ETV Bharat / state

গুৱাহাটীৰ এটা পেট্ৰ'ল পাম্পৰ বিশেষ পদক্ষেপ

author img

By

Published : Mar 18, 2020, 12:24 PM IST

Updated : Mar 18, 2020, 3:51 PM IST

কৰ'ণাৰ সংক্ৰমণৰ পৰা কৰ্মচাৰী সকলক ৰক্ষা কৰিবলৈ মহানগৰীৰ এখন পেট্ৰ'ল পাম্পৰ বিশেষ পদক্ষেপ। পেট্ৰ'ল পাম্পৰ এজনো কৰ্মচাৰী যাতে মাৰাত্মক কৰ'ণা ভাইৰাছৰ স্পৰ্শলৈ আহিব নোৱাৰে তাৰ বাবে পেট্ৰ'ল পাম্পৰ স্বত্বাধিকাৰীয়ে লৈছে গুৰুত্বপূৰ্ণ পদক্ষেপ।

গুৱাহাটীৰ এটা পেট্ৰল পাম্পৰ বিশেষ পদক্ষেপ

গুৱাহাটী, 18 মাৰ্চঃ সমগ্ৰ বিশ্বৰ লগতে ভাৰতবৰ্ষতো ত্ৰাসৰ সৃষ্টি কৰিছে মাৰাত্মক কৰ'ণা ভাইৰাছে । ভাৰতবর্ষৰ কেইবাখনো ৰাজ্যত ইতিমধ্যে মানুহৰ শৰীৰত কৰ'ণা ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে। বৰ্তমানলৈকে অসমত এজনো ব্যক্তি কৰ'ণাত আক্রান্ত হোৱা নাই যদিও অসমত যাতে কৰ'ণা ভাইৰাছে থিতাপি ল'ব নোৱাৰে তাৰ বাবে চৰকাৰ, প্ৰশাসনৰ লগতে সষ্টম হৈ পৰিছে ৰাইজ । মহানগৰীৰ লালগণেশৰ ভৰালী পেট্ৰ'ল পাম্পৰ স্বত্বাধিকাৰীয়ে পেট্ৰল পাম্পটোৰ কৰ্মচাৰীসকলে যাতে কৰ'ণা ভাইৰাছৰ স্পৰ্শলৈ আহিব নোৱাৰে তাৰ বাবে প্ৰতিজন কৰ্মচাৰীক প্ৰদান কৰিছে মাস্ক আৰু বিশেষ হাত মোজা । পেট্ৰল পাম্পত কৰ্মৰত কৰ্মচাৰীসকলে প্ৰতিদিনে বহু লোকৰ সংস্পৰ্শলৈ আহে ৷ সেয়েহে কৰ'ণা ভাইৰাছত আক্রান্ত কোনো ব্যক্তিৰ পৰা যাতে এই ভাইৰাছ পেট্ৰ'ল পাম্পৰ কৰ্মচাৰীৰ শৰীৰলৈ সংক্ৰমিত নহয় তাৰ ওপৰত বিশেষ গুৰুত্ব প্ৰদান কৰিছে পেট্ৰ'ল পাম্পটোৰ স্বত্বাধিকাৰীয়ে।

লগতে পঢ়কঃ কৰ’ণা ভাইৰাছৰ বাবে বহিঃৰাজ‍্যৰ যাত্ৰীৰ সুৰক্ষা সন্দৰ্ভত নজৰ ৰঙিয়া ৰে’ল বিভাগৰ

Last Updated : Mar 18, 2020, 3:51 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.