু যোগান নিগমৰ ৪৬ টা, মুঠ ৫৫ টা কেন্দ্ৰৰ যোগেদিহে সৰিয়হ ক্ৰয় কৰা হ’ব বুলি কৈছে ৷ তালিকাত দেখা গৈছে যে পৰিষদে ৯ খন জিলাত আৰু নিগমে ১৭ খন জিলাত ক্ৰয় কেন্দ্ৰ খুলাৰ কথা উল্লেখ কৰিছে ৷

সেই মতে, পৰিষদৰ কেন্দ্ৰসমূহ থাকিব ধেমাজিৰ গোগামুখত, লখিমপুৰৰ বঙালমৰাত, যোৰহাটৰ চেনিজানত, শোণিতপুৰৰ ঢেকীয়াজুলিত, নগাঁৱৰ হয়বৰগাঁৱত, কামৰূপৰ চাংসাৰিত, বৰপেটাৰ হাউলীত, কোকৰাঝাৰৰ গোসাঁইগাঁৱত আৰু ধুবুৰীৰ গৌৰীপুৰত ৷

যোগান নিগমৰ অধীনত অভয়াপুৰী, মাণিকপুৰ চাপৰ, কাজলগাঁও, কৃষ্ণাই, চেঙা, বাগানপাৰা, মৰোৱা, দদৰা, মির্জা, ছমৰীয়া, গোৰেশ্বৰ, তামুলপুৰ, মালয়বাৰী, ৰৌতা, ভকতপাৰা, গেজেঙাগুৰি, বৰছলা, টংলা, ওজাগাঁও, মঙলদৈ, ৰূপহী, কলিয়াবৰ, চতিয়া, গহপুৰ, নাওবৈচা, বঙালমৰা, ঢলপুৰ, মাছখোৱা, চিলাপথাৰ, গোগামুখ, পূব ধানোৱাৰ বস্তি, কৰহিগুৰি, ভালুকমাৰী, বক’লীয়া, হাওৰাঘাট, ঢলা, মাকুম, ৰহা, নিজ ধিং, কঠীয়াতলী, মনহা, ঔজাৰী, গৌৰীপুৰ আৰু গোলোকগঞ্জত কেন্দ্ৰ স্থাপনৰ প্ৰস্তাৱ কৰা হৈছে ৷

মুখ্যমন্ত্ৰীয়ে ৪৫,৭৯৩ মেৰ্ট্ৰিক টন সৰিয়হ ক্ৰয় কৰা হ’ব বুলি কৈছিল যদিও কৃষি বিভাগে ২০২২-২৩ ৰবি বিপণন ঋতুত (আৰ এম এছ) পৰিষদৰ যোগেদি ১০,০০০ মেট্ৰিক টন আৰু নিগমৰ যোগেদি ২১,৭৯৫ মেট্ৰিক টন, মুঠ ৩১,৭৯৫ মেট্ৰিক টন সৰিয়হ ক্ৰয় কৰা হ’ব বুলিহে কৈছে ৷ যোগান নিগমৰ এছ অ’ পিত এজন কৃষকে বিঘাই প্ৰতি ২ কুইণ্টলকৈ সৰিয়হহে বিক্ৰী কৰিব পাৰিব ৷ উল্লেখ্য যে প্ৰতি কুইণ্টল সৰিয়হৰ বাবদ কৃষকসকলে ৫,৪৫০ টকাকৈ সমর্থন মূল্য পাব ৷

লগতে পঢ়ক: BJP internal conflict: নেতা-কৰ্মীয়ে দলত্যাগ কৰাটো সংবাদ মাধ্যমৰহে সৃষ্টি; ভৱেশ কলিতা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.