ETV Bharat / state

বিশ্ব মীন দিৱসত দেশৰ ভিতৰতে উজলিল অসম

author img

By

Published : Nov 21, 2020, 10:40 PM IST

বিশ্ব মীন দিৱসত ৰাষ্ট্ৰীয় পৰ্যায়ত অসমৰ মীন বিভাগৰ ভিশেষ সফলতা ৷ নতুন দিল্লীত অনুষ্ঠিত বিশ্ব মীন দিৱসৰ অনুষ্ঠানত অসমে চাৰিটাকৈ পুৰস্কাৰ আঁজুৰি আনে ৷ শ্ৰেষ্ঠ ৰাজ্যৰ সন্মান লাভ কৰাৰ লগতে শ্ৰেষ্ঠ জিলা, শ্ৰেষ্ঠ অৰ্ধ-চৰকাৰী সংস্থা আৰু শ্ৰেষ্ঠ মৎস্যপালক শিতানত পুৰস্কৃত অসম ৷ মীন বিভাগৰ সমূহ বিষয়া-কৰ্মচাৰী আৰু প্ৰতিজন মৎস্যপালকক ৰাজ্যৰ মীন মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ ধন্যবাদ ৷

বিশ্ব মীন দিৱসত দেশৰ ভিতৰতে উজলিল অসম
বিশ্ব মীন দিৱসত দেশৰ ভিতৰতে উজলিল অসম

গুৱাহাটী, 21 নৱেম্বৰ: মৎস্যখণ্ডত দেখুওৱা উল্লেখনীয় সফলতাৰ স্বীকৃতি হিচাপে নতুন দিল্লীত অনুষ্ঠিত বিশ্ব মীন দিৱসত অসমে চাৰিটাকৈ পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে ৷ মৎস্যপালনৰ ক্ষেত্ৰত অসমে শ্ৰেষ্ঠ ৰাজ্যৰ সন্মান লাভ কৰাৰ লগতে শ্ৰেষ্ঠ জিলা, শ্ৰেষ্ঠ অৰ্ধ-চৰকাৰী সংস্থা আৰু শ্ৰেষ্ঠ মৎস্যপালক শিতানতো পুৰস্কৃত হৈছে ৷ মীন, দুগ্ধ আৰু পশুপালন বিভাগৰ কেন্দ্ৰীয় মন্ত্ৰী প্ৰতাপ চন্দ্ৰ সাৰাংগীয়ে আনুষ্ঠানিকভাৱে এই পুৰস্কাৰসমূহ প্ৰদান কৰে। শ্ৰেষ্ঠ ৰাজ্য হিচাপে অসম চৰকাৰৰ হৈ মীন বিভাগৰ আয়ুক্ত সচিব ৰাকেশ কুমাৰে পুৰস্কাৰ গ্ৰহণ কৰে ।

মীন দিৱস উপলক্ষে চাৰিটাকৈ পুৰস্কাৰ আঁজুৰি অসমৰ বিশেষ সফলতা

নগাঁও জিলাৰ মীন উন্নয়ন বিষয়া ডঃ ৰমেন্দ্ৰ চন্দ্ৰ বৰ্মনে শ্ৰেষ্ঠ জিলাৰ পুৰস্কাৰ গ্ৰহণ কৰাৰ পৰিৱৰ্তে শ্ৰেষ্ঠ মৎস্যপালক পুৰস্কাৰ লাভ কৰে নলবাৰী জিলাৰ সন্ধ্যৰ মৎস্যপালক অমল মেধিয়ে। আছাম এপেক্স কো-অপাৰেটিভ ফিছ মাৰ্কেটিং এণ্ড প্ৰচেছিং ফেডাৰেশ্যন লিমিটেডৰ পৰিচালন সঞ্চালকে শ্ৰেষ্ঠ অৰ্ধ-চৰকাৰী সংস্থাৰ পুৰস্কাৰ গ্ৰহণ কৰে ।

উল্লেখ্য যে শ্ৰেষ্ঠ ৰাজ্যৰ পুৰস্কাৰত আছিল নগদ 10 লাখ টকা, প্ৰমাণপত্ৰ আৰু স্মাৰক। একেদৰে শ্ৰেষ্ঠ জিলা আৰু শ্ৰেষ্ঠ অৰ্ধ চৰকাৰী সংস্থাৰ পুৰস্কাৰৰ ধনৰাশি আছিল ক্ৰমে নগদ 3 লাখ টকা আৰু 5 লাখ টকা । পাহাৰীয়া আৰু উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্য শিতানত শ্ৰেষ্ঠ মৎস্যপালকৰ সন্মান লাভ কৰা অমল মেধিয়ে নগদ 1 লাখ টকা লাভ কৰে ।

বিশ্ব মীন দিৱসত এনেদৰে চাৰিটাকৈ শিতানত সন্মান আঁজুৰি আনিবলৈ সমৰ্থ হোৱাত মীন বিভাগৰ সমূহ বিষয়া-কৰ্মচাৰী আৰু প্ৰতিজন মৎস্যপালকক ৰাজ্যৰ মীন মন্ত্ৰী পৰিমল শুক্লবৈদ্যই ধন্যবাদ জনাইছে । সকলোৰে সমূহীয়া প্ৰচেষ্টাৰ বাবে এয়া সম্ভৱ হৈছে বুলি উল্লেখ কৰিএই সাফল্যৰ আনন্দত বিভাগীয়ভাৱে এক বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হ’ব বুলিও মন্ত্ৰীগৰাকীয়ে সদৰী কৰে । ৰাষ্ট্ৰীয় পৰ্যায়ত এইয়া অসমৰ মীন বিভাগৰ এক উল্লেখনীয় সফলতা হিচাপে বিবেচিত হৈছে ।

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত অসমৰ মীন বিভাগে নতুন মাত্ৰা লাভ কৰা বাবেই বিশ্ব মীন দিৱসত ৰাষ্ট্ৰীয় পৰ্যায়ত অসম উজলি উঠিছে বুলিও মন্ত্ৰী শুক্লবৈদ্যই মন্তব্য কৰে । তেওঁ কয় যে 'এয়া হৈছে আমাৰ চৰকাৰে মীন বিভাগক গতিশীলতা প্ৰদান কৰাৰ জ্বলন্ত প্ৰমাণ । লগতে সমূহ অসমবাসীৰ সহায়-সহযোগিতাৰ বাবেহে এয়া সম্ভৱ হৈ পৰিছে । সেয়ে মই এই সন্মান সমূহ অসমবাসীৰ নামত উৎসৰ্গা কৰিছো । ’
লগতে পঢ়ক: তেলাংগানাত ভুৱা ডেটিং এপৰ জৰিয়তে ধন সৰকোৱা প্ৰৱঞ্চকৰ দল আটক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.