ETV Bharat / state

HS final Examination 2022 : ১৫ মাৰ্চৰ পৰা উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষা - উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ দিন ঘোষণা

15 মাৰ্চৰ পৰা আৰম্ভ হ'ব 2022 চনৰ উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষা (HS final Examination 2022) ৷ বুধবাৰে উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে ঘোষণা কৰে এই কথা ৷

HS final Examination
১৫ মাৰ্চৰ পৰা উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষা
author img

By

Published : Jan 19, 2022, 10:14 PM IST

গুৱাহাটী, ১৯ জানুৱাৰী : ঘোষণা কৰা হ’ল উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ দিন (HS final Examination 2022) । 15 মাৰ্চৰ পৰা আৰম্ভ হ'ব এই পৰীক্ষা । উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে বুধবাৰে পৰীক্ষাৰ সময়সূচী ঘোষণা কৰে । সেই অনুসৰি 15 মাৰ্চৰ পৰা 12 এপ্ৰিললৈ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা অনুষ্ঠিত হ’ব । প্ৰথমদিনা পিছবেলা অনুষ্ঠিত হ’ব ইংৰাজী বিষয়ৰ পৰীক্ষা । অন্তিম দিনা অনুষ্ঠিত হ’ব বায়’টেকনল’জি বিষয়ৰ পৰীক্ষা । এই পৰীক্ষা পুৱা আৰু পিছবেলা অনুষ্ঠিত হ’ব ।

HS final Examination
১৫ মাৰ্চৰ পৰা উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষা

লগতে পঢ়ক: ক’ভিড আহিলেও সময়তেই অনুষ্ঠিত হ’ব মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা

উল্লেখ্য যে, কৰ’ণা সৃষ্ট পৰিৱেশৰ বাবে বিগত বৰ্ষত উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষা অনুষ্ঠিত হোৱা নাছিল । এবছৰৰ পিছত পুনৰ ৰাজ্যত ক’ভিড নীতি মানি অনুষ্ঠিত কৰা হ’ব উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষা ।

ৰাজ্যত স্বাস্থ্য বিভাগে ১৫-১৮ বছৰ বয়সৰ ছাত্ৰ-ছাত্ৰী, কিশোৰ-কিশোৰীৰ মাজত ক’ভিড টীকাকৰণ কাৰ্যসূচী আৰম্ভ কৰিছে । কৰ’ণা প্ৰতিষেধকৰ দুয়োটা ড’জ সম্পূৰ্ণ কৰাৰ পাছত পৰীক্ষা অনুষ্ঠিত হ'ব বুলি ইতিমধ্যেই স্বাস্থ্য আৰু শিক্ষা বিভাগে ঘোষণা কৰিছিল ।

লগতে পঢ়ক: ক'ভিড পৰীক্ষা আৰু চিকিৎসাৰ ক্ষেত্ৰত স্বাস্থ্য বিভাগৰ সংশোধিত নিৰ্দেশনা জাৰী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.