ETV Bharat / state

ৰাজ্যত প্ৰতিবাদ-ধৰ্মঘট নিষিদ্ধ

author img

By ETV Bharat Assamese Team

Published : Jan 5, 2024, 9:40 PM IST

Agitation banned: শুকুৰবাৰে ৰাজ্যজুৰি পৰিবহণ সন্থাই প্ৰতিবাদী কাৰ্যসূচী পালন কৰিছে ৷ সৰ্বাত্মক প্ৰভাৱ পৰিলক্ষিত হৈছে ৷ এই প্ৰতিবাদী কাৰ্যসূচীৰ মাজতে আহিল অন্য এক ঘোষণা ৷

assam-home-department-banned-agitation-of-emergency-services
অন্য এক ঘোষণা

গুৱাহাটী, 5 ডিচেম্বৰ : অসমত ছমাহলৈ ধৰ্মঘট নিষিদ্ধ ঘোষণা । দিছপুৰৰ নিৰ্দেশ এয়া । এক জাননী যোগে অসম চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক অতিৰিক্ত মুখ্য সচিব ড৹ ৰবি কোটাই জাৰি কৰিছে এই নিৰ্দেশ ৷

assam-home-department-banned-agitation-of-emergency-services
নতুন নিৰ্দেশনা

No. PLA.630/2007/Pt/68(Ecf No. 7980) যোগে ৰাজ্যপালৰ অনুমোদন মৰ্মে জাৰি কৰা হৈছে এই নিৰ্দেশনা ৷ বৃহস্পতিবাৰে জাৰি কৰা এই নিৰ্দেশনা অনুসৰি, আগন্তুক ছমাহৰ বাবে ৰাজ্যত নিষিদ্ধ ঘোষিত কৰা হৈছে প্ৰতিবাদী কাৰ্যসূচী ৷ কেৱল সেয়ে নহয়, জৰুৰীকালীন সেৱাত নিয়োজিত কোনো লোকে কৰিব নোৱাৰিব প্ৰতিবাদ ৷

তেল-গেছ খণ্ডত নিয়োজিত বিষয়া-কৰ্মচাৰীৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰা হৈছে ৷ ঠিকাভিত্তিক শ্ৰমিক, কৰ্মচাৰী, টেংকাৰচালকে কৰিব নোৱাৰিব প্ৰতিবাদ ৷ শোধনাগাৰৰ কৰ্মচাৰীয়েও কৰিব নোৱাৰিব প্ৰতিবাদ । তেল-গেছ খণ্ডত নিয়োজিত খালাচীৰ ক্ষেত্ৰতো প্ৰযোজ্য হ’ব এই নিৰ্দেশনা ৷

পৰৱৰ্তী নিৰ্দেশ নিদিয়ালৈকে ছমাহ পৰ্যন্ত বাহাল থাকিব এই নিৰ্দেশনা ৷ গৃহ আৰু ৰাজনৈতিক বিভাগৰ অতিৰিক্ত মুখ্য সচিব ৰবি কোটাই জাৰি কৰা এই নিৰ্দেশনাই ৰাজ্যজুৰি সৃষ্টি কৰিছে প্ৰতিক্ৰিয়াৰ ৷ আকস্মিকভাৱে জাৰি কৰা এই নিৰ্দেশনাৰ আঁৰৰ কথা কি সেয়া ৰহস্যৰ আৱৰ্তত । দেশজোৰা পৰিবহণ সন্থাৰ প্ৰতিবাদ আৰু ‘কা’ ৰ বিধি বলৱৎ কৰিবলৈ আগবঢ়া সময়ত প্ৰতিবাদ হোৱাৰ আশংকাতে এই নিৰ্দেশনা দিয়া হৈছে বুলি ধাৰণা কৰা হৈছে ।

স্মৰ্তব্য যে, হিট এণ্ড ৰান আইন সংশোধনীৰ প্ৰতিবাদত দেশজুৰি বাণিজ্যিক বাহনচালকসকলে কৰা প্ৰতিবাদে ইতিমধ্যে সমগ্ৰ দেশৰ লগতে অসমৰো জনজীৱন স্তব্ধ কৰি তুলিছে ৷ অৱশ্যে, শনিবাৰৰ পৰা অসমত এই ধৰ্মঘট প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত লৈছে ট্ৰাকচালকসকলে ৷ তেনে এক সময়তে, ৰাজ্যৰ গৃহ বিভাগে জাৰি কৰা এনে নিষেধাজ্ঞা বিশেষ তাৎপৰ্যপূৰ্ণৰূপে বিবেচিত হৈছে ৷

লগতে পঢ়ক : যোৰহাট-গোলাঘাটত গাড়ী চালক সন্থাৰ কৰ্মবিৰতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.