ETV Bharat / state

Withdraws AFSPA from Karbi Anglong: পশ্চিম কাৰ্বি আংলং জিলাৰ পৰা AFSPA প্ৰত্যাহাৰ

author img

By

Published : Oct 20, 2022, 7:33 PM IST

কাৰ্বি আংলং জিলাৰ বাবে সুখবৰ । অসম চৰকাৰে বৃহস্পতিবাৰে পশ্চিম কাৰ্বি আংলং জিলাৰ পৰা ‘অশান্ত অঞ্চল’ৰ নাম প্ৰত্যাহাৰ কৰে (Assam govt withdraws AFSPA from Karbi Anglong) । ৰাজ্যখনৰ আইন-শৃংখলা পৰিস্থিতিৰ ওপৰত শেহতীয়া পৰ্যালোচনা বৈঠকৰ পিছত এই সিদ্ধান্ত লোৱা হয় ।

Assam govt withdraws AFSPA from Karbi Anglong,  AFSPA Extended in 8 Districts
পশ্চিম কাৰ্বি আংলং জিলাৰ পৰা প্ৰত্যাহাৰ সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন

গুৱাহাটী, ২০ অক্টোবৰ: কাৰ্বি আংলং জিলাৰ বাবে সুখবৰ । অসমৰ এই পাহাৰীয়া জিলাখনৰ পৰা প্ৰত্যাহাৰ কৰা হৈছে সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন । অসম চৰকাৰে বৃহস্পতিবাৰে পশ্চিম কাৰ্বি আংলং জিলাৰ পৰা ‘অশান্ত অঞ্চল’ৰ নাম প্ৰত্যাহাৰ কৰে (Assam govt withdraws AFSPA from Karbi Anglong) । ৰাজ্যখনৰ আইন-শৃংখলা পৰিস্থিতিৰ ওপৰত শেহতীয়া পৰ্যালোচনা বৈঠকৰ পিছত এই সিদ্ধান্ত লোৱা হয় ।

চৰকাৰে জাৰি কৰা এক জাননীত কোৱা হৈছে যে শেহতীয়াকৈ অসমত আইন-শৃংখলা আৰু নিৰাপত্তা পৰিস্থিতিৰ পৰ্যালোচনাই ইংগিত দিছে যে ৰাজ্যখনৰ পশ্চিম কাৰ্বি আংলং জিলাত পৰিস্থিতি পূৰ্বতকৈ যথেষ্ট উন্নত হৈছে । যাৰ বাবেই সশস্ত্ৰ বাহিনী (বিশেষ ক্ষমতা) আইন, ১৯৫৮ৰ ধাৰা ৩ ৰ অধীনত প্ৰদান কৰা ক্ষমতা প্ৰয়োগ কৰি আৰু পূৰ্বৰ অধিসূচনাৰ অতিৰিক্ত অধিৱেশনত ৰাজ্যপালে অসমৰ পশ্চিম কাৰ্বি আংলং জিলাৰ পৰা অশান্ত অঞ্চলৰ নাম প্ৰত্যাহাৰ কৰে ।

ইয়াৰ পূৰ্বে পশ্চিম কাৰ্বি আংলং জিলাৰ উপৰি আন আঠখন জিলা আৰু এটা চাব-ডিভিজনক অশান্ত অঞ্চলৰ ভিতৰত ৰখা হৈছিল । সেই কেইখন হৈছে তিনিচুকীয়া, ডিব্ৰুগড়, চৰাইদেউ, শিৱসাগৰ, যোৰহাট, গোলাঘাট, কাৰ্বিআংলং, ডিমা হাচাও আৰু কাছাৰৰ লক্ষীপুৰ চাব-ডিভিজনৰ কিছু অংশ (AFSPA Extended in 8 Districts) । পশ্চিম কাৰ্বি আংলং জিলা অশান্ত অঞ্চলৰ মুক্ত হ'লেও কিন্তু বাকী আঠখন জিলা আৰু এটা চাব-ডিভিজন এতিয়াও অশান্ত অঞ্চল হিচাপে চিহ্নিত হৈ আছে । এই আঠখন জিলা আৰু কাছাৰ জিলাৰ লক্ষীপুৰ চাব-ডিভিজনত সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইনৰ ম্যাদ পুনৰ বৃদ্ধি কৰা হৈছে ৷

আগন্তুক ১ অক্টোবৰৰ পৰা ছমাহৰ বাবে সংশ্লিষ্ট এলেকাক পুনৰ ‘অশান্ত অঞ্চল’ বুলি ঘোষণা কৰা হৈছে । উল্লেখযোগ্য যে, বিগত মে’ মাহত দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ অহা অমিত শ্বাহে (Amit Shah in Guwahati) অসম আৰক্ষীলৈ ৰাষ্ট্ৰপতিৰ নিচান প্ৰদান অনুষ্ঠানত অংশগ্ৰহণ কৰি AFSPA সম্পৰ্কে গুৰুত্বপূৰ্ণ মন্তব্য কৰে । এই অনুষ্ঠানত অংশগ্ৰহণ কৰি শ্বাহে সমগ্ৰ অসমৰ পৰাই সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন (AFSPA) অতি শীঘ্ৰে প্ৰত্যাহাৰ কৰা হ'ব বুলি ঘোষণা কৰিছিল ।

মনকৰিবলগীয়া যে, কেন্দ্ৰীয় চৰকাৰে বিগত ২৮ ফেব্ৰুৱাৰীত পুনৰ ছয় মাহলৈ অসমক ‘অশান্ত অঞ্চল’ ৰূপে চিহ্নিত হৈ কৰি সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইনৰ ম্যাদ বৃদ্ধি কৰা হৈছে (AFSPA extended for six months in Assam) ৷ অৱশ্যে সশস্ত্ৰ বাহিনী (বিশেষ ক্ষমতা) আইন-১৯৫৮ প্ৰথমবাৰৰ বাবে ১৯৯০ চনৰ নৱেম্বৰত অসমত জাপি দিয়া হৈছিল আৰু তেতিয়াৰ পৰা ৰাজ্য চৰকাৰৰ পৰ্যালোচনাৰ পিছত প্ৰতি ছমাহৰ মূৰে মূৰে ইয়াৰ ম্যাদ বৃদ্ধি কৰি অহা হৈছে (Armed Forces SPecial Powers Act) ।

লগতে পঢ়ক: Assam Sahitya Sabha : সাহিত্য সভাৰ সভাপতি পদৰ বাবে য়েছে দৰজে ঠংচিৰ মনোনয়ন সংগ্ৰহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.