ETV Bharat / state

হাই মাদ্ৰাছা পৰীক্ষাৰ ফলাফল : উত্তীৰ্ণৰ হাৰ ৫৪.৭৩ শতাংশ - Total pass rate in AHM exam 2022

হাই মাদ্ৰাছা পৰীক্ষাৰ ফলাফলত উত্তীৰ্ণৰ হাৰ ৫৪.৭৩ শতাংশ । উত্তীৰ্ণৰ হাৰ হিচাপত শিৱসাগৰ জিলাত সৰ্বাধিক ৮৪.৬২ শতাংশ শিক্ষাৰ্থী উত্তীৰ্ণ হোৱাৰ বিপৰীতে ওদালগুৰি জিলাত উত্তীৰ্ণৰ হাৰ শূন্য ।

AHM exam 2022
হাই মাদ্ৰাছা পৰীক্ষাৰ ফলাফল
author img

By

Published : Jun 7, 2022, 12:57 PM IST

গুৱাহাটী,৭ জুন : আজি ঘোষিত হাই মাদ্ৰাছা পৰীক্ষাৰ ফলাফলত (Assam High Madrasah exam Results 2022) অৱতীৰ্ণ হোৱা ১০,৪৫৪ গৰাকী শিক্ষাৰ্থীৰ ভিতৰত ৫,৭২১ গৰাকী উত্তীৰ্ণ হয় । উত্তীৰ্ণৰ হাৰ ৫৪.৭৩ শতাংশ । আনহাতে পৰীক্ষাত অৱতীৰ্ণ হোৱা ৩,৮৭০ জন ছাত্রৰ ভিতৰত ২,২৩২ জন উত্তীৰ্ণ হয় । সেইদৰে ৬,৫৮৪ গৰাকী ছাত্রীৰ ভিতৰত উত্তীৰ্ণ হয় ৩,৪৮৯ গৰাকী ।

সেই হিচাপত ছাত্রৰ উত্তীৰ্ণৰ হাৰ ৫৭.৬৭ শতাংশ আৰু ছাত্রীৰ উত্তীৰ্ণৰ হাৰ ৫২.৯৯ শতাংশ । হাই মাদ্ৰাছা পৰীক্ষাত প্ৰথম বিভাগত ৮৭২ গৰাকী, দ্বিতীয় বিভাগত ২,৯০৯ গৰাকী আৰু তৃতীয় বিভাগত ১,৯৪০ গৰাকী শিক্ষাৰ্থী উত্তীৰ্ণ হৈছে । ইফালে হাই মাদ্ৰাছাৰ শীৰ্ষৰ তিনিটা স্থান লাভ কৰিছে মুঠ পাঁচগৰাকী শিক্ষাৰ্থীয়ে (AHM exam topper 2022)।

মুঠ ৫৫৬ নম্বৰেৰে শীৰ্ষৰ প্ৰথম স্থান লাভ কৰিছে শোণিতপুৰৰ আল কৌচৰ মডেল একাডেমীৰ মুফাচিৰ আল হুছেইনে (Mosafir Al Hasan secure first rank in AHM exam)। সেইদৰে মুঠ ৫৫০ নম্বৰেৰে বৰপেটাৰ ঢকুৱা হাইমাদ্ৰাছাৰ ছাদিকা আহমেদ আৰু বঙাইগ‍াঁৱৰ পিৰধৰা হাই মাদ্ৰাছাৰ মুস্তাক আহমেদে দ্বিতীয় স্থান দখল কৰিছে । মুঠ ৫৪৯ নম্বৰেৰে তৃতীয় স্থান দখল কৰিছে লখিমপুৰৰ দৌলৎপুৰ মাদ্ৰাছা এইচ এছ স্কুলৰ মিছ ছাহানাজ পাৰবীন আৰু নগাঁৱৰ বৰঘূলি হাইমাদ্ৰাছাৰ ইৰ্ছাদ্দোল্লহে ।

ইফালে উত্তীৰ্ণৰ হাৰ হিচাপত শিৱসাগৰ জিলাত সৰ্বাধিক ৮৪.৬২ শতাংশ শিক্ষাৰ্থী উত্তীৰ্ণ হোৱাৰ বিপৰীতে ওদালগুৰি জিলাত উত্তীৰ্ণৰ হাৰ শূন্য । জিলাখনৰ পৰা দুগৰাকী শিক্ষাৰ্থী পৰীক্ষাত অৱতীৰ্ণ হৈছিল । আনহাতে হাই মাদ্ৰাছা পৰীক্ষাত ২,৬০৯ গৰাকীয়ে লেটাৰ নম্বৰ লাভ কৰাৰ বিপৰীতে ৩১ গৰাকীয়ে ডিষ্টিংচন আৰু ১০৫ গৰাকীয়ে ষ্টাৰ নম্বৰ লাভ কৰিছে ।

লগতে পঢ়ক :হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা : উত্তীৰ্ণৰ হাৰ ৫৬.৪৯ শতাংশ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.