গুৱাহাটী, 19 এপ্ৰিলঃ তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযান তুংগত উঠিছে। ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ প্ৰচাৰ অভিযান চলাইছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । শুকুৰবাৰে ৭নং গুৱাহাটী লোকসভা সমষ্টিৰ কুইন ওজাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলালে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পশ্চিম গুৱাহাটীৰ উদয়ন খেল পথাৰৰ পৰা আজাৰা সভাঘৰলৈ গুৱাহাটী-গোৱালপাৰা সংযোগী ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথেৰে এক পথসভাত অংশগ্ৰহণ কৰে । তাৰপিছতে আজাৰাৰ সভাঘৰত এক বিশাল নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।
এই নিৰ্বাচনী সভাত হিমন্ত বিশ্ব শৰ্মাক সংগ দিয়ে পশ্চিম গুৱাহাটী সমষ্টিৰ অগপ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই । নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কুইন ওজা বৃহৎ ভোটৰ ব্যৱধানত জয়ী হ'ব বুলি মন্তব্য কৰে। লগতে বিজেপিৰ নিৰ্বাচনী গীতৰ তালে তালে পুনৰ নাচিলে বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।