ETV Bharat / state

HSLC exam 2022 : ১৫ মাৰ্চৰ পৰা ৰাজ্যত অনুষ্ঠিত হাইস্কুল শিক্ষান্ত আৰু হাইমাদ্ৰাছা পৰীক্ষা

এবছৰৰ বিৰতিৰ পাছত পুনৰ ১৫ মাৰ্চৰ পৰা অনুষ্ঠিত হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু হাইমাদ্ৰাছা পৰীক্ষা(HSLC and AHM exams 2022)। সৰ্বমুঠ ৪,৩১,১৩২ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হ'ব এই পৰীক্ষাত ৷

hslc-examination-held-in-assam
১৫ মাৰ্চৰ পৰা ৰাজ্যত অনুষ্ঠিত হাইস্কুল শিক্ষান্ত আৰু হাইমাদ্ৰাছা পৰীক্ষা
author img

By

Published : Mar 14, 2022, 7:49 PM IST

গুৱাহাটী, 14 মাৰ্চ : ক'ভিড পৰিস্থিতিৰ বাবে বিগত এটা বছৰ অনুষ্ঠিত হোৱা নাছিল হাইস্কুল শিক্ষান্ত পৰীক্ষা । ২০২১ বৰ্ষত পৰীক্ষা অনুষ্ঠিত নকৰাকৈয়ে পূৰ্বৰ পৰীক্ষাৰ আধাৰত বিশেষ মূল্যায়েনেৰে ছাত্ৰ-ছাত্ৰী সকলক উত্তীৰ্ণ কৰি দিয়া হৈছিল । এবছৰৰ বিৰতিৰ পাছত পুনৰ ১৫ মাৰ্চৰ পৰা ৰাজ্যত অনুষ্ঠিত হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু হাইমাদ্ৰাছা পৰীক্ষা(HSLC and AHM exams 2022) ।

অসম মাধ্যমিক শিক্ষা পৰিষদৰ অধীনত ১৫ মাৰ্চৰ পৰা সৰ্বমুঠ ৯০৩ টা পৰীক্ষা কেন্দ্ৰত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু অসম হাইমাদ্ৰাছা পৰীক্ষা অনুষ্ঠিত কৰা হ'ব(HSLC Examination held in the state) । ছেবাই এক প্ৰেছ বিবৃতিযোগে জনোৱা মতে ৯০৩ টা হাইস্কুল শিক্ষান্ত পৰীক্ষা কেন্দ্ৰৰ ভিতৰত ১৩১ টা অসম হাইমাদ্ৰাছা পৰীক্ষাৰ কেন্দ্ৰও সংলগ্ন হৈ আছে । এইবছৰ সৰ্বমুঠ পৰীক্ষাৰ্থী হৈছে ৪,৩১,১৩২ গৰাকী । হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ'ব মুঠ ৪,১৯,৮৮৭ গৰাকী পৰীক্ষাৰ্থী । ইয়াৰে ভিতৰত ছাত্ৰৰ সংখ্যা হৈছে সৰ্বমুঠ ১,৯৫,১৮১ গৰাকী আৰু ছাত্ৰীৰ সংখ্যা ২,২৪,৭০৬ গৰাকী ৷

আনহাতে, হাইমাদ্ৰাছা পৰীক্ষাৰ পৰীক্ষাৰ্থী হৈছে সৰ্বমুঠ ১১,২৪৫ গৰাকী । ইয়াৰ ভিতৰত ছাত্ৰৰ সংখ্যা ৪,১৯৯ গৰাকী আৰু ছাত্ৰী হৈছে ৭,০৪৬ গৰাকী ।

এইবৰ্ষত বিশেষভাৱে সক্ষম সকলৰ ভিতৰত ২১ গৰাকী দৃষ্টিহীন আৰু ৪৬ গৰাকী মুকবধিৰ পৰীক্ষার্থী পৰীক্ষাত অৱতীৰ্ণ হ'ব । লগতে এইবেলি পৰীক্ষাৰ্থীসকলে পোন প্ৰথমবাৰৰ বাবে Commerce, Karbi(E) আৰু Beauty & Wellness অতিৰিক্ত বিষয় হিচাপে পৰীক্ষা দিয়াৰ সুবিধা লাভ কৰিব ছাত্ৰ-ছাত্ৰীসকলে ।

ইফালে পৰীক্ষাৰ্থীসকলক অসম মাধ্যমিক শিক্ষা পৰিষদৰ ফালৰ পৰা শুভেচ্ছা জনোৱাৰ লগতে সংশ্লিষ্ট ছাত্ৰ-ছাত্ৰী, অভিভাৱক, শিক্ষক সমাজ, সংবাদ মাধ্যম, বিভিন্ন দল সংগঠন আৰু নাগৰিক সকলৰ পৰা পৰীক্ষা যাতে সুকলমে অনুষ্ঠিত কৰিব পৰা যায় তাৰ বাবে সহায় সহযোগিতা কামনা কৰিছে ছেবাই ।

উল্লেখ্য যে, ২০২১ বৰ্ষৰ প্ৰশ্ন কাকতেৰে অনুষ্ঠিত হ'ব এইবাৰৰ মেট্ৰিক-হাইমাদ্ৰাছা পৰীক্ষা । বিগত বৰ্ষত ক'ভিড-১৯ৰ বাবে প্ৰশ্ন কাকত সাজু কৰিও শেষ মুহূৰ্তত পৰীক্ষা বাতিল কৰিব লগা হৈছিল ছেবাই । সেয়ে উক্ত বর্ষত সাজু কৰা প্ৰশ্ন কাকতেৰে অনুষ্ঠিত কৰা হ'ব এইবৰ্ষৰ পৰীক্ষা মেট্ৰিক-হাইমাদ্ৰাছা পৰীক্ষা ৷

লগতে পঢ়ক : The Kashmir Files: কাইলৈ সদলবলে "দ্য কাশ্মীৰ ফাইলছ" উপভোগ কৰিব মুখ্যমন্ত্ৰীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.