ETV Bharat / state

কোভিড-19ক লৈ চলা অপপ্ৰচাৰত ভোল নাযাব : হিমন্ত বিশ্ব শৰ্মা - কৰ’ণা

দেওবাৰে দিশপুৰৰ জনতা ভৱনত এক সংবাদমেল সম্বোধন কৰি স্বাস্থ্য মন্ত্ৰী ড0 হিমন্ত বিশ্ব শৰ্মাই শেহতীয়া কোভিড-19ৰ লগতে গুৱাহাটী মহানগৰীত জাৰি কৰা লক ডাউন সন্দৰ্ভত আলোচনা কৰে ৷

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল
মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল
author img

By

Published : Jul 5, 2020, 9:45 PM IST

গুৱাহাটী, 5 জুলাই : শেহতীয়া কোভিড-19 সন্দৰ্ভত দেওবাৰে দিশপুৰৰ জনতা ভৱনত এক সংবাদমেল সম্বোধন কৰে স্বাস্থ্য মন্ত্ৰী ড0 হিমন্ত বিশ্ব শৰ্মাই ৷ গুৱাহাটী মহানগৰীত পুনৰ জাৰি কৰা লক ডাউনৰ লগতে কোভিড-19 সম্বন্ধীয় বহুকেইটা গুৰুত্বপূৰ্ণ বিষয়ত মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে ৷

তেওঁ কয় যে, ‘‘লক ডাউন বৃদ্ধি কৰা নকৰা সন্দৰ্ভত পৰৱৰ্তী এক সপ্তাহৰ ভিতৰত পুনৰ সিদ্ধান্ত গ্ৰহণ কৰা হ’ব ৷ প্ৰশাসনৰ সিদ্ধান্ত পলম হোৱা হ'লে মহানগৰীৰ পৰিৱেশ আৰু ভয়ংকৰ হ'লহেতেন ৷ আনুষ্ঠানিকভাৱে অসম পেণ্ডেমিকত প্ৰৱেশ কৰিছে ৷ ইয়াতকৈ আৰু বেয়া দিন দেখিবলৈ বাকী আছে ৷’’

ৰাজ্যত কোভিড-19 সন্দৰ্ভত চলা ভুৱা প্ৰচাৰক লৈ তেওঁ কয় যে, ‘‘অপপ্ৰচাৰত কোনেও ভোল নাযাব, আমাক বিশ্বাস কৰক আৰু কোভিড টেষ্ট কৰক ৷ আমি আপোনালোকক ভালকৈ ৰাখিম ৷ গুৱাহাটীত কৰ’ণাৰ শেহতীয়াৰ পৰিৱেশে স্বাস্থ্য বিভাগক উদ্বিগ্ন কৰি তুলিছে ৷ যিসকল ব্যক্তিয়ে কৰ’ণাক লৈ অপপ্ৰচাৰ চলাইছিল গুৱাহাটীৰ আজিৰ এই পৰিৱেশৰ বাবে তেওঁলোক দায়ী ৷’’

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল

‘‘কৰ’ণাক লৈ টুলুঙা মন্তব্য কৰি থকাসকলে গুৱাহাটী মেডিকেল কলেজ হাস্পতালৰ আইচিউ চাই আহিব পাৰে ৷ কিদৰে তিল-তিলকৈ মৃত্যুৰ ক্ষণ গণিব লগা হৈছে আক্ৰান্ত ৰোগীসকলে ৷ নিৰাপদ দূৰত্বত থাকি মানৱ সেৱাত সৰ্বোচ্চ বিসৰ্জন দিয়া লোকসকলক যিসকলে সমালোচনা কৰি আছে সেইসকলৰ মূল উদ্দেশ্য হৈছে ৰাজনীতি ৷ যিমানেই সমালোচনা কৰিব ৰাইজৰ বাবে সিমানেই দৃঢ়তাৰে কাম কৰি যাম’’ বুলি মন্ত্ৰী ড0 হিমন্ত বিশ্ব শৰ্মাই সদৰি কৰে এই কথা ৷

মহানগৰবাসীক আহ্বান জনাই তেওঁ কয় যে, ‘‘সকলো ৰাইজে আমাক বিশ্বাস কৰক ৷ আপোনালোকে ওলাই আহি টেষ্ট কৰক ৷ আপোনালোকক আমি ভালকৈ ৰাখিম ৷’’

তেওঁ আৰু সদৰি কৰে যে, ‘‘কামৰূপ মহানগৰ জিলাত ৮১,৯৭৯ গৰাকী লোকৰ টেষ্ট সম্পূৰ্ণ হৈছে ৷ বিগত দহ দিনত জিলাখনত ভ্ৰমণ বৃত্তান্ত নথকা ২৭৪১ গৰাকী লোক আক্ৰান্ত হৈছে ৷ টেষ্টত প্ৰায় 30 শতাংশ লোকৰ দেহত কৰ’ণা ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে ৷ কৰ’ণাত আক্ৰান্তৰ সংখ্যাৰ দ্ৰুত বৃদ্ধি প্ৰতি লক্ষ্য ৰাখি জিএমচিএইচত স্থাপন কৰা হৈছে প্লাজমা বেংক ৷ কৰ’ণাৰ পৰা সুস্থ হৈ উঠা চিকিৎসক ডা৹ লিথিকেশ ডি এছে দান কৰিছে প্লাজমা ৷’’

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল

জিএমচিএইচত ২৫ গৰাকী, এমএমচিএইচত ৫ গৰাকী, শিলচৰ মেডিকেল কলেজত ৫ গৰাকী, অসম চিকিৎসা মহাবিদ্যালয়ত ২ গৰাকী, যোৰহাট আৰু বৰপেটা চিকিৎসা মহাবিদ্যালয়ৰ আইচিইউত এগৰাকী কৰ’ণাত আক্ৰান্ত ৰোগী চিকিৎসাধীন হৈ আছে বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে ৷

‘‘দেহত কোনোধৰণৰ লক্ষণৰ উপস্থিতি ধৰা নপৰা কৰ’ণা ৰোগীসকলকো কোভিড কেয়াৰ চেণ্টাৰসমূহত ৰখা হৈছে ৷ তেওঁলোকক কোনো ঔষধ দিয়া নহয় ৷’’

বিগত এসপ্তাহ লক ডাউনৰ পিছত সোমবাৰৰ পৰা কামৰূপ(ম) জিলাত খোলা থাকিব গ্ৰোচাৰী দোকানসমূহ ৷ সোমবাৰৰ পৰা শুকুৰবাৰলৈ পুৱা ৯.৩০ বজাৰ পৰা ৪ বজালৈ গ্ৰোচাৰী দোকানসমূহ খোলা থাকিব ৷ গতিকে কোনো লোকে দোকানসমূহত যাতে ভিৰ নকৰে তাৰ বাবে আহ্বান জনায় মন্ত্ৰীগৰাকীয়ে ৷

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল

লগতে মন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে যে, ‘‘ইফালে আগন্তক সপ্তাহটো গুৰুত্বসহকাৰে লক ডাউন মানি চলিব লাগিব আৰু বুধবাৰ-বৃহস্পতিবাৰে লক ডাউন বৃদ্ধি হ’ব নে নহয় সেই সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰা হ’ব ৷ অৰ্থনীতি আৰু জীৱনৰ ওপৰত ভিত্তি কৰি পৰৱৰ্তী সিদ্ধান্ত গ্ৰহণ কৰা হ’ব ৷’’

লগতে পঢ়ক : ৰাইজৰ দুৰ্দশাৰ সময়ত সাংসদ আব্দুল খালেক পলাতক !

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.